অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হাডা চেণ্ডু

হাডা চেণ্ডু (Hadaa Sendoo; ২৪ অক্টোবৰ ১৯৬১) এজন মঙ্গোলীয় কবি। আধুনিক কবিতালৈ‍ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ পৰিচিত। তেওঁৰ ৰচনাসমূহ একাধিক ভাষালৈ অনূদিত হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন সংকলন আৰু সাহিত্য আলোচনীত স্থান পাইছে।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ১,৪৯২ শব্দ · ৮ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

হাডা চেণ্ডু (Hadaa Sendoo; ২৪ অক্টোবৰ ১৯৬১) এজন মঙ্গোলীয় কবি। আধুনিক কবিতালৈ‍ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ পৰিচিত।১ তেওঁৰ ৰচনাসমূহ একাধিক ভাষালৈ অনূদিত হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন সংকলন আৰু সাহিত্য আলোচনীত স্থান পাইছে। ২০০৬ চনত তেওঁ বিশ্বৰ বিভিন্ন প্ৰান্তৰ কবিতাক কেন্দ্ৰ কৰি ৱৰ্ল্ড পয়েট্ৰি আলমানাক নামৰ এটি প্ৰকাশন প্ৰতিষ্ঠা কৰে। চেণ্ডুৰ কবিতাই প্ৰায়ে প্ৰকৃতিৰ বিষয়বস্তু, অস্তিত্বৰ প্ৰশ্ন আৰু মানৱ অভিজ্ঞতাৰ সন্ধান কৰে, মংগোলীয় মহাকাব্য, ৰাছিয়ান ইমেজিষ্ট কবিতা আৰু কুৰি‍ শতিকাৰ ইটালীয় হাৰ্মেটিক কবিতাৰ প্ৰভাৱক আকৰ্ষণ কৰে।২৩

মংগোলিয়ান অকাডেমী অৱ হিউমেনিটিজৰ সদস্য হিচাপে চেণ্ডু নিৰ্বাচিত হৈছিল আৰু ২০১০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা এক কৃতিত্ব বঁটা লাভ কৰে। মংগোলীয় ভাষাত তেওঁৰ শেহতীয়াভাৱে‍ প্ৰকাশ হোৱা গ্ৰন্থখন হৈছে‍ দ্য ৰোড ইজ নট কম্প্লিটড এইখন ২০১১ চনত উলানবাটাৰত উন্মোচিত হয়। তেওঁক ২০১২ চনৰ আন্তৰ্জাতিক শান্তি বঁটাৰ বাবে মনোনীত কৰা হৈছিল।৪

শিপা

হাডা চেণ্ডুৰ জন্ম দক্ষিণ মংগোলিয়াত ১৯৬১ চনত। বৰ্তমান এই ঠাইডোখৰ অভ্যন্তৰীণ মংগোলিয়া (বৰ্তমান চীনৰ অংশ)ত। চেণ্ডু ডাঙৰ-দীঘল হৈছিল শ্বিলিংগলত। তেওঁৰ পিতৃ আছিল এখন থিয়েটাৰৰ মুৰব্বী আৰু মাতৃ আছিল এগৰাকী নাটকৰ অভিনেত্ৰী। ১৯৯১ চনৰ পৰা চেণ্ডুৱে‍ মংগোলিয়াৰ ৰাজধানী উলান বাটৰত বসবাস কৰিছে।

প্ৰাৰম্ভিক বছৰসমূহ

হাদা চেণ্ডুৰ বয়স তেতিয়া অতি কম আছিল, যেতিয়া তেওঁৰ পিতৃয়ে তেওঁলোকৰ পৰিয়ালটোক ডালান হাৰ পৰ্বতমালাৰ ওচৰৰ দক্ষিণ মংগোলিয়ালৈ স্থানান্তৰিত কৰিছিল। তাতেই হাদাই তেওঁৰ শৈশৱ অতিবাহিত কৰিছিল। তেওঁ স্থানীয় হাইস্কুলত পুৰণি মঙ্গোলিয়ান আৰু চীনা ভাষা অধ্যয়ন কৰিছিল কিন্তু বিদ্যালয়ৰ পাঠ্যক্ৰমত ক্লান্ত হৈ তেওঁ স্তেপৰ যাযাবৰী জীৱনলৈ ঘূৰি আহিছিল। ১৯৮৪ চনলৈকে তেওঁ স্তেপতে আছিল, তেওঁৰ পিতৃয়ে তেতিয়া তেওঁক এটা কলা প্ৰতিষ্ঠানত যোগদান কৰিবলৈ পৰামৰ্শ দিছিল। দেউতাকৰ কথামতে তেওঁ যোগদান কৰিছিল আৰু অতি কম সময়ৰ ভিতৰতে তেওঁ তাত সম্পাদকীয় সহায়ক হিচাপে সেৱা আগবঢ়াইছিল।

