অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হালধীয়া সাংবাদিকতা

হালধীয়া সাংবাদিকতাক (Yellow Journalism বা Yellow Press) সাংবাদিকতাৰ এটা হীন প্ৰকাৰ বুলি গণ্য কৰা হয়, যাৰ উদ্দেশ্য সাংবাদিকতাৰ নীতি-বহিৰ্ভূত পদ্ধতিৰে বাতৰি কাকতৰ বিক্ৰি বঢ়োৱা।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৭২০ শব্দ · ৪ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ
নিউয়ৰ্ক ৱৰ্ল্ডত মেইন (Maine) নামৰ যুদ্ধজাহাজ ধ্বংসৰ খবৰ
নিউয়ৰ্ক ৱৰ্ল্ডত মেইন (Maine) নামৰ যুদ্ধজাহাজ ধ্বংসৰ খবৰছবি: New York World · Public domain

treatment was more effective and focused on the enemy who set the bomb — and offered a huge reward to readers]]

য়েল্লো কিডৰ পোচাকত পুলিৎজাৰ আৰু হাৰ্ষ্ট: স্পেইন আৰু আমেৰিকাৰ যুদ্ধত তেওঁলোকৰ ভূমিকা সংক্ৰান্তত ব্যংগ চিত্ৰ
য়েল্লো কিডৰ পোচাকত পুলিৎজাৰ আৰু হাৰ্ষ্ট: স্পেইন আৰু আমেৰিকাৰ যুদ্ধত তেওঁলোকৰ ভূমিকা সংক্ৰান্তত ব্যংগ চিত্ৰছবি: Leon Barritt · Public domain

হালধীয়া সাংবাদিকতাক (Yellow Journalism বা Yellow Press) সাংবাদিকতাৰ এটা হীন প্ৰকাৰ বুলি গণ্য কৰা হয়, যাৰ উদ্দেশ্য সাংবাদিকতাৰ নীতি-বহিৰ্ভূত পদ্ধতিৰে বাতৰি কাকতৰ বিক্ৰি বঢ়োৱা। হালধীয়া সাংবাদিকতা মানেই হ'ল- ভিত্তিহীন বাতৰি পৰিবেশন, দৃষ্টি আকৰ্ষণকাৰী শিৰোনাম ব্যৱহাৰ কৰা, সাধাৰণ ঘটনা এটাকো সাংঘাতিক ঘটনা বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা, কেলেংকাৰীৰ খবৰ গুৰুত্ব সহকাৰে প্ৰচাৰ কৰা, অহৈতুক চমক সৃষ্টি ইত্যাদি।

ফ্ৰেংক লুথাৰ মটে১ (Frank Luther Mott) হালধীয়া সাংবাদিকতাৰ সংজ্ঞা এনেদৰে দিছে:

  • সাধাৰণ বাতৰি এটাতো ভয়ানক আৰু ডাঙৰ আখৰেৰে শিৰোনাম দিয়া।
  • ছবি আৰু কাল্পনিক নক্সাৰ অপৰিমিত ব্যৱহাৰ।
  • ভুৱা সাক্ষাৎকাৰ, ভুল ধাৰণা জন্মাব পৰা শিৰোনাম, ভুৱা বিজ্ঞানমূলক ৰচনা আৰু তথাকথিত বিশেষজ্ঞসকলৰ ভুল শিক্ষামূলক ৰচনাৰ লানি।
  • সম্পূৰ্ণ ৰঙীন দেওবৰীয়া পৰিপূৰিকা প্ৰকাশ, য'ত সাধাৰণতে কমিক পৃষ্ঠা সংলগ্ন কৰা হয়।
  • সোঁতৰ বিপৰীতে সাঁতোৰা পৰাজিত নায়কসকলৰ প্ৰতি নাটকীয় সহানুভূতি।

