অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৫ অক্টোবৰ

আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

হালনাগাদ: ১১ মাৰ্চ ২০২৪ ২৮১ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

ঘটনাৱলী

  • ১৮৬৪ - ভাৰতৰ কলকাতাৰ বেছিভাগ অঞ্চল ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ দ্বাৰা প্লাবিত আৰু ধ্বংস হৈছিল। এই ঘূৰ্ণীবতাহক ১৮৬৪ চনৰ কলিকতা ঘূৰ্ণীবতাহ বুলি অভিহিত কৰা। এই ধুমুহাৰ ফলত ৬০,০০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল।
  • ১৯১০ - পৰ্তুগালৰ এক বিপ্লৱত ৰাজতন্ত্ৰৰ সমাপ্তি ঘটে আৰু গণৰাজ্য ঘোষণা কৰা হয়।
  • ১৯৬২ - ইয়ান ফ্লেমিংৰ 'ডক্টৰ ন'' উপন্যাসৰ ওপৰত আধাৰিত জেমছ বণ্ড চলচ্চিত্ৰ শৃংখলাৰ প্ৰথম খন চলচ্চিত্ৰ ব্ৰিটেইনত মুক্তি লাভ কৰে।
  • ১৯৮৮ - ব্ৰাজিলৰ সংবিধান সভাই তেওঁলোকৰৰ সংবিধানৰ অনুমোদন জনায়।
  • ২০১১ - ভাৰতত বিশ্বৰ আটাইতকৈ সস্তা ২২৫০ টকাৰ টেবলেট পিচি আকাশ মুকলি কৰা হৈছিল।

জন্ম

  • ১৫২৪ - ৰাণী দুৰ্গাৱতী, গোণ্ডৰ ৰাণী, ভাৰতৰ ইতিহাসৰ এগৰাকী প্ৰসিদ্ধ বীৰাংগনা।
  • ১৮৮২ - ৰবাৰ্ট হাচিংছ গ'ডাৰ্ড, এজন আমেৰিকান অভিযন্তা, অধ্যাপক, পদাৰ্থবিজ্ঞানী আৰু আৱিষ্কাৰক আছিল। তেখেতক পৃথিৱীৰ প্ৰথম তৰল-ইন্ধনযুক্ত ৰকেট সৃষ্টি আৰু নিৰ্মাণকৰাৰ কৃতিত্ব দিয়া হয়। (জঃ আগষ্ট ১০, ১৯৪৫)
  • ১৯০৩ - মেৰিয়ন কিং হুবাৰ্ট, আমেৰিকান ভূতাত্ত্বিক আৰু ভূ-পদাৰ্থবিজ্ঞানী। তেওঁ 'হুবাৰ্ট পিক থিয়ৰী'ৰ (Hubbert peak theory) বাবে জনাজাত। (জঃ ১১ অক্টোবৰ, ১৯৮৯)
  • ১৯২৩ - কৈলাশপতি মিশ্ৰ, এজন ৰাজনীতিবিদ আৰু গুজৰাটৰ ৰাজ্যপাল আছিল।
  • ১৯৫২ - ইমৰান খান, পাকিস্তানৰ ক্ৰিকেটাৰ তথা প্ৰধানমন্ত্ৰী।
  • ১৯৬৩ - আদিল হুছেইন, অসমৰ এগৰাকী প্ৰসিদ্ধ মঞ্চ, দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেতা।
  • ১৯৭৫ - কেট ৱিনস্লেট, ব্ৰিটিছ অভিনেত্ৰী, আৰ. এম. এছ. টাইটানিক আৰু ৰিভলিউচনৰী ৰোড কথাছবিৰ বাবে বিখ্যাত, ইংলেণ্ডৰ বাৰ্কশায়াৰৰ ৰিডিঙত জন্মগ্ৰহণ কৰিছিল।

মৃত্যু

  • ৫৭৮ - জাষ্টিন দ্বিতীয়, বাইজেন্টাইন সম্ৰাট। (জন্মঃ ৫২০)
  • ১০৫৬ - হেনৰী তৃতীয়, ৰোমান সম্ৰাট। (জন্মঃ ১০১৬)
  • ১২৮৫ - ফিলিপ তৃতীয়, ফ্ৰান্স ৰজা।
  • ১৮০৫ - লৰ্ড কৰ্ণৱালিছ, ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ দ্বিতীয় গৱৰ্ণৰ আছিল।
  • ২০১১ - ষ্টিভ জবছ, তেওঁ এপ'ল আই এন চিৰ অধ্যক্ষ, মুখ্য কাৰ্যবাহী বিষয়া (চিইও) আৰু সহ-প্ৰতিষ্ঠাপক আছিল।

দিৱস

বাহ্যিক সংযোগ


সম্পৰ্কিত শ্ৰেণী

অক্টোবৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৫ অক্টোবৰ” প্ৰবন্ধৰ সংশোধন ৪১০৯১০ (১১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।