যুৱ হাডাই যথেষ্টখিনি‍ মংগোলীয় সাহিত্য পঢ়াৰ সুযোগ পাইছিল৷ নিশ্চিতভাৱে মহাকাব্যসমূহ আছিল, যাৰ ভিতৰত আছিল জাংগাৰ, মংগোলীয় লোকসংগীতৰ গ্ৰন্থৰ পৰা আৰম্ভ কৰি আধুনিকবাদী কবিতা(শ্বুলেগ)লৈকে‍।

১৯৮৯ চনত তেওঁৰ প্ৰথম কবিতা সংকলন দ্য নোমেডিক ছঙছ এণ্ড মুনলাইট প্ৰকাশ হয়।

১৯৯১ চনত তেওঁ উত্তৰ মংগোলিয়ালৈ গুচি যায় আৰু তেতিয়াৰ পৰাই মংগোলিয়াৰ ৰাজধানী উলানবাটাৰত বসবাস কৰি আহিছে। তাত তেওঁ সাহিত্যৰ অধ্যাপক হিচাপে বিশ্ববিদ্যালয় এখনত অধ্যাপনা কৰে। তেওঁৰ গৱেষণা-কৰ্মৰ ভিতৰত লোকসংগীত আৰু মংগোলীয় পৌৰাণিক কাহিনীকে ধৰি মংগোলীয় লোক সাহিত্য অন্তৰ্ভুক্ত।

১৯৯৬ চনত চিৰিলিক নিউ মঙ্গোলিয়ান ভাষাত লিখা হাডা চেণ্ডুৰ প্ৰথমখন কবিতা সংকলন প্ৰকাশিত হয়। ১৯৯৮ চনত তেওঁ মংগোলিয়ান লেখক সংঘত যোগদান কৰে। হাডা চেণ্ডু আৰু তেওঁৰ বন্ধুসকলে মিলি‍ ১৯৯৯ চনত দ্য ৱৰ্ল্ডছ মঙ্গোলিয়ানছ (এটি‍ মঙ্গোলিয়ান-ইংৰাজী দ্বিভাষিক সংস্কৰণ) নামৰ এখন সাংস্কৃতিক আলোচনী প্ৰকাশ কৰিছিল। সেই বছৰৰে‍ গ্ৰীষ্মকালত, হাডা আৰু তেওঁৰ বন্ধু মংগোলিয়ান কবি এছ. চেৰেনডৰ্জ-এ উলানবাটাৰত প্ৰথম এছিয়ান কবিতা উৎসৱৰ আয়োজন কৰিছিল।

হাডাই এথেন্স চিটি হল বঁটা আৰু দ্বিতীয় অলিম্পিক অৱ কালচাৰ বঁটা (এথেন্স, ১৯৯৯) লাভ কৰিছিল।

তেওঁ মংগোলিয়াৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল।

কবিতালৈ‍ যোৱাৰ বাটত

মধ্য বয়সত হাডা চেণ্ডুৱে বহু কবিতা ৰচনা কৰি‍ছিল।

২০০০ চনত, একবিংশ শতিকাৰ নতুন সহস্ৰাব্দত, হাডা চেণ্ডুক বিশ্ব কবিতা সমাজৰ সভাপতি তথা আন্তঃৰাষ্ট্ৰীয় কবি একাডেমী, ভাৰত-ৰ কৃষ্ণ শ্ৰীনিবাসৰ সৈতে যুটীয়াভাৱে পোয়েট অৱ দ্য মিলেনিয়াম বঁটা প্ৰদান কৰা হয়।