হালধীয়া সাংবাদিকতাৰ জনক: পুলিৎজাৰ আৰু হাৰ্ষ্ট

১৮৪৭ চনত হাংগেৰীত যোছেফ পুলিৎজাৰৰ (Joseph Pulitzer) জন্ম হৈছিল। তেওঁ সামৰিক বাহিনীত যোগদান কৰাৰ মন আছিল। কিন্তু অষ্ট্ৰীয়াৰ সেনা-বাহিনীয়ে তেওঁত দুৰ্বল স্বাস্থ্যৰ বুলি সেনাত ভৰ্তি কৰিবলৈ অস্বীকাৰ কৰে। তাৰ পিছত তেওঁ আমেৰিকালৈ গৈ গৃহযুদ্ধত জডিত হৈ পৰে। ১৮৭২ চনত পুলিৎজাৰে 'পোষ্ট' আৰু ১৮৭৮ চনত 'চেইণ্ট লুইচ ডিচপাচ' নামৰ লোকচানত চলি থকা দুখন বাতৰি কিনি একেলগ কৰি 'চেইণ্ট লুইচ পোষ্ট-ডিচপাচ' নামত প্ৰকাশ কৰিবলৈ লয়। ১৮৮৩ চনত পুলিৎজাৰে আন এখন লোকচানত চলি থকা কাকত 'নিউয়ৰ্ক ৱৰ্ল্ড' ক্ৰয় কৰে। এই কাকতখনক তেওঁ সাধাৰণ পঢ়ুৱৈৰ মনোৰঞ্জনৰ মাধ্যম কৰি তুলিবলৈ বিস্তৃত কাৰ্যপন্থা হাতত লয়। কাকতখন ছবিৰে ভৰাই পেলোৱা হ'ল। সাধাৰণ মানুহে ভাল পোৱা খেল বাতৰি দিবলৈ ধৰিলে। অপৰাধ কাহিনীয়ে কাকতখনৰ বহু পৃষ্ঠা জুৰিলে। ডাঙৰ ডাঙৰ আখৰেৰে আৰু চমকপ্ৰদ শব্দৰে বাতৰিৰ শিৰোনাম দিয়া হ'ল। কাকতখনৰ দামো কমোৱা হ'ল। মাত্ৰ ২ চেণ্টতে পাঠকে ৮ পৃষ্ঠাৰ আৰু মাজে মাজে ১২ পৃষ্ঠাৰ কাকত লাভ কৰিলে।২ স্বাভাৱিকতে কাকতৰ চাৰ্কুলেচন হু-হুৱাই বাঢ়ি গ'ল। ৱৰ্ল্ড কিনাৰ সময়ত ইয়াৰ চাৰ্কুলেচন আছিল ১৫,০০০ আৰু পাছলৈ হ'লগৈ ৬ লাখ- সেইসময়ৰ দেশখনৰ সৰ্বাধিক প্ৰচাৰিত কাকত।

