অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৬ আগষ্ট

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ২৫ আগষ্ট ২০২৩ ২৫৭ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ৫৫ খ্ৰীষ্টপূৰ্ব - ইংলেণ্ডত প্ৰথমবাৰৰ বাবে জুলিয়াছ ছিজাৰে পদাৰ্পন কৰিছিল।
  • ১৩০৩ - আলাউদ্দিন খিলিজীয়ে চিতোৰ দুৰ্গ দখল কৰে।
  • ১৯০৭ - ভাৰতৰ প্ৰসিদ্ধ লো-তীখা কোম্পানী 'টাটা আইৰন এণ্ড ষ্টীল কোম্পানী’ পঞ্জীয়নভুক্ত হয়।
  • ১৯৪৩ - আনুষ্ঠানিকভাৱে আজাদ হিন্দ ফৌজৰ জন্ম হয়।
  • ২০০২ - প্ৰচাৰ ভাৰতীত থলুৱা যুৱকক নিযুক্তিৰ ক্ষেত্ৰত প্ৰৱঞ্চনাৰ অভিযোগত ডী ডী অসমত বিক্ষোভৰ সৃষ্টি হয়। এই বিক্ষোভৰ ফলত প্ৰায় পোন্ধৰ লাখ টকাৰ ক্ষতি সাধন হয়।

জন্ম

  • ১৬৭৬ - ৰবাৰ্ট ৱালপ'ল, ব্ৰিটেইনৰ প্ৰথম প্ৰধানমন্ত্ৰী।
  • ১৭৪৩ - এণ্টনী ল’ৰেণ্ট লেভ’ইছিয়েৰ, আধুনিক ৰসায়ন শাস্ত্ৰৰ বাটকটীয়া ফৰাচী বিজ্ঞানী।
  • ১৮৭৩ - লী ডি ফৰেষ্ট, বিজ্ঞানী, ট্ৰায়ড আৰু ফোন'ফিল্মৰ উদ্ভাৱক।
  • ১৯০৬ - এলবাৰ্ট ছাবিন, চিকিৎসা বিজ্ঞানী, মুখেৰে খোৱা পলিঅ' প্ৰতিষেধকৰ উদ্ভাৱক।
  • ১৯১০ - মাদাৰ টেৰেছা, 'মিছনেৰীজ অফ চেৰিটি'ৰ প্ৰতিষ্ঠাতা তথা ভাৰতৰত্ন সন্মানেৰে বিভূষিত। তাইৰ যুগোশ্লাভিয়াৰ আদ্ৰিয়াটিক সাগৰৰ পাৰত স্কোপজে চহৰত জন্ম হৈছিল।
  • ১৯২১ - মেক্সিম ফেগেট, আমেৰিকান মহাকাশযানৰ অভিযন্তা।
  • ১৯৫৬ - মেনকা গান্ধী, ভাৰতীয় ৰাজনীতিবিদ তথা পশু অধিকাৰ কৰ্মী তথা পৰিৱেশবিদ।
  • ১৯৫৯ - কেথৰিন পি হায়াৰ, নাছাৰ মহিলা মহাকাশচাৰী।
  • ১৯৬৮ - মধুৰ ভাণ্ডাৰকৰ, কথাছবি নিৰ্মাতা আৰু পৰিচালক।
  • ১৯৭৩ - ইন্দৰ কুমাৰ, বলীউডৰ অভিনেতা। (মৃ্ঃ ১৮ জুলাই, ২০১৭)

মৃত্যু

  • ১৭১৩ - ডেনিছ পাপিন (Denis Papin), পদাৰ্থ বিজ্ঞানী, প্ৰেচাৰ কুকাৰৰ উদ্ভাৱক।
  • ১৭২৩ - লিউৱেনহুক, ডাচ্ছ্ বিজ্ঞানী, প্ৰথমজন অণুজীৱ বিজ্ঞানী, অণুজীৱ বিজ্ঞান বা মাইক্ৰ'বায়'লজিৰ পিতৃপুৰুষ, বেক্টেৰিয়া আৰু অণুবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰক।
  • ১৮৫০ - লুইছ-ফিলিপ-১, ফ্ৰান্সৰ ৰজা।
  • ১৯০৮ - ফ্ৰেইড্ৰিক মেইচছাৰ (Friedrich Miescher), চুইছ জীৱ বিজ্ঞানী, নিউক্লিক এছিডৰ আৱিষ্কাৰক।
  • ১৯১০ - ৱিলিয়াম জেমছ, আমেৰিকাৰ প্ৰখ্যাত দাৰ্শনিক আৰু মনোবিজ্ঞানী।
  • ২০১২ - অৱতাৰ কিষাণ হাঙ্গল, স্বাধীনতা সংগ্ৰামী আৰু অভিনেতা।

দিৱস

বাহ্যিক সংযোগ


সম্পৰ্কিত শ্ৰেণী

আগষ্ট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৬ আগষ্ট” প্ৰবন্ধৰ সংশোধন ৩৭৫৫৬১ (২৫ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।