ঘটনাৱলী
- ১৩৯৬ - ডানয়ুব নদীৰ পাৰত নিক'প'লিছ যুদ্ধ (Battle of Nicopolis) সংঘটিত হয়।
- ১৪৯৩ - ক্ৰিষ্টোফাৰ কলম্বাছে দ্বিতীয় সমূদ্ৰ যাত্ৰা আৰম্ভ কৰে। ১
- ১৫২৪ - পৰ্তুগালৰ ৰাজপ্ৰতিনিধি ৰূপে বিশিষ্ট নৌ অভিযাত্ৰী ভাস্কো দা গামা তৃতীয় তথা অন্তিম বাৰৰ বাবে ভাৰতত উপস্থিত হয়।
- ১৯৬৯ - ইছলামী সহযোগিতা সংস্থা (Organisation of Islamic Cooperation) প্ৰতিষ্ঠা হয়।
জন্ম
- ১৮৬৬ - টমাছ হাণ্ট মৰ্গান, আমেৰিকান জীৱ বিজ্ঞানী, ১৯৩৩ চনত তেখেতে চিকিৎসা বিজ্ঞানত ন'বেল বঁটা লাভ কৰিছিল।
- ১৮৯৭ - ৱিলিয়াম ফকনাৰ, আমেৰিকান উপন্যাসিক।
- ১৯১৬ - দীনদয়াল উপাধ্যায়, এজন ভাৰতীয় ৰাজনীতিক আৰু বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্বসূৰী ভাৰতীয় জন সংঘৰ এজন গুৰুত্বপূৰ্ণ নেতা আছিল। (জঃ ১১ ফ্ৰেব্ৰুৱাৰী, ১৯৬৮)
- ১৯২০ - সতীশ ধৱন, ভাৰতীয় গণিতজ্ঞ, অভিযন্তা আৰু মহাকাশ বিজ্ঞানী।
- ১৯৬৮ - ৱিল স্মিথ, হলীউডৰ অভিনেতা।
- ১৯৬৯ - কেথেৰিন জেটা জ'নছ (Catherine Zeta-Jones), ইংৰাজ অভিনেত্ৰী।
মৃত্যু
- ১৯৭০ - এৰিক মাৰিয়া ৰেমাৰ্ক, প্ৰথম বিশ্বযুদ্ধৰ সৈনিক তথা খ্যাতনামা লেখক, ছুইজাৰলেণ্ডত মৃত্যু হয়।
- ২০০৬ - চ'ফিয়া মুৰাট'ভা (Sofia Muratova), অলিম্পিকত ৮টা সোণৰ পদক পোৱা ৰাছিয়ান মহিলা জিমনাষ্টিক খেলুৱৈ।
- ২০১১ - ৱাংগাৰী মাথাই (Wangari Maathai), কেনিয়াৰ পৰিৱেশ আৰু সমাজকৰ্মী। শান্তিৰ ন'বেল বঁটা পোৱা প্ৰথম আফ্ৰিকান মহিলা।
- ২০২০ - এছ. পি. বালসুব্ৰমনিয়ম, ভাৰতীয় সংগীত শিল্পী।
- ২০২১ - কমলা ভাচিন, ভাৰতীয় প্ৰগতিশীল নাৰীবাদী কৰ্মী, কবি, লেখক আৰু সমাজ বিজ্ঞানী।
দিৱস
- ৰাষ্ট্ৰীয় যুৱ দিৱস (নাউৰু)।
- সশস্ত্ৰ বাহিনী দিৱস (মোজাম্বিক)
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Bergreen, Lawrence. (2011). Columbus: The Four Voyages, 1493–1504. Penguin Group US. ISBN 978-1101544327
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৫ ছেপ্টেম্বৰ” প্ৰবন্ধৰ সংশোধন ৩৯৩২৩২ (২৫ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।