১৮৬৩ চনত কেলিফ'ৰ্নিয়াৰ ছানফ্ৰান্সিচকো মহানগৰত উইলিয়াম ৰেন্‌ডল্ফ হাৰ্ষ্টৰ (William Randolph Hearst) জন্ম হৈছিল। দেউতাক আছিল খনিৰ মালিক। তেওঁ তাত ছানফ্ৰান্সিচকো এক্সামিনাৰ নামৰ বাতৰি কাকত এখন চলাইছিল। তেওঁ হাভাৰ্ডত অধ্যয়ন কৰি থকা অৱস্থাতে নিউয়ৰ্ক ৱৰ্ল্ড নিয়মিয়াকৈ পঢ়িছিল আৰু পুলিৎজাৰ কাম-কাজ সযতনে পৰ্যাবেক্ষণ কৰিছিল। এক্সামিনাৰক তেওঁ ৱৰ্ল্ডতকৈয়ো শ্ৰেষ্ঠ কাকত ৰূপে গঢ়াৰ প্ৰয়াস কৰিছিল। কাকতখনৰ ২৪ শতাংশ অপৰাধ কাহিনীৰে ভৰি আছিল। যৌনতা আৰু নগ্নতাক প্ৰথম পৃষ্ঠালৈ আমদানি কৰিছিল। এইবাৰ হাৰ্ষ্টে এখন নিউয়ৰ্ক ভিত্তিক কাকত এখনৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলে। ১৮৯৫ চনত তেওঁ নিউয়ৰ্ক জাৰ্ণাল নামৰ কাকত এখন ক্ৰয় কৰে আৰু কাকতখনক তেওঁ নিউয়ৰ্ক ৱৰ্ল্ডৰ প্ৰতিদ্বন্দ্বী ৰূপে গঢ়ি তুলিবলৈ চেষ্টা কৰিলে। অঙ্গসজ্জাত নিউয়ৰ্ক ৱৰ্ল্ডত অনুকৰণ কৰিলে। কাকতৰ মূল্য নিৰ্দ্ধাৰণ কৰিলে মাত্ৰ ১ চেণ্ট।; খবৰো যোগান ধৰিলে বেছিকৈ। ফলস্বৰূপে জাৰ্ণালৰ চাৰ্কুলেচন দেৰলাখলৈ বৃদ্ধি পালে। পুলিৎজাৰেও তেওঁৰ কাকতৰ দাম ১ চেণ্টলৈ কমাবলৈ বাধ্য হ'ল। ১৯৯৬ চনত হাৰ্ষ্টে ৱৰ্ল্ডৰ বহু কৰ্মচাৰী তেওঁৰ কাকতলৈ লৈ আহিল। বেছিভাগ সূত্ৰৰ মতে হাৰ্ষ্টে অধিক দৰমহা আগবঢ়াইছিল; আনহাতে ৱৰ্ল্ডৰ কৰ্মচাৰীসকলে পুলিৎজাৰৰ জটিল প্ৰকৃতিৰ বাবে তেওঁৰ সৈতে কাম কৰিবলৈ অসুবিধা পাইছিল আৰু স্বাভাৱিকতে তওঁলোকে জাৰ্ণাললৈ প্ৰব্ৰজন কৰিছিল।

যদিও পুলিৎজাৰ আৰু হাৰ্ষ্টৰ সাংবাদিকতাই ৰুচিবোধৰ সীমা অতিক্ৰম কৰিছিল, দুয়োগৰাকী আছিল প্ৰতিভাশালী আৰু যুগ-প্ৰৱৰ্তক সাংবাদিক। নিউয়ৰ্ক ৱৰ্ল্ড আৰু নিউয়ৰ্ক জাৰ্ণাল উভয়ে আছিল গণতান্ত্ৰিক কাকত। দুয়োখন কাকত শ্ৰমিক সংগঠন আৰু প্ৰব্ৰজনৰ সপক্ষে আছিল। লগতে দুয়োখনেই দেওবৰীয়া পৰিপূৰিকা প্ৰকাশ কৰিবলৈ বহু ধন খৰচ কৰিছিল। ১৮৯৫ চনৰ পৰা নিউৱৰ্ক ৱৰ্ল্ডৰ দেওবৰীয়া পৰিপূৰিকাত 'য়েল্লো কিড' (Yellow Kid) বুলি ৰঙীন কমিক ষ্ট্ৰীপ ছপাবলৈ আৰম্ভ কৰিলে। য়েল্লো কিডৰ সৃষ্টিকৰ্তা আছিল ৰিচাৰ্ড এফ. আউটকাল্ট। হাৰ্ষ্টে আউটকাল্টক জাৰ্ণাললৈ আনি এই কাকতখনতো য়েল্লো কিড কমিক ষ্ট্ৰীপ আৰম্ভ কৰিলে। আউটকাল্ট জাৰ্ণাললৈ অহাৰ পাছত পুলিৎজাৰে শিল্পী জৰ্জ লুকচক (George Luks) য়েল্লো কিড অংকন কৰিবলৈ নিয়োগ কৰিলে। দুয়োখন কাকততে প্ৰকাশ পোৱা এই কমিক ষ্ট্ৰীপ অতি জনপ্ৰিয় হৈছিল। য়েল্লো কিডৰ জনপ্ৰিয়তাৰ বাবেই চমক সৃষ্টিকাৰী সাংবাদিকতাক হালধীয়া সাংবাদিকতা (Yellow Journalism) নামকৰণ কৰা হ'ল।৩

