অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

স্কাৰলেট জ'হানছন

স্কাৰলেট জ'হানছন (Scarlett Johansson) (জন্ম ২২ নৱেম্বৰ, ১৯৮৪) এগৰাকী আমেৰিকান অভিনেত্ৰী, মডেল আৰু গায়িকা। তেওঁৰ পিতৃৰ নাম কাৰ্ষ্টেন জ'হানছন আৰু মাতৃ মেলানি স্ল'ৱান।

হালনাগাদ: ২১ মাৰ্চ ২০২৪ ২১৩ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

স্কাৰলেট জ'হানছন (Scarlett Johansson) (জন্ম ২২ নৱেম্বৰ, ১৯৮৪) এগৰাকী আমেৰিকান অভিনেত্ৰী, মডেল আৰু গায়িকা। তেওঁৰ পিতৃৰ নাম কাৰ্ষ্টেন জ'হানছন আৰু মাতৃ মেলানি স্ল'ৱান।

জ'হানছনে নৰ্থ (১৯৯৪) বোলছবিৰে অভিনয় জীৱনৰ পাতনি মেলে১ আৰু পিছলৈমেনী এণ্ড ল' (১৯৯৬) বোলছবিত অভিনয়ৰ বাবে শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰীৰ বাবে ইণ্ডিপেণ্ডেণ্ট স্পিৰিট বঁটাৰ মনোনয়ন লাভ কৰে।১ দা হৰ্ছ হুইছ্‌পাৰ (১৯৯৮) আৰু ঘ'ষ্ট ৱৰ্ল্ড (২০০১) ছবিৰে তেওঁৰ কেৰিয়াৰৰ গ্ৰাফ উৰ্ধগামী হ'বলৈ ধৰে।১২ গাৰ্ল ৱিথ এ পাৰ্ল ইয়েৰিং (২০০৩) আৰু চ'ফিয়া ক'প'লাৰ লষ্ট ইন্‌ ট্ৰান্সলেছন (২০০৩) ছবিত তেওঁ প্ৰাপ্তবয়স্কৰ মুখ্য চৰিত্ৰত অভিনয়ৰ সুযোগ পায়।৩ পিছৰখন ছবিৰ বাবে তেওঁ এটা মুখ্য চৰিত্ৰৰ অভিনেত্ৰীৰ এটা বাফ্‌টা বঁটা লাভ কৰে।৪ এই দুয়োখন ছবিয়ে গ'ল্ডেন গ্ল'ব বঁটাৰ মনোনয়নো লাভ কৰিছিল।৫

এ লাভ ছং ফ'ৰ ববী লং (২০০৪) ছবিত তেওঁৰ চৰিত্ৰৰ বাবে জ'হানছনে তৃতীয়বাৰলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ গ'ল্ডেন গ্ল'ব বঁটাৰ মনোনয়ন লাভ কৰে।৫ জ'হানছনে উডী এলেনৰ মেট্‌ছ প'ইণ্ট (২০০৫) ছবিৰ বাবে আন এটা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ গ'ল্ডেন গ্ল'ব বঁটাৰ বাবে মনোনীত হৈছিল। তেওঁ পিছলৈ উডী এলেনৰ আন দুখন ছবিত অভিনয় কৰে: স্কুপ (২০০৬) আৰু ভিকী ক্ৰিষ্টিনা বাৰ্চিলোনা (২০০৮)। তেওঁৰ ইয়াৰ পিছৰ বোলছবিবোৰৰ ভিতৰত দা আইলেণ্ড (২০০৫), দা ব্লেক দালিয়া (২০০৬), দা প্ৰেষ্টিজ (২০০৬), দা আদাৰ ব'লেইন গাৰ্ল (২০০৮), ভিকী ক্ৰিষ্টিনা বাৰ্চিলোনা (২০০৮) আৰু হি ইজ জাষ্ট নট্‌ ডেট ইন্‌টু ইউ (২০০৯) উল্লেখযোগ্য। আইৰন মেন ২' (২০১০), দা এভেঞ্জাৰ্ছ (২০১২) আৰু কেপ্টেইন আমেৰিকা: দা ৱিণ্টৰ চ'ল্‌জাৰ (২০১৪) চলচ্চিত্ৰত তেওঁ মাৰ্ভেল কমিক্‌ চৰিত্ৰ "নাতাচা ৰ'মান'ফ" ৰূপে অভিনয় কৰিছে আৰু এভেঞ্জাৰ্ছ" এ'জ্‌ অৱ আল্‌ট্ৰন (২০১৫)ত পুনৰ সেই চৰিত্ৰ ৰূপায়ণ কৰিব।৬ ডন জন (২০১৩) আৰু আণ্ডাৰ মাই স্কিন (২০১৪) বোলছবিত জ'হানছনৰ অভিনয় সমালোচকৰ দ্বাৰা প্ৰশংসিত হয়।

