অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

স্কাৰলেট ৱিচ্ছ

স্কাৰলেট ৱিচ্ছ (ৱাণ্ডা মেক্সিমফ) (Scarlet Witch (Wanda Maximoff)) মাৰ্ভেল কমিক্সে প্ৰকাশ কৰা আমেৰিকাৰ কমিক্সত দেখা পোৱা এটা কাল্পনিক চৰিত্ৰ। লেখক ষ্টেন লী আৰু শিল্পী জেক কাৰ্বিয়ে এই চৰিত্ৰটো সৃষ্টি কৰিছিল। ১৯৬৪ চনৰ মাৰ্চত কমিক বুকছৰ ৰূপালী যুগৰ দ্য এক্স-মেন #৪-ত চৰিত্ৰটোৱে প্ৰথমবাৰলৈ ভূমুকি মাৰে।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৪৩৩ শব্দ · ২ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

স্কাৰলেট ৱিচ্ছ (ৱাণ্ডা মেক্সিমফ) (Scarlet Witch (Wanda Maximoff)) মাৰ্ভেল কমিক্সে প্ৰকাশ কৰা আমেৰিকাৰ কমিক্সত দেখা পোৱা এটা কাল্পনিক চৰিত্ৰ। লেখক ষ্টেন লী আৰু শিল্পী জেক কাৰ্বিয়ে এই চৰিত্ৰটো সৃষ্টি কৰিছিল। ১৯৬৪ চনৰ মাৰ্চত কমিক বুকছৰ ৰূপালী যুগৰ দ্য এক্স-মেন #৪-ত চৰিত্ৰটোৱে প্ৰথমবাৰলৈ ভূমুকি মাৰে। মূলতঃ সম্ভাৱনা সলনি কৰাৰ ক্ষমতা থকা বুলি গণ্য কৰা স্কাৰলেট ৱিচ্ছক ১৯৮০ চনৰ পৰা এগৰাকী শক্তিশালী যাদুকৰী হিচাপে চিত্ৰিত কৰা হৈছে আৰু পিছলৈ কোৱা হৈছে যে তেওঁ বাস্তৱক সলনি কৰিব পৰাকৈ যথেষ্ট শক্তিশালী। কমিক বুক ইতিহাসৰ সিংহভাগতে তেওঁক এগৰাকী মিউটেণ্ট হিচাপে চিত্ৰিত কৰা হৈছ। মিউটেণ্ট হৈছে এক কাল্পনিক উপপ্ৰজাতি যি অতিমানৱীয় ক্ষমতা আৰু বৈশিষ্ট্য প্ৰদান কৰা "এক্স-জিন"ৰ সৈতে জন্মগ্ৰহণ কৰে। ২০১৫ চনৰ এটা কাহিনীৰ জৰিয়তে এই কথাৰ সংশোধন কৰি প্ৰতিষ্ঠা কৰা হৈছিল যে তেওঁৰ অতিমানৱীয় বৈশিষ্ট্যসমূহ হাই ইভলিউচনেৰীয়ে সৰুতে কৰা পৰীক্ষা-নিৰীক্ষাৰ ফল।১

স্কাৰলেট ৱিচ্ছক প্ৰথমে তেওঁৰ যমজ ভাতৃ পিয়েট্ৰ' মেক্সিমফ বা কুইকচিলভাৰৰ সৈতে এগৰাকী অনিচ্ছুক ছুপাৰভিলেইন হিচাপে চিত্ৰিত কৰা হৈছে। দুয়োজনেই ব্ৰাদাৰহুড অৱ মিউটেণ্টছৰ প্ৰতিষ্ঠাপক সদস্য। আত্মপ্ৰকাশৰ এবছৰৰ পিছত তেওঁ এভেঞ্জাৰছৰ ছুপাৰহিৰো দলত যোগদান কৰে আৰু তেতিয়াৰ পৰাই তেওঁক প্ৰায়ে সেই দল বা আনুষংগিক দলৰ নিয়মীয়া সদস্য হিচাপে চিত্ৰিত কৰা হয় (যেনে ৱেষ্ট ক'ষ্ট এভেঞ্জাৰছ আৰু ফৰ্চ ৱৰ্কছ)। ১৯৭৫ চনত তেওঁ নিজৰ দলৰ এণ্ড্ৰইড দলৰ সতীৰ্থ ভিজনক বিয়া কৰায় আৰু পিছলৈ ধাৰলৈ লোৱা যাদুকৰী শক্তি ব্যৱহাৰ কৰি নিজকে গৰ্ভৱতী কৰে। ফলত যমজ পুত্ৰ উইলিয়াম ("বিলি") আৰু থমাছৰ (“টমী”) জন্ম হয়। ১৯৮৯ চনৰ কাহিনীসমূহত টমী আৰু বিলি অস্তিত্বৰ পৰা নোহোৱা হৈ যায় (পিছলৈ তেওঁলোকে উইকান আৰু স্পীড নামৰ নায়ক হিচাপে পুনৰ আবিৰ্ভাৱ হয়) আৰু ভিজনৰ আৱেগ-অনুভূতি নোহোৱা হয়। ইয়াৰ ফলত তেওঁ আৰু ৱাণ্ডাৰ বিবাহ বাতিল হয়।