হাডাই ২০০৬ চনত ৱৰ্ল্ড পয়েট্ৰি আলমানাক প্ৰতিষ্ঠা কৰিছিল।৫

২০১১ চনৰ ২৪ ছেপ্টেম্বৰত হাডাই বিশ্ব কবিতা আন্দোলনত যোগদান কৰে আৰু এনেদৰেই ইয়াৰ প্ৰাৰম্ভিক প্ৰতিষ্ঠাপক সদস্যসকলৰ ভিতৰৰ এজনত তেওঁ পৰিণত হয়।

২০১২ চনত তেওঁক ইউ.কে.-ত অনুষ্ঠিত হোৱা আটাইতকৈ ডাঙৰ কবিতা উৎসৱ চাউথবেঙ্ক চেণ্টাৰৰ পোয়েট্ৰী পাৰ্নাছাছলৈ আমন্ত্ৰণ জনোৱা হৈছিল, য'ত তেওঁ তেওঁৰ কবিতা পাঠ কৰিছিল আৰু উৎসৱৰ অংশ হিচাপে তেওঁৰ কামৰ বিষয়ে আলোচনা কৰিছিল।৬ ৰয়েল ফেষ্টিভেল হল আৰু কুইন এলিজাবেথ হলৰ চাৰিওফালে বাহিৰৰ ঠাইত প্ৰদৰ্শনীৰ অংশ হিচাপে তেওঁৰ শেহতীয়া কবিতা সংকলন প্ৰদৰ্শন কৰা হৈছিল। তেওঁৰ এটা কবিতা ৰেইন অৱ পোয়েমছৰ বাবে বুকমাৰ্কত ছপা হৈছিল আৰু লণ্ডনৰ ওপৰেৰে হেলিকপ্টাৰৰ পৰা পেলাই দিয়া কবিতাবোৰৰ ভিতৰত তেওঁৰ কবিতাও আছিল।৭

ব্লাডএক্সৰ ৱৰ্ল্ড ৰেকৰ্ড এন্থ'লজী-ত তেওঁৰ কবিতাবোৰ প্ৰকাশ পাইছে ৮ আৰু সমগ্ৰ বিশ্বৰ ৬০জন প্ৰতিনিধি কবিৰ লগতে‍ তেওঁৰ কবিতায়ো বৰ্তমানৰ শ্ৰেষ্ঠ কবিতাৰ এক সংকলনত ঠাই পাইছে‍।৯

২০২০ চনত, হাদা চেণ্ডুৰ কবিতা বাংলা ভাষাত হাদা সেন্দোৰ কবি‍তা নামেৰে‍ বাংলাদেশৰ ঢাকাৰ পৰা প্ৰকাশিত হৈছে। আনহাতে‍ আৰবী ভাষালৈ অনূদিত আজিৰ তাৰিখত/মোৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰয়োজন নাই - ই-বুক হিচাপে এমাজন বুকছত প্ৰকাশ পাইছে। ১৯৮০-ৰ দশকত লিখা তেওঁৰ প্ৰাৰম্ভিক কিছু কবিতা জাৰ্মানীৰ পৰা প্ৰকাশিত হৈছিল। ২০২২ চনত জাৰ্মান ডেৰ ৱিণ্ড-ৰ সৈতে তেওঁৰ কবিতা সংকলন জাৰ্মানীৰ মাৰবাৰ্গ বুক-ৰ দ্বাৰা প্ৰকাশিত হৈছিল। ২০২৩ চনত তেওঁ তেওঁৰ মংগোলিয়ান ভাষাত ৰচিত প্ৰেমৰ শক্তিশালী কাব্যিক ৰচনা সংগীতৰ সৈতে প্ৰকাশ কৰিছিল।

তে‍ওঁৰ কবিতা ৪০টাতকৈও অধিক ভাষালৈ অনূদিত হৈছে আৰু দ্য বেষ্ট মঙ্গোলিয়ান পোয়েট্ৰী সংকলনত তেওঁৰ কবিতাবোৰ অন্তৰ্ভুক্ত কৰা হৈছে।১০১১