২০১০ চনত আৰ্থাৰ মিলাৰৰ এ ভিউ ফ্ৰম দা ব্ৰিজৰ ব্ৰ'ডৱে' প্ৰযোজনাত অভিনয়ৰৰ বাবে জ'হানছনে নাটকত শ্ৰেষ্ঠ অভিনেত্ৰীৰ টনী বঁটা লাভ কৰে। ২০০৮ চনৰ ২০ মে'ত এনীৱে' আই লে' মাই হে'ড এলবামৰ জৰিয়তে জ'হানছনে কণ্ঠশিল্পী ৰূপেও আত্মপ্ৰকাশ কৰে।৭৮ ইয়াত মূলতঃ টম ৱেইট্‌ছৰ গানৰ ক'ভাৰ সংস্কৰণ সন্নিবিষ্ট হৈছিল। পিট য়ৰ্নৰ সৈতে তেওঁৰ কণ্ঠৰ ব্ৰেক আপ এলবামটো ২০০৯ চনৰ চেপ্টেম্বৰত মুক্তি লাভ কৰে।

২০১২ চনত হলীউড ৱাক অৱ ফে'মত জ'হানছনক এটা তৰাৰ বাবে নিৰ্বাচন কৰা হয়।৯

চলচ্চিত্ৰপঞ্জী

+ Film
চলচ্চিত্ৰবৰ্ষভূমিকাটোকা
নৰ্থ১৯৯৪ল’ৰা নেলচনস্কাৰলেট জ'হানছন বুলি পৰিচয় দিয়া হয়
জাষ্ট কজ১৯৯৫কেট আৰ্মষ্ট্ৰং
মেনী এণ্ড ল’১৯৯৬আমান্দাসীমিত মুক্তি মনোনয়ন—শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰীৰ বাবে ইণ্ডিপেণ্ডেণ্ট স্পিৰিট বঁটা
ইফ লুচী ফে'ল১৯৯৬এমিলী
হ'ম এল’ন ৩১৯৯৭ম’লী প্ৰুইট
ফল১৯৯৭সৰু ছোৱালী
দা হৰ্ছ হুইছ্‌পাৰ১৯৯৮গ্ৰেছ মেকনিনড্ৰামা চলচ্চিত্ৰত শ্ৰেষ্ঠ কমবয়সীয়া অভিনেত্ৰীৰ য়ংষ্টাৰ বঁটা মনোনয়ন—শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ব্ল'কবাষ্টাৰ এন্টাৰ্টেইনমেণ্ট বঁটা – ড্ৰামা, ৰোমান্স মনোনয়ন—প্ৰতিভাসম্পন্ন অভিনেত্ৰীৰ চিকাগো চলচ্চিত্ৰ সমালোচক বঁটা মনোনয়ন—ফিচাৰ চলচ্চিত্ৰত শ্ৰেষ্ঠ ভূমিকাৰ য়ং আৰ্টিষ্ট বঁটা
মাই ব্ৰাডাৰ দা পিগ১৯৯৯
দা মেন হু ৱাজণ্ট দেয়াৰ২০০১ৰাচেল 'বাৰ্ডী' এবান্‌ডাছ
ঘ'ষ্ট ৱৰ্ল্ড২০০১ৰেবেকাশ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ট'ৰ'ণ্ট' চলচ্চিত্ৰ সমালোচক বঁটা মনোনয়ন—শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ অনলাইন চলচ্চিত্ৰ সমালোচক সংস্থা বঁটা
এন আমেৰিকান ৰেপ্‌চ'দী২০০১চুজ্‌চি/চুজান চেন্দৰ (১৫ বছৰ)ফিচাৰ চলচ্চিত্ৰত শ্ৰেষ্ঠ ভূমিকাৰ য়ং আৰ্টিষ্ট বঁটা — মুখ্য তৰুণী অভিনেত্ৰী(এম্মা ৱাটছনৰ লগত যুটীয়াভাৱে) মনোনয়ন—ফিচাৰ চলচ্চিত্ৰত শ্ৰেষ্ঠ দলগত অভিনয়ৰ য়ং আৰ্টিষ্ট বঁটা (মে' হুইট্‌মেন আৰু কেলী আন্দ্ৰেজ বান্‌লাকীৰ সৈতে
