হেনটাই (Hentai) হৈছে জাপানীজ পৰ্ণগ্ৰাফিক এনিমে আৰু মাংগাৰ এক শৈলী। জাপানী মূলৰ এই শব্দটোৱে (変態) প্ৰচাৰ মাধ্যমৰ কোনো ধাৰাক বৰ্ণনা নকৰে, বৰঞ্চ ই এটা অস্বাভাৱিক যৌন ইচ্ছা বা কাৰ্য্যক প্ৰতিনিধিত্ব কৰে। 'Hentai seiyoku' (変態性欲, "যৌন বিকৃতি")ৰ সংক্ষিপ্ত ৰূপ হিচাপে এই শব্দটো এনে বিকৃত যৌন ইচ্ছা আৰু কাৰ্য্য ধাৰণ কৰা বা কৰা ব্যক্তিক বুজাবলৈ ব্যৱহাৰ কৰা হয়। এনিমে আৰু মাংগাৰ উপৰিও হেনটাইৰ প্ৰভাৱ বিভিন্ন মাধ্যমত বিদ্যমান, য'ত আৰ্টৱৰ্ক আৰু ভিডিঅ' গেম (সাধাৰণতে ইৰ'জে বুলি জনা যায়)কে ধৰি বিভিন্ন মাধ্যমত এই শৈলী ব্যৱহাৰ হয়।
যৌনতাৰ প্ৰতি জাপানীজ সাংস্কৃতিক আৰু ঐতিহাসিক মনোভাৱৰ দ্বাৰা হেনটাইৰ বিকাশ প্ৰভাৱিত হৈছে। স্ব-প্ৰকাশিত হেনটাইৰ সৃষ্টিসমূহে ডৌজিনছিকে ধৰি ডৌজিন ৰচনাৰ বজাৰৰ এক উল্লেখযোগ্য অংশ গঠন কৰে। আনকি বিভিন্ন ধৰণৰ যৌন কাৰ্য্য আৰু সম্পৰ্কৰ লগতে নতুন ফেটিছৰ চিত্ৰণ কৰা অসংখ্য উপশৈলীৰ অস্তিত্বও বিদ্যমান।
ইতিহাস
যিকোনো কামুক চিত্ৰণ হিচাপে হেনটাইৰ ব্যৱহাৰৰ লগে লগে এই চিত্ৰকল্পৰ ব্যৱহাৰ জাপানী মিডিয়াত বিয়পি পৰে। ১৯৭৯ চনত আজুমা হিদেওচ চাইবেল প্ৰকাশৰ পিছত এই আইকনিক শৈলীক প্ৰতিনিধিত্ব কৰিবলৈ জাপানী শিল্পকৰ্ম আৰু কমিকছে হেনটাই শৈলীৰ ব্যৱহাৰ আৰম্ভ কৰে।১ ১৯৩২ চনত হাকুছান কিমুৰাৰ চুজুমি-বুনে ছবিত হেনটাই এনিমেচন প্ৰথমবাৰৰ বাবে ব্যৱহাৰ হৈছিল, এই ছবিখনৰ কাম আধা সম্পূৰ্ণ হোৱাৰ পিছতে আৰক্ষীয়ে জব্দ কৰে। ছবিখনৰ অৱশিষ্ট অংশ একবিংশ শতিকাৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ কেন্দ্ৰক দান কৰা হৈছিল।২ অৱশ্যে জনসাধাৰণে চাবপৰাকৈ ছবিখনে মুক্তি লাভকৰা নাই।৩ ১৯৬৯ চনৰ ৱান থাউজেণ্ড এণ্ড ৱান আৰবিয়ান নাইটছৰ কামোদ্দীপক আৰু যৌন চিত্ৰণ আৰু ১৯৭০ চনৰ ক্লিওপেট্ৰা ছবিৰ উদং বুকুৰ ক্লিওপেট্ৰাক উপেক্ষা কৰিলে ১৯৮৪ চনত মুক্তি পোৱা ৱাণ্ডাৰকিডৰ ল'লিটা এনিমেখনেই হৈছে প্ৰথমখন প্ৰকাশিত হেনটাই৪। ইৰ’টিক গেমছ হৈছে এই শৈলীৰ আন এক বিতৰ্কৰ ক্ষেত্ৰ, ১৯৮৫ চনৰ টেনশ্বিটাচি ন’ গগোত যৌন কাৰ্য্যক চিত্ৰিত কৰা শিল্প শৈলীৰ প্ৰথমটো ক্ষেত্ৰ উপলব্ধ। এই প্ৰতিটো মাধ্যমতে শব্দটোৰ ভিন্ন সংজ্ঞা আৰু বহুল ব্যৱহাৰে ইয়াৰ ঐতিহাসিক সমীক্ষাক জটিল কৰি তোলে।১
শ্ৰেণীবিভাজন

হেনটাই ধাৰাটোক বিভিন্ন উপশৈলী আছে, ইয়াৰে বহুল ব্যৱহৃত শৈলীটোৱে বিপৰীতকামী আৰু সমকামী কাৰ্য্যক সামৰি লৈছে। মূলতঃ বিপৰীতকামী যৌনতাক প্ৰকাশ কৰা হেনটাইৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ সমূহত পুৰুষ-মহিলা উভয়কে প্ৰভাৱিত কৰিব পৰা বৈশিষ্ট্য থাকে। ইয়াৰোপৰি ইয়াত সমকামী পাৰস্পৰিক ক্ৰিয়াৰ বৈশিষ্ট্যও থাকে, সেইবোৰক য়াওই বা বয়ছ লাভ (পুৰুষ–পুৰুষ) আৰু ইউৰি (মহিলা–মহিলা) বুলি জনা যায়। সাধাৰণতে ইয়াওই আৰু কম পৰিমাণে ইউৰি দুয়োটাৰে চিত্ৰিত চৰিত্ৰসমূহেৰে বিপৰীত লিংগক লক্ষ্য কৰি লোৱা হয়।৫ ইয়াওইৰ পৰ্ণগ্ৰাফিক ব্যৱহাৰ ফেনফিকচনৰ জৰিয়তে পাঠ্য ৰূপত বহুল সমাদৃত।৬ ইউৰিৰ সাধাৰণ সংজ্ঞাৰ সলনি "লেচবিয়ান-থিমযুক্ত এনিমেচন বা কমিকছ"ৰ ব্যৱহাৰ বেছি।৭
