অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হুইন থি থান থুই

হুইন থি থান থুই (ইংৰাজী: Huỳnh Thị Thanh Thủy; জন্ম: ২০০২) এগৰাকী ভিয়েটনামৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ভিয়েটনাম ২০২২ আৰু মিছ ইণ্টাৰনেচনেল ২০২৪ জয় কৰিছে।

হালনাগাদ: ২৮ মে’ ২০২৬ ৩৬২ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

হুইন থি থান থুই (ইংৰাজী ভাষা: Huỳnh Thị Thanh Thủy; জন্ম: ২০০২) এগৰাকী ভিয়েটনামৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ভিয়েটনাম ২০২২ আৰু মিছ ইণ্টাৰনেশ্যনেল ২০২৪ জয় কৰিছে।

তেওঁ মিছ ইণ্টাৰনেচনেল জয় কৰা প্ৰথমগৰাকী ভিয়েটনামৰ মহিলা আছিল আৰু ভিয়েটনামে বিগ ফ'ৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ কোনো এটা খিতাপ জয় কৰা এয়া আছিল দ্বিতীয়বাৰ।

প্ৰাৰম্ভিক জীৱন

থান থুই ২০০২ চনত দানাঙত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ দেউতাক এজন চৰকাৰী কৰ্মচাৰী আৰু মাক এগৰাকী গৃহিনী।১

২০১৬ চনত তেওঁ দানাং উৎকৃষ্ট ছাত্ৰ বাছনি পৰীক্ষাৰ ভিয়েটনামীয় সাহিত্য প্ৰতিযোগিতাত দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিল। ২০১৯ চনত তেওঁ দানাং চিটি স্প্ৰিং ফ্লাৱাৰ ফেষ্টিভেলত যুৱ ফেশ্বন প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰিছিল।২

তেওঁ বৰ্তমান ইউনিভাৰ্চিটি অৱ ফৰেইন লেংগুৱেজ ষ্টাডিজত ইংৰাজী ভাষা অধ্যয়ন কৰি আছে। ইয়াৰ উপৰিও তেওঁ গ্ৰীণউইচ বিশ্ববিদ্যালয়ত অধ্যয়নৰত।৩

সৌন্দৰ্য প্ৰতিযোগিতা

মিছ ভিয়েটনাম ২০২২

থান থুইয়ে মিছ ইউনিভাৰ্চিটি অৱ ফৰেইন লেংগুৱেজেছ ২০২১ লাভ কৰিছিল আৰু তাৰ পিছত মিছ এলিগেণ্ট ষ্টুডেণ্ট দানাং চিটি ২০২১ত তেওঁৰ বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি প্ৰথম ৰানাৰ-আপ হৈছিল। ইয়াৰ পিছত তেওঁ দানাং চহৰক প্ৰতিনিধিত্ব কৰে আৰু ২০২২ চনৰ ২৩ ডিচেম্বৰত হো চি মিন চিটিৰ ফু থো ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মিছ ভিয়েটনাম ২০২২ খিতাপ জয় কৰে। প্ৰতিযোগিতাৰ সময়ত তেওঁ স্পৰ্ট এৱাৰ্ড জিকিছিল আৰু বিউটি উইথ এ পাৰ্পজ তথা মাল্টিমিডিয়া চেলেঞ্জৰ শীৰ্ষ পাঁচগৰাকীৰ ভিতৰত আছিল।৪৫৬

মিছ ভিয়েটনাম ২০২২ হিচাপে তেওঁ বিভিন্ন দান-বৰঙণি আৰু সমাজসেৱামূলক কামত অংশগ্ৰহণ কৰিছিল, বিশেষকৈ: খান হোৱা প্ৰদেশ, বাক লিউ প্ৰদেশ আৰু বেন ট্ৰে প্ৰদেশত "মৰমৰ বসন্ত – উষ্ম টেট" নামৰ এটা প্ৰকল্প।৭৮ টাইফুন য়াগিৰ ফলত ভিয়েটনামৰ এখন গাঁও সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ পিছত তেওঁ হোৱা মিনজিৰ সৈতে সেই অঞ্চলৰ উদ্ধাৰ তথা পুনৰুদ্ধাৰ অভিযানত উপস্থিত আছিল।

মিছ ইণ্টাৰনেচনেল ২০২৪

২০২৪ চনৰ ১২ নৱেম্বৰত জাপানৰ টকিঅ'ত থান থুইয়ে মিছ ইণ্টাৰনেচনেল ২০২৪ খিতাপ জয় কৰে।৯১০১১১২