এইট লেগ্‌ড ফ্ৰিকচ্২০০২এছ্‌লী পাৰ্কাৰ
লষ্ট ইন্‌ ট্ৰান্সলেছন২০০৩চাৰ্ল'টমুখ্য ভূমিকাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাফ্‌টা বঁটা শ্ৰেষ্ঠ অভিনেত্ৰীৰ ব'ষ্ট'ন চলচ্চিত্ৰ সমালোচক সংস্থা বঁটা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ নিউ য়ৰ্ক চলচ্চিত্ৰ সমালোচকৰ অনলাইন বঁটা শ্ৰেষ্ঠ অভিনেত্ৰীৰ আপ্‌ষ্ট্ৰীম বঁটা মনোনয়ন—শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ব্ৰ'ডকাষ্ট চলচ্চিত্ৰ সমালোচক বঁটা মনোনয়ন—শ্ৰেষ্ঠ অভিনেত্ৰীৰ চিকাগো চলচ্চিত্ৰ সমালোচক সংস্থা বঁটা মনোনয়ন—শ্ৰেষ্ঠ অভিনেত্ৰীৰ গ'ল্ডেন গ্ল'ব বঁটা – ম'ছন পিক্‌চাৰ মিউজিকেল বা কমেডী মনোনয়ন—শ্ৰেষ্ঠ মহিলা অভিনয়ৰ MTV চলচ্চিত্ৰ বঁটা মনোনয়ন—শ্ৰেষ্ঠ অভিনেত্ৰীৰ অনলাইন চলচ্চিত্ৰ সমালোচক সংস্থা বঁটা মনোনয়ন—শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ চেটেলাইট বঁটা – ম'ছন পিক্‌চাৰ মিউজিকেল বা কমেডী
গাৰ্ল ৱিথ এ পাৰ্ল ইয়েৰিং২০০৩গ্ৰীটমনোনয়ন—মুখ্য ভূমিকাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাফ্‌টা বঁটা মনোনয়ন—শ্ৰেষ্ঠ অভিনেত্ৰীৰ ব্ৰিটিছ ইণ্ডিপেণ্ডেণ্ট ফিল্ম বঁটা মনোনয়ন—শ্ৰেষ্ঠ অভিনেত্ৰীৰ গ'ল্ডেন গ্ল'ব বঁটা – ম'ছন পিক্‌চাৰ ড্ৰামা মনোনয়ন—শ্ৰেষ্ঠ অভিনেত্ৰীৰ লণ্ডন চলচ্চিত্ৰ সমালোচক বঁটা
এ লাভ ছং ফ'ৰ ববী লং২০০৪পাৰ্চী ৱিলসীমিত মুক্তি মনোনয়ন—শ্ৰেষ্ঠ অভিনেত্ৰীৰ গ'ল্ডেন গ্ল'ব বঁটা – ম'ছন পিক্‌চাৰ ড্ৰামা
এ গুড অ’মেন২০০৪মেগ ৱিণ্ডাৰমেয়াৰসীমিত মুক্তি
দা স্প'ঞ্জ বব্‌ স্কুৱাৰপেণ্ট্‌ছ মুভি২০০৪মিণ্ডীকণ্ঠ
দা পাৰফেক্ট স্ক'ৰ২০০৪ফ্ৰান্সিছ্‌কা কুৰ্টিছ
ইন গুড কোম্পেনী২০০৪এলেক্স ফ'ৰমেন
দা আইলেণ্ড২০০৫জৰ্ডান টু ডেল্‌টা/ছাৰাহ জৰ্ডান
মেট্‌ছ পইণ্ট২০০৫ন'লা ৰাইছমনোনয়ন—শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ চিকাগো চলচ্চিত্ৰ সমালোচক বঁটা মনোনয়ন—শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ গ'ল্ডেন গ্ল'ব বঁটা – ম'ছন পিক্‌চাৰ
