হাৰমাইনী (/hɜːrˈmaɪ.əni/; প্ৰাচীন গ্ৰীক: Ἑρμιόνη, ইংৰাজী: Hermione) স্পাৰ্টাৰ ৰজা মেনেলাছ আৰু তেওঁৰ পত্নী [[হেলেনৰ কন্যা আছিল।১ ট্ৰজান যুদ্ধৰ আগতে হাৰমাইনীক তেওঁৰ ককাক টিণ্ডেৰিয়াছে২ তেওঁৰ সম্বন্ধীয় আগামেমনন তথা মাহীয়েক ক্লাইটেমনেষ্ট্ৰাৰ পুতেক অৰেষ্টেছৰ সৈতে বাগদান কৰিছিল। তেওঁৰ মাত্ৰ ন বছৰ বয়সতে ট্ৰজান ৰজা প্ৰিয়ামৰ পুত্ৰ পেৰিছে তেওঁৰ মাতৃ হেলেনক অপহৰণ কৰিছিল।
যুদ্ধৰ সময়ত মেনেলাছে তেওঁক একিলিছৰ পুত্ৰ নিওপ্টোলেমাছলৈ বিয়া দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।৩ যুদ্ধ শেষ হোৱাৰ পিছত তেওঁ হাৰ্মাইনীক থিয়া চহৰত (পেলিয়াছ আৰু একিলিছৰ ঘৰ) থকা নিঅ'প্টোলেমাছৰ ওচৰলৈ পঠিয়াই দিয়ে। দুয়োৰে বিবাহ হৈছিল যদিও তাৰ কিছুদিন পিছতে নিঅ’প্টোলেমাছে পিতৃৰ হত্যা কৰা কাৰণে এপ’ল’ক হত্যা কৰি প্ৰতিশোধ ল’বলৈ ডেলফিলৈ যাত্ৰা কৰে। সেই যুদ্ধতে নিঅ'প্টোলেমাছৰ মৃত্যু হয় আৰু হাৰ্মাইনীয়ে অৰেষ্টেছক বিয়া কৰাবলৈ মুক্ত হয় আৰু তেওঁৰ এটি পুত্ৰ টিছামেনাছৰ জন্ম হয়।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাৰমাইনী (শ্ৰুতিকথা)” প্ৰবন্ধৰ সংশোধন ৪৮০৪৫১ (২১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।