অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হুমাইৰা হিমু

হুমাইৰা নুচৰাত হিমু (ইংৰাজী: Humaira Himu; ২৩ নৱেম্বৰ ১৯৮৫ – ২ নৱেম্বৰ ২০২৩) এগৰাকী বাংলাদেশী টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী আছিল। ২০১১ চনত মুক্তি পোৱা আমাৰ বন্ধু ৰাশেদ ছবিৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।

হালনাগাদ: ৩০ এপ্ৰিল ২০২৬ ১৮৪ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

হুমাইৰা নুচৰাত হিমু (ইংৰাজী ভাষা: Humaira Himu; ২৩ নৱেম্বৰ ১৯৮৫ – ২ নৱেম্বৰ ২০২৩)১ এগৰাকী বাংলাদেশী টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী আছিল। ২০১১ চনত মুক্তি পোৱা আমাৰ বন্ধু ৰাশেদ ছবিৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। তেওঁ ডিবি, সংঘাত, চেয়াৰমেন বাৰী, বাতিঘৰ আৰু শোনেনা সে শোনেনাৰ দৰে টিভি নাটকত অভিনয় কৰিছিল।২৩৪

প্ৰাৰম্ভিক জীৱন

১৯৮৫ চনৰ ২৩ নৱেম্বৰত বাংলাদেশৰ লক্ষ্মীপুৰ জিলাত হিমুৰ জন্ম হৈছিল। তেওঁ চানা উল্লাহ আৰু শামিম আৰা চৌধুৰীৰ একমাত্ৰ সন্তান আছিল। তেওঁ সৰুৰেপৰা থিয়েটাৰত কাম কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ স্থানীয় সাংস্কৃতিক সংগঠন — 'হাইফাই কৌতুক শিল্পগোষ্ঠী' আৰু 'ফ্ৰেণ্ডছ নাট্যগোষ্ঠী'ৰ সৈতে জড়িত আছিল।১ ১৯৯৯ চনত এছ.এছ.চি পৰীক্ষাৰ পিছত তেওঁ ঢাকালৈ আহে আৰু 'নাগৰিক নাট্যাঙ্গন'কে ধৰি কেইবাটাও নাট্যগোষ্ঠীৰ সৈতে কাম কৰে।১

কৰ্মজীৱন

হিমুৱে বেছিভাগ সময় টেলিভিছন নাটকত কাম কৰিছিল। তেওঁ 'পিআই' (PI) নাটকৰ জৰিয়তে টেলিভিছনত আত্মপ্ৰকাশ কৰে। ২০১১ চনত নিৰ্মিত আমাৰ বন্ধু ৰাশেদ ছবিত 'তৰু আপা'ৰ চৰিত্ৰত অভিনয় কৰি তেওঁ চলচ্চিত্ৰ জগতত খোজ পেলায়।১৩

মৃত্যু

২০২৩ চনৰ ২ নৱেম্বৰত ৩৭ বছৰ বয়সত হিমুৰ মৃত্যু হয়।৫ তেওঁৰ মৃত্যুক লৈ আত্মহত্যা নে হত্যা — এই বিষয়ে যথেষ্ট বিতৰ্ক হৈছিল। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত তেওঁৰ মৃত্যু আত্মহত্যা বুলি নিশ্চিত কৰা হয়। ৰেপিড একচন বেটেলিয়নে (RAB) তেওঁৰ প্ৰেমিক মহম্মদ জিয়াউদ্দিনক এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল। লক্ষ্মীপুৰত মাতৃৰ কবৰৰ কাষতে তেওঁক সমাধিস্থ কৰা হয়।৬

উল্লেখযোগ্য কৰ্মৰাজি

টেলিভিছন নাটক

  • অ্যাকশন গোয়েন্দা৭
  • বাতিঘৰ২
  • বকুলপুৰ
  • চেয়াৰমেন বাৰী২
  • চাপাবাজ
  • ছায়া বিবি
  • চৌমহল
  • কমেডী ৪২০
  • ডিবি
  • এ কেমন প্ৰতিদিন
  • এক মেলা দুই পকেট
  • গাঁয়েৰ মানুষ
  • ঘৰ কুটুম
  • গুলশান এভিনিউ
  • জামাই দাওয়াত
  • কাঁচেৰ ফুল
  • মিৰ্জা বাৰীৰ মেয়ে
  • মতি বেহাৰা
  • নোয়াশাল
  • সংঘাত
  • শান্ত কুটিৰ
  • শোনেনা সে শোনেনা
  • তামাশা
  • তোমাৰ দোয়ায় ভালো আছি মা
  • উত্তৰাধিকাৰ

তথ্যসূত্ৰ

  1. ↑ (3 November 2023). Humaira Himu's mysterious death: One arrested. Prothomalo
  2. ↑ (1 May 2014). Humaira Himu joins DB. Dhaka Tribune
  3. ↑ Shazu, Shah Alam. (11 December 2016). HIMU busy with TV projects. The Daily Star
  4. ↑ Bangladeshi Actor Humaira Himu Dies Mysteriously At 37: Report. NDTV news
  5. ↑ (2 November 2023). Actress Humaira Humu dies. The Business Standard
  6. ↑ Humaira Himu buried beside mother's grave. Risingbd
  7. ↑ (18 April 2018). bn:বদলে যেতে চান হিমু. Manab Zamin

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হুমাইৰা হিমু” প্ৰবন্ধৰ সংশোধন ৬০৩৬৪৬ (৩০ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।