ভূটানৰ সামৰিক ব্যৱস্থা( Military of Bhutan) সশস্ত্ৰ ৰয়েল ভূটান আৰ্মি, ৰয়েল বডিগাৰ্ড, আৰু ৰয়েল ভূটান পুলিচেৰে গঠিত। ভূটানত বায়ুসেনা নাই, (ভূমি আবদ্ধ দেশ হোৱাৰ বাবে) ভূটানত নৌসেনাও নাই। সামৰিক প্ৰশিক্ষণ, অস্ত্ৰ যোগান আৰু ভূটানৰ বায়ু প্ৰতিৰক্ষাৰ দায়িত্ব ভাৰতৰ। ভূটানৰ সেনাবাহিনীক ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে প্ৰশিক্ষণ দিয়ে।
’আৰ বি এ’ই ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডাৰৰ ওপৰত আকাশমাৰ্গৰ সহায়ৰ বাবে নিৰ্ভৰ কৰে। শেহতীয়া বছৰবোৰত ভাৰতে সামৰিক অনুদান আৰু প্ৰশিক্ষণৰ জৰিয়তে ভূটানক সকলো ক্ষেত্ৰতে সামৰিক বাহিনীৰ বিকাশ আৰম্ভ কৰাত সহায় কৰিছে। ঐতিহাসিকভাৱে মুঠ ৮,০০০ সেনা জোৱানৰ১ ১৯৭১ চনৰ ১ জানুৱাৰীত ভূটান চৰকাৰে অতিৰিক্ত ৬০০-৭০০ জন নিযুক্তি দি সেৱাৰ ক্ষেত্ৰত কঠোৰ নীতি-নিয়ম প্ৰণয়ন কৰি সামৰিক জোৱান ৪,৮৫০ লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়।২ ২০০৩ চনত অপাৰেচন অল ক্লিয়াৰৰ সময়ত ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰে “আৰ বি এ’’ৰ হতাহতসকলক চিকিৎসাৰ বাবে ভাৰতলৈ লৈ আহিছিল।৩
তথ্যসূত্ৰ
- ↑ Dorji, Kinley. Eastern air command chief visits Bhutan. Kuensel
- ↑ Milutin Tomanović. (1972). Hronika međunarodnih događaja 1971. Institute of International Politics and Economics. পৃ. 2553
- ↑ (15 August 2004). A nation pays tribute. Kuensel
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূটানৰ সামৰিক ব্যৱস্থা” প্ৰবন্ধৰ সংশোধন ৩৯৪৮৭৯ (৩ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।