স্পেনিচ-আমেৰিকান যুদ্ধ

হালধীয়া সাংবাদিকতা কেনে বিপজ্জনক, তাৰ এক জ্বলন্ত উদাহৰণ ১৮৯৮ চনৰ স্পেনিচ আৰু আমেৰিকাৰ যুদ্ধ।৪ এই যুদ্ধৰ বাবে পৰোক্ষভাৱে পুলিৎজাৰ আৰু হাৰ্ষ্টৰ চাঞ্চল্যকৰ সংবাদক দোষাৰোপ কৰা হয়; যিবোৰ সংবাদ বহু ক্ষেত্ৰত শুদ্ধ নাছিল। কিউবা আছিল স্পেইনৰ উপনিৱেশ। আনহাতে আমেৰিকাৰো বহুতে কিউবাত আমেৰিকাৰ উপনিৱেশ পতাৰ পোষকতা কৰিছিল। স্বাভাৱিকতে দেশখনক লৈ স্পেইন আৰু আমেৰিকাৰ মাজত সংঘাত হয়। সমুদ্ৰ-যুদ্ধত হাৰি স্পেইনে কিউবাৰ ওপৰত নিয়ন্ত্ৰণ হেৰুওৱাৰ উপক্ৰম হ'ল। স্পেনীজসকলে কিউবাত ধ্বংসলীলা চলোৱা বুলি বাতৰি পাই তেওঁলোকক খেদি পঠিয়াবলৈ আমেৰিকাই কিউবালৈ যুদ্ধ-জাহাজ প্ৰেৰণ কৰিলে। এনেতে আমেৰিকাৰ এখন যুদ্ধ-জাহাজ মেইন (Maine) হাভানাৰ ওচৰত ৰহস্যজনক পৰিস্থিতিত ধ্বংসপ্ৰাপ্ত হয়। হাৰ্ষ্টে ইয়াৰ বাবে স্পেইনক দোষাৰোপ কৰি বাতৰি প্ৰকাশ কৰিলে। স্পেইনৰ যুদ্ধ কৰিবলৈ মন নাছিল যদিও নিউয়ৰ্কৰ হালধীয়া কাকতবোৰৰ হেঁচাৰ বাবে আমেৰিকাই স্পেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে।৫

বাহ্যিক সংযোগ

  • চট্টোপধ্যায়, ড॰ পাৰ্থ (২০০৮), বিষয় সাংবাদিকতা, বীণা লাইব্ৰেৰী, গুৱাহাটী, অসম
  • Nasaw, David (2000), The Chief: The Life of William Randolph Hearst, Houghton Mifflin

তথ্যসূত্ৰ

  1. ↑ Frank Luther Mott. Frank Luther Mott, American Journalism (1941). পৃ. 539
  2. ↑ Nasaw, David. (2000). The Chief: The Life of William Randolph Hearst. Houghton Mifflin. পৃ. 100
  3. ↑ চট্টোপধ্যায়, ড॰ পাৰ্থ. (২০০৮). বিষয় সাংবাদিকতা. বীণা লাইব্ৰেৰী, গুৱাহাটী, অসম. পৃ. ২২৯
  4. ↑ চট্টোপধ্যায়, ড॰ পাৰ্থ. পৃ. ২২৯, ২৩০
  5. ↑ Nasaw, David. পৃ. 79

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হালধীয়া সাংবাদিকতা” প্ৰবন্ধৰ সংশোধন ৬৩২০৬৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।