হাডা চেণ্ডু বৰ্তমান আন্তঃৰাষ্ট্ৰীয় সাহিত্য ত্ৰিমাসিকৰ পৰামৰ্শদাতা সম্পাদক।১২

হাডা চেন্দুৰ কবিতাৰ বিষয়ে কবিসকলৰ অভিমত

কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা কবি ৰিচাৰ্ড বেৰেংগাৰ্টনে হাদা চেণ্ডুৰ এখন গ্ৰন্থৰ বিষয়ে লিখিছে- "মই এই কিতাপখন ভালদৰে পঢ়িছো। তাতোকৈ ডাঙৰ কথাটো হ'ল তেওঁৰ মহান দৃষ্টিশক্তিৰ গভীৰতা আৰু বিস্তৃতি আৱিষ্কাৰ কৰি মই আনন্দিত হৈছোঁ। মোৰ এই ধাৰণাটো আৰু অধিক শক্তিশালী হৈ উঠিল যেতিয়া মই "ক'ম বেক টু আৰ্থ" নামৰ কিতাপখনত "একবিংশ শতিকাৰ কবি"ৰ বিষয়ে লিখা গদ্য, আৰু তেওঁৰ কবিতা "দ্য ৱিণ্ড" পঢ়িলোঁ। এই দুয়োটা পাঠেই মোৰ "সৰ্বজনীনতাবাদী কবি" আৰু "সৰ্বজনীনতাবাদী কবিতা"ৰ ধাৰণাটোৰ সৈতে জড়িত। "দ্য ৱিণ্ড"ৰ বিষয়বস্তু (বায়ু, উশাহ, আত্মা) অতি গভীৰ। "কাম বেক টু আৰ্থ"ৰ কবিতাবোৰে মোক মংগোলিয়াৰ ব্যাপক উদাৰতাৰ অনুভৱ দিয়াৰ লগতে‍ হেৰাই যোৱা সংস্কৃতিৰ বাবেও মোক দুখী কৰি তুলিছিল। ই মোক মনত পেলাই দিলে "দ্য কেভ অৱ দ্য ইয়েলো ডগ" আৰু "ষ্ট’ৰী অৱ দ্য ৱেপিং কেমেল" নামৰ সুন্দৰ চিনেমা দুখনৰ কথা।"

জাৰ্মানীৰ লেখক ৰেইনাৰ ৱেডলাৰে [ডি] কৈছিলঃ "মংগোলিয়ান কবি হাডা চেণ্ডুৰ কবিতাবোৰে সাহিত্যিক ভূগোলৰ সামান্যভাৱে‍ জনা ক্ষেত্ৰত অন্তৰ্দৃষ্টি প্ৰদান কৰে।"

জাৰ্মানীৰ এজন কলা সমালোচক এণ্ড্ৰিয়াছ ৱেইলেণ্ড কৈছিলঃ "হাডা চেণ্ডুৰ কবিতাই তেওঁৰ জীৱন, প্ৰকৃতি, বহল ভূমি, মংগোলিয়াৰ বতাহক প্ৰতিধ্বনিত কৰে। মই ছন্দ শুনিবলৈ চেষ্টা কৰোঁ। মই প্ৰতিটো শাৰীৰ কাব্যিক গুণৰ প্ৰতি‍ মনোযোগ দিওঁ। মই ভাবোঁ, তেওঁৰ কবিতাত থকা শাৰীবোৰ যেনে "আন এটা মৃত্যুৰ বাবে পদত্যাগ কৰা" বা "আন এটা মৃত্যুকলৈ সুখী" - এই দুয়োটা পুনৰজন্মৰ কথা উল্লেখ কৰে। আমি বহুবাৰ মৰোঁ, কিয়নো আমি শ্বামানিষ্ট আৰু বৌদ্ধ (আৰু অন্যান্য) বিশ্বাস অনুসৰি পুনৰ জন্ম লৈছোঁ। তেওঁৰ কবিতাবোৰে মোৰ হৃদয় স্পৰ্শ কৰে, চিন্তা আৰু শক্তিশালী কৰে, আৱেগ আৰু তীব্ৰ ছবিৰ সৃষ্টি কৰে, মই হাডা চেণ্ডুক এজন সংবেদনশীল আৰু প্ৰকৃত কবি হিচাপে উচ্চ সন্মান দিছোঁ।" [ citation needed]

