বাংলাদেশী হিন্দু
১৩ প্ৰবন্ধ
-
বাংলাদেশত হিন্দুধৰ্ম
]] হিন্দু ধৰ্ম হ'ল বাংলাদেশৰ দ্বিতীয় বৃহত্তম প্ৰচলিত ধৰ্ম। ২০২২ চনৰ লোকপিয়ল অনুসৰি বাংলাদেশৰ জনসংখ্যাৰ ৭.৯৫ শতাংশ হ'ল হিন্দু। জনসংখ্যাৰ দিশৰপৰা, ভাৰত আৰু নেপালৰ পিছতেই বাংলাদেশ হ'ল পৃথিৱীৰ তৃতীয় বৃহত্তম হিন্দু জনবহুল দেশ।
-
অপু বিশ্বাস
অপু বিশ্বাস (ইংৰাজী: Apu Biswas; জন্ম: ১১ অক্টোবৰ ১৯৮৯) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল। চলচ্চিত্ৰ জীৱনৰ আৰম্ভণিত কাল সকালে, ও আমাৰ ছেলে, মেশিন মেন আৰু পিতাৰ আসন আদিৰ দৰে ছবিত মুখ্য অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰাত তেওঁ সংগ্ৰাম কৰিছিল।
-
সৌম্য সৰকাৰ
সৌম্য সৰকাৰ(Soumya Sarkar; জন্ম ২৫ ফেব্ৰুৱাৰী ১৯৯৩) এজন বাংলাদেশী ক্ৰিকেটাৰ। তেওঁ এজন বাওঁহতীয়া বেটছমেন আৰু সোঁহতীয়া মধ্যমীয়া-বেগী বলাৰ; যি মূলতঃ অপেনিং বেটছমেন হিচাপে পৰিচিত।
-
অনিমা ৰায়
অনিমা ৰায় (Anima Roy) বাংলাদেশৰ এগৰাকী ৰবীন্দ্ৰ সঙ্গীত গায়িকা আৰু জগন্নাথ বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ অধ্যাপিকা।
-
অপৰ্ণা ঘোষ
অপৰ্ণা ঘোষ (জন্ম ২৫ ছেপ্টেম্বৰ) এগৰাকী বাংলাদেশী অভিনেত্ৰী, নাট্যশিল্পী আৰু মডেল। মৃত্তিকা মায়া (২০১৩) আৰু গণ্ডী (২০২০) চলচ্চিত্ৰত অভিনয়ৰ বাবে তেওঁ দুবাৰকৈ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ শাখাত বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
অবন্তী সিঁথি
অবন্তী সিঁথি (জন্ম ২৩ নভেম্বৰ ১৯৯২) এগৰাকী বংলাদেশী গায়িকা। তেওঁ তেওঁৰ গীত ৰূপকথা জগতৰ বাবে ৱেব ফিল্ম নেটৱৰ্কাৰ বাইৰে (২০২১)ত সৰ্বশ্ৰেষ্ঠ মহিলা গায়িকা হিচাপে মেৰিল–প্ৰথম আলো বঁটা লাভ কৰিছিল। তেওঁ বিশেষ ধৰণৰ ছন্দ সৃষ্টি কৰিবলৈ প্লাষ্টিক কাপ, ফয়েল কাগজ, আৰু ধাতব মুদ্ৰা ব্যৱহাৰ কৰে।
-
অলকা দাশ
অলকা দাশ (Alaka Das) বাংলাদেশৰ এজন শাস্ত্ৰীয় সংগীতৰ শিল্পী। ১৯৪৬ চনত কুমিল্লাত তেওঁৰ জন্ম হৈছিল। তেওঁ ৰাজ্যিক মালিকানাধীন সংবাদ মাধ্যমত বহুতো অপ্ৰচলিত ৰাগ (শাস্ত্ৰীয় সংগীত) গোৱাৰ বাবে বিখ্যাত।
-
অৰুণা বিশ্বাস
অৰুণা বিশ্বাস এগৰাকী বাংলাদেশী টেলিভিছন, মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ এগৰাকী টেলিভিছন নাটকৰ পৰিচালিকাও।
-
দীপা খন্দকাৰ
দীপা খন্দকাৰ (ইংৰাজী: Deepa Khandakar; জন্ম: ২৮ নৱেম্বৰ) এগৰাকী বাংলাদেশী টেলিভিছন অভিনেত্ৰী। তেওঁ মূলতঃ টেলিভিছন নাটকত অভিনয় কৰে আৰু ইয়াৰ লগতে চলচ্চিত্ৰ তথা বিজ্ঞাপনতো অভিনয় কৰে। তেওঁৰ উল্লেখযোগ্য ভাৰতীয় বাংলা চলচ্চিত্ৰসমূহৰ ভিতৰত অন্যতম হ'ল ভাইজান এলো ৰে (২০১৮)।
-
বিদ্যা সিনহা সাহা মীম
বিদ্যা সিনহা সাহা মীম (জন্ম: ১০ নৱেম্বৰ) হৈছে এজন বাংলাদেশী মডেল আৰু অভিনেত্ৰী। তেওঁ ২০০৭ চনৰ লাক্স-চেনেল আই ছুপাৰষ্টাৰ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছিল। একে বছৰতে হুমায়ুন আহমেদ পৰিচালিত আমাৰ আছে জল চলচ্চিত্ৰৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।
-
মিতালি সিং
মিতালি সিং (: Mitali Singh; জন্ম মুখাৰ্জী ) এগৰাকী ভাৰতীয়-বাংলাদেশী শাস্ত্ৰীয় আৰু প্লেবেক গায়িকা, তেওঁৰ ঘৰ বাংলাদেশৰ মৈমনসিঙত। ১৯৮২ চনত দুই পইচাৰ আলতা নামৰ ছবিৰ বাবে আই দুনিয়া এখোন তো আৰ গীতটি পৰিৱেশন কৰাৰ বাবে বাংলাদেশৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
মুন্নী সাহা
মুন্নী সাহা এগৰাকী বাংলাদেশী সাংবাদিক আৰু দূৰদৰ্শনৰ অনুষ্ঠান সঞ্চালিকা। তেওঁ মূলতঃ এটিএন নিউজত কাম কৰিছিল। তেওঁ এটিএন নিউজৰ সংবাদ বিভাগৰ মুৰব্বী আছিল, যিটো বাংলাদেশৰ এটা সংবাদ সম্প্ৰচাৰমূলক দূৰদৰ্শন চেনেল।
-
সুষমা দাস
সুষমা দাস (ইংৰাজী: Shushama Das; জন্ম: ১ মে' ১৯৩০) এগৰাকী বাংলাদেশী লোক-গায়িকা। বাংলাদেশৰ সংগীত জগতলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ২০১৭ চনত বাংলাদেশ চৰকাৰে তেওঁক একুশ্বে পদক (Ekushey Padak) প্ৰদান কৰে।