চৰিত্ৰটোৰ পূৰ্বৰ কাহিনী আৰু পিতৃ-মাতৃ পৰিচয় একাধিকবাৰ সলনি হৈছে। ১৯৬০ চনৰ সময়ছোৱাত তেওঁ আৰু কুইকচিলভাৰ দুজন মানৱ ৰোমানী পিতৃ-মাতৃ জাংগো আৰু মাৰিয়া মেক্সিমফৰ মিউটেণ্ট যমজ সন্তান বুলি কোৱা হয়। পিছলৈ কোৱা হয় যে শিশুকেইটাক দত্তক হিচাপে লোৱা হৈছিল যাক হাই ইভলিউচনেৰী নামৰ জিনীয় বিজ্ঞানীয়ে মেক্সিমফ পৰিয়ালক দিছিল আৰু ইয়াৰ ফলত তেওঁলোকৰ প্ৰকৃত পিতৃ-মাতৃৰ বিষয়ে এক ৰহস্যৰ সৃষ্টি হৈছিল। ১৯৭৪ চনত কোৱা হয় যে তেওঁলোকৰ পিতৃ-মাতৃ হৈছে সোণালী যুগৰ নায়ক বব ফ্ৰেংক/হুইজাৰ আৰু মেডেলিন জয়ছ ফ্ৰেংক/মিছ আমেৰিকা। তাৰ পিছত ৱাণ্ডাই নিজকে কিছুদিনৰ বাবে ৱাণ্ডা ফ্ৰেংক বুলি উল্লেখ কৰে। ১৯৮২ চনত মেগনেট' এই সিদ্ধান্তত উপনীত হয় যে তেওঁ ৱাণ্ডা আৰু পিয়েট্ৰ’ৰ পিতৃ। ২০১৪ চনত AXIS ক্ৰছঅভাৰত প্ৰকাশ পাইছিল যে পিয়েট্ৰ’ আৰু ৱাণ্ডাৰ মেগনেট’ৰ সৈতে সম্পৰ্ক নাই। ২০১৫ চনত যমজ সন্তান দুটাই আৱিষ্কাৰ কৰে যে তেওঁলোক মিউটেণ্ট নহয় আৰু তেওঁলোকৰ অতিমানৱীয় বৈশিষ্ট্যসমূহ হাই ইভলিউচনেৰীৰ পৰীক্ষাৰ ফল। ২০১৫–২০১৭ চনৰ স্কাৰলেট ৱিচ্ছ ছিৰিজত প্ৰকাশ পাইছে যে ৱাণ্ডা আৰু পিয়েট্ৰ’ৰ দত্তক পিতৃ-মাতৃ জাংগো আৰু মাৰিয়া মেক্সিমফ জৈৱিকভাৱে তেওঁলোকৰ খুড়ায়েক আৰু খুড়ীয়েক। তেওঁলোকৰ প্ৰকৃত মাতৃ নাটালিয়া মেক্সিমফ হৈছে স্কাৰলেট ৱাৰলকৰ জীয়ৰী, এগৰাকী যাদুকৰী তথা পূৰ্বৰ স্কাৰলেট ৱিচ্ছ।

২০১৪ চনৰ পৰা এলিজাবেথ অলচেনে মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছত ৱাণ্ডা মেক্সিমফৰ চৰিত্ৰত অভিনয় কৰি আহিছে।২

তথ্যসূত্ৰ

  1. ↑ Parrish, Robin. (May 7, 2015). Marvel Comics Retcon Alert: Scarlet Witch And Quicksilver Aren't Mutants Anymore. Tech Times
  2. ↑ Goldberg, Matt. (May 5, 2014). Elizabeth Olsen and Aaron Taylor-Johnson Talk Avengers: Age of Ultron, Working on the Accents, Thoughts on the Set Photos, and More. Collider

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্কাৰলেট ৱিচ্ছ” প্ৰবন্ধৰ সংশোধন ৬৩৭৮৩৮ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।