প্ৰভাৱ

হাডাক মেডেলিনৰ প্ৰভাৱশালী আন্তঃৰাষ্ট্ৰীয় কবিতা মহোৎসৱত অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল, আৰু লগতে ২০১১ চনৰ টকিঅ' কবিতা মহোৎসৱলৈ আমন্ত্ৰণ জনাইছিল।১৩ ২০১২ চনত তেওঁ ইউকেৰ সৰ্ববৃহৎ কবিতা উৎসৱ পোয়েট্ৰী পাৰ্নাছাছতো অংশগ্ৰহণ কৰিছিল।

২০০৬ চনৰ অক্টোবৰ মাহত মধ্য এছিয়াত হাডা চেণ্ডুৰ দ্বাৰা প্ৰতিষ্ঠা কৰা ৱৰ্ল্ড পয়েট্ৰি আলমানাক প্ৰকাশ পাইছিল। . .

হাডা চেণ্ডুক প্ৰভাৱৰ এক দক্ষ নেতা হিচাপে স্বীকৃতি দিয়া হৈছে (আমেৰিকান বায়'গ্ৰাফিকেল ইনষ্টিটিউট, ২০১০)।

২০১৬ চনত, হাডা চেণ্ডুৰ কবিতাৰ সংকলন ছুইট স্মেল অৱ গ্ৰাছ পাৰ্চী ভাষাত প্ৰকাশিত হয়। এই কবিতা সংকলনখন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন তেহৰাণ আন্তঃৰাষ্ট্ৰৰ গ্ৰন্থমেলাত প্ৰদৰ্শিত আৰু আলোচনা কৰা হৈছিল। ২০১৭ চনত, হাডা চেণ্ডুৰ কবিতা সংকলন "ৱেন ইচ ষ্টেৰবে, ৱেৰ্ডে ইচ ট্ৰুমেন" (দ্বিভাষিক মংগোলিয়ান-জাৰ্মান) ফ্ৰাংকফুৰ্ট গ্ৰন্থমেলাত প্ৰকাশ পাইছে আৰু কবিতা সংকলন "চিচ জুহাউজ ফুলেন" (জাৰ্মান সংস্কৰণ, জাৰ্মানীৰ ফ্ৰাংকফৰ্ট গ্ৰন্থমেলা ২০১৮) প্ৰকাশ পাইছিল।

২০১৭ চনত, হাডা চেণ্ডুৱে ৰাছিয়াৰ মস্কোত অনুষ্ঠিত ডুঅছ-২০১৭ মহোৎসৱত "পাঁচ মহাদেশৰ ইস্তাহাৰ"ৰ বাবে এক বঁটা লাভ কৰিছিল।

২০১৮ চনত হাডা চেণ্ডুৱে সোচিত অনুষ্ঠিত তৃতীয় ইউৰেছিয়ান সাহিত্য মহোৎসৱত ৰূপৰ পদক লাভ কৰিছিল। তেওঁৰ কবিতা গ্ৰন্থ "শান্তি, ভগ্ন হৃদয়" সোচিৰ পুছকিন পুথিভঁৰালৰ সংগ্ৰহালয়ত যোগ কৰা হৈছিল।

২০১৯ চনত, হাডা চেণ্ডুক ভিয়েটনাম আন্তঃৰাষ্ট্ৰীয় কবিতা মহোৎসৱ, কাজাখস্তানৰ আলমাটিৰ আন্তঃৰাষ্ট্ৰীয় লেখক মঞ্চ আৰু আজৰবাইজানৰ বাকুৰ ইউৰেছিয়ান সাহিত্য মহোৎসৱলৈ আমন্ত্ৰণ জনোৱা হৈছিল। তাত তেওঁ ৰেচম পথ সাহিত্য মহোৎসৱৰ সৰ্বোচ্চ সন্মান সোণৰ পদক লাভ কৰিছিল।

বঁটা

  • দ্য পোয়েট অৱ দ্য মিলেনিয়াম বঁটা (২০০০)
  • বিশিষ্ট কবিৰ বাবে বিশ্ব কবিতা বঁটা (২০০৫)
  • মঙ্গোলীয় লেখক সংঘ বঁটা (২০০৯)
  • কবিতাৰ বাবে পিনেকল অৱ এচিভমেণ্ট বঁটা (২০১১)
  • দূৰদৰ্শী কবি বঁটা (২০১৫)
  • ডি.ও.অ'.এছ. গোটৰ কবিতা বঁটা (২০১৭)
  • ইউৰেছিয়ান-অল-ৰাছিয়ান সাহিত্য মহোৎসৱৰ সৰ্বোচ্চ বঁটা (২০১৮)
  • মেথিউ আৰ্নল্ড বঁটা (২০১৮)
  • বিশ্ব লেখক সংঘ বঁটা (২০১৯)
  • ৱ'ল্ড আইকন অৱ পিচ এৱাৰ্ড (২০১৯)
  • আধুনিক সাহিত্য নৱজাগৰণ বঁটা (২০১৯)
  • ৰেচম পথ বঁটা (২০১৯)
  • ন 'ছাইড বিশ্ব কবিতা বঁটা (২০১৯)

