ডেনমাৰ্কৰ ব্যক্তি
৯ প্ৰবন্ধ
-
নিলছ্ ব'ৰ
নিলছ্ হেনৰিক ডেভিদ ব'ৰ (Niels Henrik David Bohr; ৭ অক্টোবৰ ১৮৮৫ – ১৮ নৱেম্বৰ ১৯৬২) এগৰাকী প্ৰখ্যাত ডেনিছ পদাৰ্থবিজ্ঞানী আছিল। ব'ৰে পৰমাণুৰ গঠন আৰু কোৱাণ্টাম তত্ত্বৰ ক্ষেত্ৰখনত মৌলিক অৱদান আগবঢ়াইছিল যাৰ বাবে তেওঁ ১৯২২ চনত পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
-
হান্স ক্ৰিশ্চিয়ান এণ্ডাৰছন
হান্স ক্ৰিশ্চিয়ান এণ্ডাৰছন (২ এপ্ৰিল ১৮০৫ – ৪ আগষ্ট ১৮৭৫) এজন ডেনিছ লেখক আছিল। যদিও তেওঁ নাটক, ভ্ৰমণ বিৱৰণ, উপন্যাস আৰু কবিতা লিখিছিল, তেওঁ মূলত তেওঁৰ সাধুকথাবোৰৰ বাবে পৰিচিত। তেওঁৰ সাধুকথাবোৰ ৯খন খণ্ডত ১৫৬টা কাহিনী সংকলিত ৰূপত প্ৰকাশ পায় আৰু ১২৫টাতকৈও অধিক ভাষালৈ অনুবাদ কৰা হৈছে।
-
অজলেম চেকিচ
অজলেম চাৰা চেকিচ (জন্ম: ৭ মে’ ১৯৭৬) এগৰাকী ডেনিছ-কুৰ্ডাছ প্ৰাক্তন ৰাজনীতিবিদ আৰু চচিয়েলিষ্ট পিপলছ পাৰ্টিৰহৈ ডেনমাৰ্কৰ সংসদৰ প্ৰাক্তন সদস্য। বৰ্তমান তেওঁ 'ব্ৰুবিগাৰ্নে' (চেণ্টাৰ ফৰ ডাইলগ কফি) নামৰ সংস্থাটোৰ সাধাৰণ সম্পাদিকা।
-
ইংগা আৰভাড
ইংগা মেৰী আৰভাড পিটাৰছন (ইংৰাজী: Inga Arvad; জন্ম: ৬ অক্টোবৰ ১৯১৩ – মৃত্যু: ১২ ডিচেম্বৰ ১৯৭৩) এগৰাকী ডেনিছ-আমেৰিকান সাংবাদিক আছিল। তেওঁ ১৯৩৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত এডল্ফ হিটলাৰৰ অতিথি আছিল আৰু ১৯৪১ চনৰপৰা ১৯৪২ চনলৈ জন এফ কেনেডীৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল।
-
ইউটে ষ্টেনছগাৰ্ড
ইউটে ষ্টেনছগাৰ্ড (ইংৰাজী: Yutte Stensgaard; জন্ম: ১৪ মে' ১৯৪৬) এগৰাকী ডেনমাৰ্কৰ অভিনেত্ৰী। তেওঁ ডেনমাৰ্কৰ জুটলেণ্ডৰ থিষ্টেডত জন্মগ্ৰহণ কৰিছিল। তেওঁ মূলতঃ 'হামাৰ ফিল্ম প্ৰডাকচন'ৰ লাষ্ট ফৰ এ ভেম্পায়াৰ (১৯৭১) নামৰ চিনেমাখনত কৰা অভিনয়ৰ বাবে জনাজাত।
-
ইজাবেল জুনট
ইজাবেল জুনট, মাৰ্চিঅ’নেছ ডি কিউবাছ (ইংৰাজী: Isabelle Junot, Marchioness de Cubas; জন্ম: ১৮ এপ্ৰিল ১৯৯১) এগৰাকী ফৰাচী-ডেনিছ আৰু স্পেনিছ অভিজাত মহিলা, অভিনেত্ৰী আৰু ব্যৱসায়ী।
-
নিনা আগডাল
নিনা ব্ৰহুছ আগডাল পল (ইংৰাজী: Nina Brohus Agdal Paul; জন্ম: ২৬ মাৰ্চ ১৯৯২) এগৰাকী ডেনিছ মডেল। তেওঁ স্প'ৰ্টছ ইলাষ্ট্ৰেটেড ছুইমছুট ইশ্বুত অভিনয়ৰ বাবে তেওঁ পৰিচিত। ২০১৪ চনত তেওঁ আলোচনীখনৰ ৫০বছৰীয়া জয়ন্তীৰ কভাৰত ক্ৰীচি টেইগেন আৰু লিলি এলড্ৰিজৰ সৈতে অভিনয় কৰে।
-
হান্স খ্ৰীষ্টিয়ান গ্ৰাম
হান্স খ্ৰীষ্টিয়ান জোৱাচিম গ্ৰাম (Hans Christian Gram; ১৩ ছেপ্টেম্বৰ ১৮৫৩ – ১৪ নৱেম্বৰ ১৯৩৮) এগৰাকী ডেনিছ বীজাণুবিদ, ঔষধবিজ্ঞানী আৰু অণুজীৱবিদ। তেওঁক গ্ৰেট গ্ৰাম ষ্টেইনৰ উন্নীতকৰণত আগবঢ়োৱা অৱদানৰ বাবে বিশেষ ভাবে জনাজাত। গ্ৰাম ষ্টেইন এবিধ ৰঞ্জক।
-
হেলেনা ক্ৰীষ্টেনচেন
হেলেনা ক্ৰীষ্টেনচেন (ইংৰাজী: Helena Christensen; জন্ম: ২৫ ডিচেম্বৰ ১৯৬৮) এগৰাকী ডেনিছ ফেশ্বন মডেল। তেওঁ পূৰ্বৰ ভিক্টোৰিয়াছ ছিক্ৰেট এঞ্জেল, নাইলন আলোচনীৰ সহ-প্ৰতিষ্ঠাপক তথা মূল সৃষ্টিশীল পৰিচালক আছিল।