২০২২ চনৰ ২৮ জুলাইৰ পৰা ৮ আগষ্টলৈকে ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত হোৱা ২০২২ কমনৱেলথ গেমছত ভাৰতে সফলতাৰে অংশগ্ৰহণ কৰে।১ কমনৱেলথ গেমছত এয়া আছিল ভাৰতৰ ১৮ সংখ্যক অংশগ্ৰহণ।
২০২২ চনৰ জুলাই মাহত কমনৱেলথ গেমছৰ ১৬টা বিভাগত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ১০৬ জন পুৰুষ খেলুৱৈ আৰু ১০৪ গৰাকী মহিলা খেলুৱৈৰে গঠিত এটা দল প্ৰেৰণ কৰা হৈছিল।২ এই গেমছত ভাৰতে ৩x৩ বাস্কেটবল, বিচ ভলীবল, নেটবল আৰু ৰাগবী চেভেনছত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। ভাৰতীয় পেৰা এথলীটসকলে এথলেটিকছ, পেৰা পাৱাৰলিফটিং, ছুইমিং আৰু টেবুল টেনিছৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।
প্ৰতিযোগিতাৰ আৰম্ভণী অনুষ্ঠানত ভাৰতীয় হকী খেলুৱৈ মনপ্ৰীত সিং আৰু বেডমিণ্টন খেলুৱৈ পি. ভি. সিন্ধুৱে দেশৰ ৰাষ্ট্ৰীয় পতাকা বহন কৰে।৩৪ মাত্ৰ ১৪ বছৰ বয়সৰ স্কোয়াছ খেলুৱৈ অনাহত সিঙ বৰ্তমানলৈকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়।৫ ৪৫ বছৰীয়া লন বলৰ খেলুৱৈ সুনীল বাহাদুৰ আছিল এই দলটোৰ আটাইতকৈ বয়সস্থ খেলুৱৈ। ভাৰতৰ হৈ প্ৰতিযোগিতাখনত প্ৰথমটো পদক লাভ কৰে শংকেত সৰগাৰে। তেওঁ ভাৰোত্তোলনত ৰূপৰ পদক লাভ কৰে।
২০২২ কমনৱেলথ গেমছত দেশৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰে সাইখোম মীৰাবাই চানুৱে।৬
মহিলাৰ চাৰিজনীয়া লন বল দলে সোণৰ পদক লাভ কৰাৰ পিছত লন বলত ভাৰতে প্ৰথমবাৰৰ বাবে পদক লাভ কৰিবলৈ সক্ষম হয়, আৰু লগতে পুৰুষ চাৰিজনীয়া লন বল দলে ৰূপৰ পদক লাভ কৰে। টেবুল টেনিছত শৰৎ কমলে চাৰিটা (৩টা সোণ আৰু ১টা ৰূপ) পদক লাভ কৰে।
তথ্যসূত্ৰ
- ↑ (1 January 2022). Looking ahead, what 2022 can potentially unveil in sport. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ. Indian Express Limited
- ↑ (7 July 2022). India Names 210-Member Athlete Contingent For Commonwealth Games. NDTV
- ↑ (27 July 2022). PV Sindhu named India's flagbearer. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (28 July 2022). Manpreet Singh named Team India male flagbearer for Commonwealth Games 2022 opening ceremony. www.sportstar.thehindu.com/. দ্য হিন্দু
- ↑ (July 29, 2022). Commonwealth Games 2022: 14-year-old Anahat Singh off to winning start in women’s squash. India Today
- ↑ Roy, Tanushree. (July 31, 2022). Indian Celebs praise Mirabai Chanu for winning gold medal in CWG 2022. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০২২ কমনৱেলথ গেমছত ভাৰত” প্ৰবন্ধৰ সংশোধন ৫৯৯৯৬০ (৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।