হেনটাইক যৌন ফেটিছৰ ওপৰত "আধাৰিত" বুলি ধৰা হয়।৮ ইয়াৰ ভিতৰত বিভিন্ন ফেটিছ আৰু পেৰাফিলিয়া সম্পৰ্কীয় উপশৈলী অন্তৰ্ভুক্ত হৈ আছে।
এই শৈলীৰ বেছিভাগ ৰচনাই যিমানেই কল্পনাপ্ৰসূত নহওক কিয়, প্ৰতিটো কল্পনাযোগ্য কাৰ্য্য আৰু পৰিস্থিতিৰ মাজেৰে অলৌকিক আৰু অসম্ভৱক চিত্ৰিত কৰাত গুৰুত্ব দিয়ে। হেনটাইৰ এটা উপশৈলী হৈছে ফুটানাৰী (হাৰ্মাফ্ৰডিটিজম), এই চৰিত্ৰবিধক সাধাৰণতে স্ত্ৰী যোনিৰ বিপৰীতে পুৰুষ লিংগ ধাৰণ কৰা মহিলাৰ ৰূপত চিত্ৰণ কৰা হয়।৯ এই চৰিত্ৰসমূহক প্ৰায়ে আন মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা বুলি চিত্ৰিত কৰা হয়, অৱশ্যে আন বহুতো ৰচনাত পুৰুষৰ সৈতেও যৌন সম্পৰ্ক বা এনাল জাষ্টিছৰ দৰে দুয়োপ্ৰকাৰৰ লিংগৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাও দেখুওৱা হয়। ফুটানাৰী প্ৰভাৱশালী, বশৱৰ্তী বা একেখন ছবিতে দুয়োটা ভূমিকা পালন কৰাও দেখুওৱা হ'ব পাৰে।১০
তথ্যসূত্ৰ
- ↑ Galbraith, Patrick W.; Kam, Thiam Huat; Kamm, Björn-Ole. (2015-05-21). Debating Otaku in Contemporary Japan: Historical Perspectives and New Horizons. Bloomsbury Publishing. ISBN 9781472594983
- ↑ Clements, Jonathan; McCarthy, Helen. (2015). The Anime Encyclopedia: A Century of Japanese Animation. Stone Bridge Press. ISBN 9781611729092
- ↑ Clements, Jonathan. (2010). Schoolgirl Milky Crisis: Adventures in the Anime and Manga Trade. A-Net Digital LLC. পৃ. 75. ISBN 9780984593743
- ↑ Lunning, Frenchy. (2014-11-01). Mechademia 3: Limits of the Human. U of Minnesota Press. পৃ. 49. ISBN 9781452914176
- ↑ McHarry, Mark. (November 2003). Yaoi: Redrawing Male Love. The Guide
- ↑ Kee, Tan Bee. "Rewriting Gender and Sexuality in English-Language Yaoi Fanfiction". Boys' Love Manga: Essays on the Sexual Ambiguity and Cross-Cultural Fandom of the Genre (2010): 126
- ↑ (28 March 2011). Yuricon What is Yuricon?. Yuricon
- ↑ Ortega-Brena, Mariana. (2009). Peek-a-boo, I See You: Watching Japanese Hard-core Animation. Sexuality. পৃ. 17–31
- ↑ Oppliger, John. (March 12, 2008). Ask John: What Is Futanari and Why Is It Popular?. AnimeNation
- ↑ Nagayama, Kaoru. (2020). Erotic Comics in Japan: An Introduction to Eromanga. Amsterdam University Press. পৃ. 221. ISBN 978-94-6372-712-9
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেনটাই” প্ৰবন্ধৰ সংশোধন ৫১৯১২৪ (১৯ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।