অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

স্পেমিং

স্পেমিং হৈছে বাণিজ্যিক বিজ্ঞাপন, অবাণিজ্যিক ধৰ্মান্তৰকৰণ, বা যিকোনো নিষিদ্ধ উদ্দেশ্য (বিশেষকৈ ফিছিং )ৰ উদ্দেশ্যে বৃহৎ সংখ্যক প্ৰাপকলৈ একাধিক অনাকাংক্ষিত বাৰ্তা ( স্পেম ) প্ৰেৰণ কৰিবলৈ বাৰ্তা প্ৰেৰণ ব্যৱস্থাৰ ব্যৱহাৰ, বা কেৱল একেটা বাৰ্তা বাৰে বাৰে একেজন ব্যৱহাৰকাৰীলৈ প্ৰেৰণ কৰাৰ প্ৰক্ৰিয়া।

হালনাগাদ: ১৩ জানুৱাৰী ২০২৫ ২০২ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

স্পেমিং হৈছে বাণিজ্যিক বিজ্ঞাপন, অবাণিজ্যিক ধৰ্মান্তৰকৰণ, বা যিকোনো নিষিদ্ধ উদ্দেশ্য (বিশেষকৈ ফিছিং )ৰ উদ্দেশ্যে বৃহৎ সংখ্যক প্ৰাপকলৈ একাধিক অনাকাংক্ষিত বাৰ্তা ( স্পেম ) প্ৰেৰণ কৰিবলৈ বাৰ্তা প্ৰেৰণ ব্যৱস্থাৰ ব্যৱহাৰ, বা কেৱল একেটা বাৰ্তা বাৰে বাৰে একেজন ব্যৱহাৰকাৰীলৈ প্ৰেৰণ কৰাৰ প্ৰক্ৰিয়া। যদিও স্পেমৰ আটাইতকৈ বেছি স্বীকৃতিপ্ৰাপ্ত ৰূপটো হৈছে ইমেইল স্পেম, এই শব্দটো অন্য মাধ্যমত অনুৰূপ অপব্যৱহাৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয় যেনে: তৎক্ষণাত বাৰ্তা প্ৰেৰণ স্পেম, ইউজেনেট নিউজগ্ৰুপ স্পেম, ৱেব চাৰ্চ ইঞ্জিন স্পেম, ব্লগত স্পেম, ৱিকি স্পেম, অনলাইন ক্লাছিফাইড এডছ স্পেম, মোবাইল ফোন মেছেজিং স্পেম, ইণ্টাৰনেট ফ'ৰাম স্পেম, জাংক ফেক্স ট্ৰেন্সমিছন, সামাজিক স্পেম, স্পেম মোবাইল এপছ, ১ টেলিভিছন বিজ্ঞাপন আৰু ফাইল শ্বেয়াৰিং স্পেম। এই শব্দটো Spam, Monty Python-ৰ এটা স্কেচত দেখা পোৱা এবিধ দুপৰীয়া আহাৰত খোৱা মাংসৰ পৰা আহিছে, য'ত দেখা যায় যে এখন ৰেষ্টুৰেন্টৰ প্ৰায় প্ৰতিটো খাদ্যতে Spam ব্যৱহাৰ কৰা আছে আৰু তাতেই কেইজনমান ভাইকিংছে বাৰে বাৰে "Spam" বুলি গাই থাকে।

স্পেমিং অৰ্থনৈতিক দিশৰ পৰা অতি সুবিধাজনক কাৰণ বিজ্ঞাপনদাতাসকলৰ বাবে ই -মেইলিঙৰ লগত জড়িত উপাদানবোৰৰ বাদে অন্য বিশেষ খৰচ নাই, আৰু প্ৰেৰকসকলক জবাবদিহি কৰাটো কঠিন হৈ পৰে। উৎপাদনশীলতা হ্ৰাস আৰু জালিয়াতিৰ দৰে খৰচসমূহ জনসাধাৰণ আৰু ইণ্টাৰনেট সেৱা প্ৰদানকাৰীয়ে বহন কৰিবলগীয়া হয়, যিয়ে স্পেমিঙক আৰু অধিক কাৰ্য্যক্ষম কৰি তোলে। বৰ্তমান সময়ত স্পেমিঙৰ লগত জড়িত বহুতো আইন প্ৰণয়ন হৈছে। ২

স্পেম সৃষ্টি কৰা ব্যক্তিক স্পেমাৰ বোলা হয়। ৩

তথ্যসূত্ৰ

  1. ↑ Developer Policy Center – Intellectual Property, Deception, and Spam. play.google.com
  2. ↑ The Definition of Spam. The Spamhaus Project
  3. ↑ Gyöngyi; Garcia-Molina, Hector. (2005). Proceedings of the First International Workshop on Adversarial Information Retrieval on the Web (AIRWeb), 2005 in The 14th International World Wide Web Conference (WWW 2005) May 10, (Tue) – 14 (Sat), 2005, Nippon Convention Center (Makuhari Messe), Chiba, Japan. ACM Press. ISBN 978-1-59593-046-0Gyöngyi, Zoltan; Garcia-Molina, Hector (2005). "Web spam taxonomy" (PDF). Proceedings of the First International Workshop on Adversarial Information Retrieval on the Web (AIRWeb), 2005 in The 14th International World Wide Web Conference (WWW 2005) May 10, (Tue) – 14 (Sat), 2005, Nippon Convention Center (Makuhari Messe), Chiba, Japan. New York, NY: ACM

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্পেমিং” প্ৰবন্ধৰ সংশোধন ৪৬৩৫৮২ (১৩ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।