সাহিত্য-কৰ্ম

  • পয়েট্ৰি বুকচ: দ্য নোমেডিক ছঙছ এণ্ড মুনলাইট (চীনা, ১৯৮৯)
  • ৰক চংং/খাদিন দুউলাল (মঙ্গোলিয়ান, ১৯৯৬)
  • দ্য ষ্টেপ্পে/তাল (মঙ্গোলিয়ান, ২০০৫)
  • কম বেক টু আৰ্থ (ইংৰাজী, ২০০৯)
  • কম বেক টু আৰ্থ (হুই গুই দা দি, চীনা অনুবাদ ২০১০)
  • ইউৰ্ট (জৰ্জিয়ান, ২০১০)
  • ৰোড ইজ নট কম্প্লিটড/উজুৰগুই জাম (মঙ্গোলিয়ান, ২০১১)
  • তৃণৰ মিঠা গোন্ধ (বোৱী শ্বিৰীন চমন পাৰ্চী, ২০১৬)
  • অৰোৰা (কুৰ্দিশ, ২০১৭)
  • মংগোলিয়ান লং চং (জৰ্জিয়ান, ২০১৭)
  • ৱেন ইচ ষ্টেৰবে, ৱেৰ্ডে ইচ ট্ৰুমেন (দ্বিভাষিক মংগোলিয়ান/জাৰ্মান, ২০১৭)
  • মঙ্গোলিয়ান ব্লু স্পটছ/মঙ্গুলছ ব্লাউৱে প্লেকেন (দ্বিভাষিক ইংৰাজী/ডাচ, ২০১৮)
  • এ কৰ্নাৰ অৱ দ্য আৰ্থ/ইট হোৰ্নে পা জৰ্ডা (দ্বিভাষিক ইংৰাজী/নৰৱেজীয়, ২০১৮)
  • মিৰ, ৰাজবিতে চেৰ্ডছে (ৰাছিয়ান, ২০১৮)
  • চিচ জুহাউজ ফুলেন (জাৰ্মান, ২০১৮)
  • মঙ্গোলিচাৰ ব্লাউয়াৰ ফ্লেক (জাৰ্মান, ২০১৯)
  • হিৰ্টেনলাইডাৰ উণ্ড মণ্ডচেন (আৰ্লি ৱৰ্কছ এণ্ড লং পোয়েম, দ্বিভাষিক সংস্কৰণ, ২০২০)
  • চাঁদেৰ আলোয় যাযাবৰ গান (বাংলা, ২০২০)
  • ডেৰ ৱিণ্ড (জাৰ্মান, মাৰবাৰ্গ বুক ২০২২)
  • লাইন অফ হেভেন/টেংগেৰিন উটাস (মঙ্গোলিয়ান, ২০২৩)
  • দ্য লাভ দ্যাট কেম টু মি/নাদাদ ইৰচেন দুৰলাল (মঙ্গোলিয়ান, ২০২৩)

