৬ ফেব্ৰুৱাৰী (ইংৰাজী: 6 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৭তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৮টা দিন (অধিবৰ্ষত ৩২৯টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
জন্ম
- ১৯২২ - এম. কে. বিনোদিনী দেৱী, ভাৰতীয় ঔপন্যাসিক, চুটিগল্প লেখক, নাট্যকাৰ তথা চিত্ৰনাট্যকাৰ।
- ১৯৫৫ - সমীৰ তাঁতী, অসমীয়া কবি, কথাশিল্পী, চিত্ৰকৰ তথা সমাজকৰ্মী।
মৃত্যু
- ১৯৩১ - মতিলাল নেহৰু, ভাৰতীয় অধিবক্তা। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পিতৃ।
- ১৯৪৬ - উপেন্দ্ৰনাথ ব্ৰহ্মচাৰী, ভাৰতীয় বিজ্ঞানী, অধ্যাপক আৰু চিকিৎসক।
- ১৯৬৪ - ৰাজকুমাৰী অমৃত কৌৰ, ভাৰতৰ প্ৰথম স্বাস্থ্যমন্ত্ৰী।
- ১৯৭৬ - ঋত্বিক ঘটক, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু নাট্যকাৰ।
- ১৯৮৫ - জেমছ হেডলি ছেজ, ইংৰাজ লেখক।
- ২০২২ - লতা মংগেশকাৰ, ভাৰতৰ নেপথ্য গায়িকা।
দিৱস
- ৱেইটাংগি দিৱস (নিউজিলেণ্ড)।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৬ ফেব্ৰুৱাৰী” প্ৰবন্ধৰ সংশোধন ৫৭৪৫৫৬ (৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।