সুৰমা নদী হৈছে বাংলাদেশ-ভাৰতৰ সীমা অতিক্ৰম কৰা এখন নদী। সুৰমা নদী বাংলাদেশৰ উত্তৰ-পূবৰ চিলেট আৰু সুনামগঞ্জ জিলাৰ এখন নদী। সুৰমা নদীক বাংলাদেশ জল উন্নয়ন ব'ৰ্ড বা "PAUBO"-য়ে উত্তৰ-পূব অঞ্চলৰ ৮৩ সংখ্যক নদী হিচাপে চিহ্নিত কৰিছে। ই বাংলাদেশৰ অন্যতম প্ৰধান নদী।
অন্যান্য তথ্য
ই সুৰমা-মেঘনা নদী ব্যৱস্থাৰ অংশ। ইবন বটুতাই ১৫ দিন এই নদী পথত সাগৰৰ মাজেৰে যাত্ৰা কৰিছিল, তেওঁৰ ৰেহলা গ্ৰন্থত ইয়াৰ বিশদ বিৱৰণ আছে। উত্তৰ-পূব ভাৰতৰ পৰা অহা বৰাক নদী বাংলাদেশ সীমান্তত সুৰমা আৰু কুছিয়াৰা নদীত বিভক্ত হোৱাৰ লগে লগে ইয়াৰ আৰম্ভণি হয়।১ ই চিলেট, সুনামগঞ্জ, নেত্ৰকোনা, কিশোৰগঞ্জৰ ওপৰেৰে বৈ গৈ মেঘনাৰ লগত মিলি যায়। ই ভৈৰব বাজাৰৰ ওপৰত কিশোৰগঞ্জ জিলাত শেষ হয়,২ য'ত দুয়োখন নদী পুনৰ মিলি মেঘনা নদী গঠন হয়। নদীখনৰ পৰা ওলোৱা পানী শেষত বংগোপসাগৰলৈ বৈ যায়।
ধাৰা
মণিপুৰ পাহাৰৰ মাও সংসঙৰ পৰা বৰাক নদীৰ উৎপত্তি হৈছে। বাংলাদেশ সীমান্তত নৈখন দুটা শাখাত বিভক্ত, ইয়াৰ উত্তৰ শাখাটো হৈছে সুৰমা নদী, আৰু দক্ষিণৰ শাখাটো হৈছে কুছিয়াৰা নদী। এইখিনিতে সুৰমা নৈ চিলেট অঞ্চলত প্ৰৱেশ কৰি সুৰমা অৱবাহিকা গঠন কৰে।
বাহ্যিক সংযোগ
- Chowdhury, Masud Hasan. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
তথ্যসূত্ৰ
- ↑ Mannan, Abdul (2002) "Stratigraphic evolution and geochemistry of the Neogene Surma Group, Surma Basin, Sylhet, Bangladesh" University of Oulu, Oulu, Bangladesh
- ↑ United States National Geospatial-Intelligence Agency
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুৰমা নদী” প্ৰবন্ধৰ সংশোধন ৪৫৩৪৭২ (১১ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।