বাহ্যিক সংযোগসমূহ

  • আন্তঃৰাষ্ট্ৰীয় সাহিত্য কোৱাৰ্টাৰ্লীত হাডা চেণ্ডু চৰকাৰী ৱেবছাইট
  • আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্য চেণ্টাৰ ফৰ চেণ্ট্ৰেল এছিয়ান লিটাৰচেছ ইন ট্ৰান্সলেশনৰ পৰা ইংৰাজীত মূল মংগোলিয়ান কবিতা
  • Poems in Mongolian-English Street Voice সংখ্যাঃ Spring 2015 (ইউৰোপত অৱস্থিত এক অ-বাণিজ্যিক, বহুভাষিক সাহিত্য আলোচনী।
  • পোয়েটিক ছ 'লছ-ত মংগোলিয়ান চিৰিলিক লিপিৰ মংগোলিয়ান কবিতা কবি আত্মা
  • PROMETEO, Numemero 88-89। 2011 ৰ জুলাইৰ কবিতা৷ স্পেনিছ কবিতা৷
  • চীনা ভাষাত চীনা দক্ষিণ কলা কবিতা
  • জাপানী কবিতা
  • Poeta Hadaa Sendoo, Pro Esia, 3 de Janeiro de 2013 পৰ্তুগীজ ভাষাত কবিতা
  • Nord LITERAR (105) FEBR 2012, Roma 2018-10-07 at the Wayback Machine Poems in Romanian ৱেব্যাক মেচিনত নৰ্ড লিটাৰাৰ (105) ৰোমানীয় কবিতা
  • Magazine Art et Poésie De Touraine-No 194-Automne 2008 আৰ্কাইভড ২০১১-০৫-০২ at the Wayback Machine Poem in French
  • ইটালিয়ান ভাষাত হাডা চেণ্ডু কবিতা
  • itü sözlük inanna salome ১১.০২.২০১৩ তুৰ্কী ভাষাত কবিতা
  • Edisi Sabtu, ৩০ এপ্ৰিল ২০১১ ইন্দোনেশিয়ান কবিতা
  • Сендо, Сетов 2011 [স্থায়ী মৃত লিংক] ৰাছিয়ান কবিতা
  • Fixpoetry ২০১৮ আৰ্কাইভ ২০১৮-০৬-১২ at the Wayback Machine Poem in জাৰ্মান-মঙ্গোলিয়ান
  • আস্তানা, ২০১৮ কাজাখ কবিতা
  • তাজিক ভাষাত কবিতাৰ ৰচনা
  • বাৰবাৰাছ, নেদাৰলেণ্ড, ২০১৮ ডাচ্চ ভাষাত কবিতা

তথ্যসূত্ৰ

  1. ↑ Library of Congress LCCN Permalink n2007081000. lccn.loc.gov
  2. ↑ WORLD POETRY ALMANAC
  3. ↑ Hari. Two Seasons: Korea in Poems
  4. ↑ Poetry Magazines - Introduction to Hadaa Sendoo. poetrymagazines.org.uk
  5. ↑ OpenLibrary.org. WORLD POETRY ALMANAC. Open LibraryOpenLibrary.org. "WORLD POETRY ALMANAC". Open Library. Retrieved 2017-06-28
  6. ↑ See "Parnassus, series 3, no. 17, 2012", ed. by David Constantine, in: mpT Modern Poetry in Translation, 2012. – See also: . See also: আৰ্কাইভ কপি. And see also:
  7. ↑ Poems 'rain' over London. Citizenside France
  8. ↑ Astley; Selby, Anna. (2012-06-26). The World Record. Bloodaxe Books Ltd. ISBN 9781852249380
  9. ↑ Chaswal. (2015-09-29). Contemporary Poetry-an Anthology of Present Day Best Poems. CreateSpace Independent Publishing Platform. ISBN 9781517242541
  10. ↑ See: G. Mend-ooyo (ed.), The Best of Mongolian Poetry, transl. by Simon Wickham-Smith; published as part of the series Kegan Paul Library of Mongolian Literature, London (UK), Boston, MA, etc.: Kegan Paul Interntl., 2008. . See also:
  11. ↑ Ooyo. (2010-01-01). Best Of Mongolian Poetry. Routledge. ISBN 9780710313676
  12. ↑ The International Literary Quarterly. www.interlitq.org
  13. ↑ See: Second Tokyo Poetry Festival and Sixth World Haiku Association Conference 2011. Tokyo Poetry Festival Council, NPO World Haiku Association: 10 Sept 2011, 16:00~18:00 h. Poetry Reading 5: Sayumi Kamakura, Petar Tchouhov, Kazuyuki Hosomi, Hadaa Sendoo, Eiko Kukuminato, Iztok Osojnik Junko Takahashi. - আৰ্কাইভ কপি. The event took place at Meiji University's Liberty Hall(Liberty Tower 1F)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাডা চেণ্ডু” প্ৰবন্ধৰ সংশোধন ৬৩৮৬৫৬ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।