অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বাৰবাৰিকা প্ৰহাৰ

বাৰবাৰিকা প্ৰহাৰ এনে এক যুদ্ধশৈলী য'ত নিৰ্দিষ্ট সামৰিক শত্ৰু বা শত্ৰুপক্ষৰ নিৰ্দিষ্ট স্থানক লক্ষ্য কৰি লোৱা হয় আৰু সেই নিৰ্দিষ্ট কৰি লোৱা শত্ৰু বা স্থানতেই সুক্ষ্মভাৱে মোক্ষম আঘাত হনা হয় যাতে সেই লক্ষ্যৰ কাষৰীয়া আন কোনো অসামৰিক বস্তু বা নাগৰিক এনে আক্ৰমণৰ কবলত নপৰে।

হালনাগাদ: ৪ অক্টোবৰ ২০১৬ ২১৬ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

বাৰবাৰিকা প্ৰহাৰ এনে এক যুদ্ধশৈলী য'ত নিৰ্দিষ্ট সামৰিক শত্ৰু বা শত্ৰুপক্ষৰ নিৰ্দিষ্ট স্থানক লক্ষ্য কৰি লোৱা হয় আৰু সেই নিৰ্দিষ্ট কৰি লোৱা শত্ৰু বা স্থানতেই সুক্ষ্মভাৱে মোক্ষম আঘাত হনা হয় যাতে সেই লক্ষ্যৰ কাষৰীয়া আন কোনো অসামৰিক বস্তু বা নাগৰিক এনে আক্ৰমণৰ কবলত নপৰে।১ বাৰবাৰিকা প্ৰহাৰ সাধাৰণতে দ্ৰুতগতিত কৰা হয়। যুঁজাৰু বিমান, ক্ষেপণাস্ত্ৰ অথবা উৎকৃষ্ট-প্ৰশিক্ষণপ্ৰাপ্ত যুঁজাৰুৰ দ্বাৰা এনে প্ৰহাৰ কৰা হয় যাতে দ্ৰুতগতিত কাম সমাধা হয়। এনে প্ৰহাৰে আক্ৰমণকাৰীক নিৰীহ ধন-জনৰ হানি কৰাৰ অপবাদৰ পৰা মুক্ত কৰি নৈতিক-উচ্চভূমিত অৱস্থান কৰাত সহায় কৰে।

বাৰবাৰিকা

স্কন্দপুৰাণৰ মতে বাৰবাৰিকা (Barbarika) ঘটোৎকচ আৰু অহিলাৱতীৰ পুত্ৰ আছিল। শিৱই তেওঁক তিনিপাট শৰ দিছিল। এই শৰ তিনিপাটৰ এক বিশেষ ক্ষমতা আছিল। প্ৰথমপাট শৰে যিসকল শত্ৰু বা যিবোৰ বস্তু ধংস কৰিব বিচৰা হয় সেইখিনিক বিচাৰি চিনাক্ত কৰি নিৰ্দিষ্টকৈ চিহ্নিত কৰিব, দ্বিতীয়পাট শৰে যিসকল বা যিবোৰ বস্তু ৰক্ষা কৰিব বিচৰা হয় সেইখিনিক নিৰ্দিষ্টকৈ চিনাক্ত কৰি চিহ্নিত কৰিব আৰু তৃতীয়পাট শৰে চিহ্নিত কৰা শত্ৰু বা ধংস কৰিব বিচৰা বস্তুবোৰ নিমিষতে নিঃশেষ কৰি তুণলৈ উভতি আহিব। বাৰবাৰিকাই কুৰুক্ষেত্ৰ যুদ্ধত কাৰো পক্ষ লোৱা নাছিল। বাৰবাৰিকাৰ এক পণ আছিল যে যি পক্ষয়েই যুদ্ধত পৰাজিত হোৱাৰ উপক্ৰম হয় তেওঁ সেই পক্ষতে যোগদান কৰিব। বাৰবাৰিকাৰ তিনিপাট শৰ আমোঘ অস্ত্ৰ আছিল যি কেতিয়াও নিস্ফল নহ’ব। শ্ৰীকৃষ্ণই এই কথাৰ প্ৰমাণ স্বয়ং পাইছিল আৰু বুজিব পাৰিছিল যে বাৰবাৰিকাৰ উপস্থিতিত পাণ্ডৱ বা কৌৰৱ কাৰোৱেই বিজয় সম্ভৱ নহয়। সেয়ে শ্ৰীকৃষ্ণই বাৰবাৰিকাক কুৰুক্ষেত্ৰ যুদ্ধৰ পৰা কৌশলৰে আতঁৰাই ৰাখিছিল।

তথ্যসূত্ৰ

  1. ↑ (1992). The Future of Air Power: In the Aftermath of the Gulf War. DIANE Publishing. ISBN 1-58566-046-9

সম্পৰ্কিত শ্ৰেণী

সামৰিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাৰবাৰিকা প্ৰহাৰ” প্ৰবন্ধৰ সংশোধন ১৬২৫৯১ (৪ অক্টোবৰ ২০১৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।