স্কুপ২০০৬চ'ন্দ্ৰা প্ৰেন্‌স্কী
দা ব্লেক ডালিয়া২০০৬কেথেৰীণ লে'ক
দা প্ৰেষ্টিজ২০০৬অ'লিভিয়া ৱেন্‌স্ক'ম্বি
দা নেনী ডায়েৰীজ্২০০৭এনী ব্ৰেডক
দা আদাৰ বলেইন গাৰ্ল২০০৮মেৰী বলেইন
ভিকী ক্ৰিষ্টিনা বাৰ্চিল’না২০০৮ক্ৰিষ্টিনাশ্ৰেষ্ঠ দলগত অভিনয়ৰ গ'থাম বঁটা
দা স্পিৰিট২০০৮চিল্কেন ফ'চ
হিইজ জাষ্ট নট দেট ইনটু ইউ২০০৯এনা
আইৰণ মেন ২২০১০ব্লেক ৱিড' (নাটাচা ৰ’মান’ভা)মনোনয়ন—শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ছেটাৰ্ন বঁটা
উই বট এ জু২০১১কেলী
দা এভেঞ্জাৰ্চ2012ব্লেক ৱিড' (নাটাচা ৰ’মান’ভা)

বহিঃ সংযোগ

তথ্যসূত্ৰ

  1. ↑ Scarlett Johansson Biography. People
  2. ↑ Scarlett Johansson – 'Ghost World'. Los Angeles Times
  3. ↑ (June 9, 2003). Toronto film fest puts on the ritz with promising movie lineup. Utusan Malaysia
  4. ↑ Actress in a Leading Role 2003. British Academy of Film and Television Arts
  5. ↑ Scarlett Johansson. Hollywood Foreign Press Association
  6. ↑ Fleming, Mike. (October 2, 2012). Five Actresses Testing For 'Captain America 2′ Role; Black Widow Might Drop By As Well. Deadline.com
  7. ↑ Kharas, Kev. (February 14, 2008). David Bowie to guest on Scarlett Johansson's Tom Waits covers record. Drowned in Sound
  8. ↑ Whiteside, Max. (January 9, 2008). Scarlett Johansson to Release Album in May. andPOP
  9. ↑ Jennifer Aniston, Vin Diesel among Hollywood Walk of Fame class of 2012. CBS News

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিহলিউড অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্কাৰলেট জ'হানছন” প্ৰবন্ধৰ সংশোধন ৪১৩৩৪৪ (২১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।