ৰঙাফুটৰ ক'লীয়া পখিলা ভাৰতত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ চাতকনেজীয়া (Swallowtail butterfly) পখিলাৰ প্ৰজাতি৷
বিৱৰণ

ৰঙাফুটৰ ক'লীয়া পখিলাৰ মতা পখিলাৰ বৰণ গাঢ় বেঙুনীয়া বা ক'লা৷ ইয়াৰ আগফালৰ পাখি (Fore wing)ত পথালিকৈ আঁচ কিছুমান থাকে৷ পিছফালৰ পাখি ( Hind wing)ত শেঁতা হালধীয়া বা বগা দাগ থাকে৷ পাখিৰ তলৰ ফালে বৰণ ধূসৰ ক'লা৷ ইয়াৰ এন্টিনা ক'লা আৰু মূৰ, থ'ৰাক্স আৰু পেট অংশৰ বৰণ গাঢ় মটিয়া ক'লা হোৱা দেখা যায়৷

মাইকী পখিলাজনী দেখাত মতা ৰঙাফুটৰ ক'লীয়া পখিলাৰ দৰেই৷ ইয়াৰ পাখিৰ ওপৰফালটোৰ বৰণ গাঢ় মটিয়া ক'লা৷ তলৰ অংশটো মতা পখিলাৰ পাখিৰ তলৰ অংশটোৰ দৰেই৷ কেৱল আগফালৰ পাখিৰ আঁচবোৰ মাইকীজনীৰ অধিক বহল আৰু শেঁতা বৰণীয়া হয়৷ ইয়াৰ এন্টিনাও ক'লা আৰু মূৰ, থ'ৰাক্স আৰু পেট অংশৰ বৰণ গাঢ় মটিয়া ক'লা .১
বিস্তৃতি
.]]
ৰঙাফুটৰ ক'লীয়া পখিলা পাকিস্তান, জম্মু-কাশ্মীৰ,গড়ৱাল হিমালয়, ছিক্কিম, অসম, বাংলাদেশ, বাৰ্মা, চীন, উত্তৰ ভিয়েটনাম, লাওছ, টাইৱান, উত্তৰ কোৰিয়া, দক্ষিণ কোৰিয়া আৰু জাপান আদি দেশত বিস্তৃত হৈ আছে৷
জীৱন-চক্ৰ
ইয়াৰ পলুৰ বৰণ হালধীয়া-সেউজীয়া হয়৷ ই প্ৰধানকৈ ' Zanthoxylum alatum." নামৰ উদ্ভিদৰ অংশ খাই জীয়াই থাকে৷
ৰঙাফুটৰ ক'লীয়া পখিলাৰ লেটা সাধাৰণতে সেউজীয়া হোৱা দেখা যায়৷
স্থিতি
বৰ্তমানলৈকে ৰঙাফুটৰ ক'লীয়া পখিলা বিপদমুক্ত হৈ আছে ২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঙাফুটৰ ক'লীয়া পখিলা” প্ৰবন্ধৰ সংশোধন ৪০০৩৩৬ (৩ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।