থান থুইয়ে ৰাষ্ট্ৰসংঘৰ মহিলা বিষয়ক সন্মিলনত অংশগ্ৰহণ কৰিছিল আৰু ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন লক্ষ্য ১৭ সন্দৰ্ভত হোৱা আলোচনাত ভাগ লৈছিল। তাত তেওঁ নিজৰ "বিশুদ্ধ জল" প্ৰকল্পৰ বিষয়ে মত বিনিময় কৰে, যিটো তেওঁ মিছ ইণ্টাৰনেচনেল ২০২৪ প্ৰতিযোগিতালৈ লৈ গৈছিল। ইয়াৰ উপৰিও তেওঁ জেচিকা গাৰ্চিয়াৰ সৈতে "দ্য ক্লীন আৰ্থ প্ৰজেক্ট" অভিযানতো অংশগ্ৰহণ কৰিছিল।

ভুৱা ছবি

মিছ ইণ্টাৰনেচনেল জয় কৰাৰ দুমাহৰ পিছত ভিয়েটনামৰ ফেচবুক আৰু টিকটকত থান থুই আৰু চুবিন হোৱাং চনৰ বিবাহ তথা সন্তান জন্ম হোৱা বুলি কিছুমান ভুৱা ছবি পোষ্ট কৰা হৈছিল। ১৭ জানুৱাৰীত চুবিনৰ পৰিচালনা সংস্থা 'স্পেচস্পিকাৰ্ছ লেবেল'-এ এই ছবিসমূহৰ বিৰুদ্ধে মুখ খোলে। ১৮ জানুৱাৰীত তেওঁৰ পৰিচালনা সংস্থায়েও এটা বিবৃতি জাৰি কৰি স্পষ্ট কৰে যে এইসমূহ কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সৃষ্টি কৰা হৈছিল।১৩১৪১৫১৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Thiên Anh. Gia thế tân Miss International Thanh Thủy. VnExpress. 13/11/2024, 07:30 (GMT+7)
  2. ↑ Ngọc Thanh. Học vấn của người đẹp Việt Nam vừa đăng quang Hoa hậu Quốc tế 2024. VTC. 12/11/2024 20:20:00 +07:00
  3. ↑ Tân Cao. (28 November 2024). Hoa hậu Thanh Thủy nhận học bổng thạc sĩ. VnExpress
  4. ↑ (2024-11-12). Huynh Thi Thanh Thuy of Vietnam is Miss International 2024. Inquirer Entertainment
  5. ↑ Source: VNA. Da Nang girl crowned Miss Vietnam 2022. People's Army Newspaper. December 24, 2022 18:13 (GMT+7)
  6. ↑ Huynh Thi Thanh Thuy crowned Miss Vietnam 2022. The voice of Vietnam. Saturday, December 24, 2022
  7. ↑ Linh Chi. Hoa hậu Việt Nam Thanh Thuỷ có chuyến thiện nguyện đầu tiên. '''. 27/12/2022 17:08 (GMT+7)
  8. ↑ Hoài Phương. Hoa hậu Thanh Thủy tặng máy lọc nước ở Bạc Liêu, mở rộng dự án nước sạch. Tuổi Trẻ. 22/01/2025 10:29 GMT+7
  9. ↑ Jairo Bolledo. (12 November 2024). Huỳnh Thị Thanh Thủy wins first Miss International crown for Vietnam. Rappler
  10. ↑ Earl D.C. Bracamonte. Vietnam wins 1st Miss International crown, Philippines loses finalist streak. The Philippine Star. November 13, 2024
  11. ↑ Thanh Thuy crowned Miss Vietnam 2022. '''. 24/12/2022 14:28
  12. ↑ Minh Khoi. Thanh Thuy overcomes bullying and self-doubt to become Miss International 2024. VietNamNet. 13/11/2024 08:50 (GMT+07:00)
  13. ↑ Mi Lê. Soobin và Thanh Thủy bị ghép ảnh ngập mạng xã hội, công ty phải lên tiếng. VietNamNet. 18/01/2025 - 11:02
  14. ↑ Bích Phương. Phía Hoa hậu Thanh Thủy lên tiếng vụ bị cắt ghép ảnh cưới với SOOBIN. '''. 18/01/2025 - 09:29
  15. ↑ Thạch Anh. Thanh Thủy - Soobin Hoàng Sơn gặp rắc rối vì loạt ảnh ghép. Thanh Niên. 18/01/2025 06:37 GMT+7
  16. ↑ Lâm Vân Toàn. Hoa hậu Thanh Thủy lên tiếng về việc bị cắt ghép hình ảnh sai sự thật. Women newspaper. 17/1/2025 17:16 (GMT+7)

সম্পৰ্কিত শ্ৰেণী

মিছ ইণ্টাৰনেশ্যনেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হুইন থি থান থুই” প্ৰবন্ধৰ সংশোধন ৬০৯৪৮৯ (২৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।