অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

হেলিৰ ধুমকেতু

হেলিৰ ধুমকেতু (ইংৰাজী: Halley's Comet), আনুষ্ঠানিকভাৱে 1P/Halley, হৈছে প্ৰতি ৭৫–৭৬ বছৰৰ মূৰে মূৰে পৃথিৱীৰ পৰা দেখা পোৱা এটা কম সময়ৰ ধুমকেতু। হেলিৰ ধুমকেতু হৈছে একমাত্ৰ জ্ঞাত হ্ৰস্বকালীন ধুমকেতু, যিটো পৃথিৱীৰ পৰা খালী চকুৰে দেখা পোৱা একমাত্ৰ ধুমকেতু যিটো মানুহৰ জীৱনত দুবাৰকৈ দেখা যায়।

হালনাগাদ: ১৭ মে’ ২০২৫ ১১৬ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

হেলিৰ ধুমকেতু (ইংৰাজী: Halley's Comet), আনুষ্ঠানিকভাৱে 1P/Halley, হৈছে প্ৰতি ৭৫–৭৬ বছৰৰ মূৰে মূৰে পৃথিৱীৰ পৰা দেখা পোৱা এটা কম সময়ৰ ধুমকেতু।১২ হেলিৰ ধুমকেতু হৈছে একমাত্ৰ জ্ঞাত হ্ৰস্বকালীন ধুমকেতু, যিটো পৃথিৱীৰ পৰা খালী চকুৰে দেখা পোৱা একমাত্ৰ ধুমকেতু যিটো মানুহৰ জীৱনত দুবাৰকৈ দেখা যায়।৩ সৌৰজগতৰ অভ্যন্তৰীণ অংশত হেলিৰ ধুমকেতুটো শেষবাৰৰ বাবে দেখা গৈছিল ১৯৮৬ চনত আৰু ইয়াৰ পিছত আকৌ দেখিবলৈ পোৱা যাব ২০৬১ চনৰ মাজভাগত।

হেলিৰ ধুমকেতুৰ অন্তৰ্নিহিত সৌৰজগতলৈ সময়ে সময়ে ঘূৰি অহাটো খ্ৰীষ্টপূৰ্ব কমেও ২৪০ চনৰ পৰাই বিশ্বৰ জ্যোতিৰ্বিজ্ঞানীসকলে পৰ্যবেক্ষণ আৰু নথিভুক্ত কৰি আহিছে। কিন্তু ১৭০৫ চনত ইংৰাজ জ্যোতিৰ্বিজ্ঞানী এডমাণ্ড হেলীৰ আগলৈকে কোনেও উপলব্ধি কৰা নাছিল যে এই আবিৰ্ভাৱবোৰ আচলতে একেটা ধুমকেতুৰ পুনৰ আবিৰ্ভাৱ মাত্ৰ। এই আৱিষ্কাৰৰ বাবেই এই ধুমকেতুটো হেলিৰ ধুমকেতু নামেৰে নামকৰণ কৰা হৈছে।৪

তথ্যসূত্ৰ

  1. ↑ ১পি/হেলি. কমেটোগ্ৰাফি.কম
  2. ↑ ইয়োম্যানস, ডোনাল্ড কেইথ; কিয়াং, তাও. (১ ডিচেম্বৰ ১৯৮১). The Long-Term Motion of Comet Halley. Monthly Notices of the Royal Astronomical Society. পৃ. ৬৩৩–৬৪৬
  3. ↑ Delehunty, Mark. Comets, Awesome Celestial Objects. Astronomy Today
  4. ↑ (১৭০৫). A Synopsis of the Astronomy of Comets by Edmund Halley, Savilian Professor of Geometry, at Oxford; and Fellow of the Royal Society. Translated from the Original, Printed at Oxford. জন ছেনেক্স

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেলিৰ ধুমকেতু” প্ৰবন্ধৰ সংশোধন ৫০৯৭৩৪ (১৭ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।