সানজিদা ইছলাম ছোঁয়া (:Sanjida Islam Choya; বাংলা: সানজিদা ইসলাম ছোঁয়া; জন্ম ২০০১) এগৰাকী বাংলাদেশী মানৱ অধিকাৰ কৰ্মী। ২০২২ চনত মাইমেনছিং জিলাত বাল্য বিবাহক প্ৰত্যাহ্বান জনাই চলাই থকা তেওঁৰ অবিৰত প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি জনাই বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰি স্বীকৃতি প্ৰদান কৰা হয়।
জীৱনী
২০০১ চনত মাইমেনচিং জিলাৰ নন্দৈল উপজিলাৰ আচাৰগাঁও ইউনিয়নৰ ঝাউংগুৰাত জন্মগ্ৰহণ কৰিছিল সানজিদা। তেওঁৰ পিতৃ স্থানীয় চৰকাৰী কৰ্মচাৰী আছিল আৰু মাক আছিল এগৰাকী গৃহিণী।১২৩
সানজিদাই সৰুতেই চাইল্ড ফ’ৰাম অন ৱৰ্ল্ড ভিজনৰ সদস্য হৈছিল, য’ত তেওঁ বাংলাদেশত শিশুৱে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে জানিব পাৰিছিল, প্ৰধানকৈ বাল্য বিবাহৰ বিষয়ে; য’ত ৫০% তকৈ অধিক বাংলাদেশী মহিলা ১৮ বছৰ বয়সৰ আগতেই বিবাহপাশত আবদ্ধ হয়।৪৫ সানজিদাৰ মাতৃ ১৫ বছৰ বয়সত বাল্যবিবাহৰ বলি হৈছিল, যাৰ বাবে তেওঁ মাকে পঢ়া-শুনা সম্পূৰ্ণ কৰিব পৰা নাছিল।৪ ২০১৪ চনত নন্দাইল পাইলট গাৰ্লছ হাইস্কুলত পঢ়ি থকাৰ সময়ত সানজিদা চাইল্ড ফ’ৰামৰ সৈতে জড়িত হোৱাৰ বিষয়ে জানি তেওঁৰ লগৰ আন ছাত্ৰ-ছাত্ৰীসকলে তেওঁক এগৰাকী ছাত্ৰীৰ বিষয়ে অৱগত কৰিছিল, যাৰ পিতৃ-মাতৃয়ে ছোৱালিজনীৰ বাল্য বিবাহৰ যো-জা কৰিছিল। সানজিদা এই কথা স্থানীয় উপাজিলা নিৰ্বাহী বিষয়া আৰু স্থানীয় আৰক্ষীক জনাইছিল আৰু তেওঁলোকে বিবাহ কাৰ্য্য সম্পন্ন হোৱাত বাধা দিবলৈ সক্ষম হৈছিল।৪ ৪৬
এই কাণ্ডৰ পিছত সানজিদা আৰু আন ছয়জন ছাত্ৰই ঘাছফৰিং নামৰ এটা বেচৰকাৰী সংস্থা স্থাপন কৰে যিয়ে প্ৰথম অৱস্থাত মাইমেনছিঙৰ স্থানীয় বাল্যবিবাহৰ বিষয়ে তথ্য সংগ্ৰহ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক জনোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ২০১৯ চনলৈকে অনুমান কৰা হৈছিল যে ঘাছফৰিঙে কমেও ৫০ খন নাবালক শিশুৰ বিয়া সম্পন্ন হোৱাত বাধা আৰূপ কৰিবলৈ সক্ষম হৈছিল।৭ স্নাতক হোৱাৰ পিছত সানজিদা কিশোৰগঞ্জৰ গুৰুদয়াল চৰকাৰী মহাবিদ্যালয়ত পৰিচালনাৰ শিক্ষা গ্ৰহণ কৰে আৰু বাল্যবিবাহৰ ওপৰত গৱেষণা কৰে।১২৩ তাৰ পিছত ঘাছফৰিঙে নিজৰ পৰিসৰ বহল কৰি সম্ভাৱ্য বাল্য বিবাহৰ লক্ষণসমূহ চিনাক্ত আৰু ৰিপ'ৰ্ট কৰা দুয়োটা কামতে অধিক সক্ৰিয় হবলৈ স্বেচ্ছাসেৱকক প্ৰশিক্ষণ দিয়ে আৰু লগতে মানুহক সেইবোৰৰ বিষয়ে জ্ঞান দিয়ে।৭
গ্ৰহণযোগ্যতা
সানজিদা তেওঁৰ সক্ৰিয়তাৰ বাবে প্ৰশংসা আৰু সমালোচনা দুয়োটাই লাভ কৰিছে। কিছুসংখ্যকে শিশু বিবাহ নিষিদ্ধ কৰাৰ তেওঁৰ প্ৰচেষ্টাক সমৰ্থন জনাইছে, যাৰ ভিতৰত উপাজিলা নিৰ্বাহী বিষয়াও অন্তৰ্ভুক্ত। বিবিচি-এ তেওঁক “Hello Check!” নামৰ এটা ৰেডিঅ’ কাৰ্যসূচীত প্ৰদৰ্শন কৰিছিল, যিটো সমগ্ৰহ বাংলাদেশ জুৰি প্ৰচাৰিত হৈছিল। লগতে ২০২২ চনত তেওঁক সেই বছৰৰ ১০০ গৰাকী অনুপ্ৰেৰণা যোগোৱা নাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰিছিল।৫৭৮ আনহাতে, মাইমেনসিংহৰ কিছুমান বাসিন্দাই তেওঁৰ আন্দোলন তেওঁলোকৰ সংস্কৃতিৰ বিৰুদ্ধে গৈছে বুলি ভাবি তেওঁক ভাবুকি দিছে। ২০১৯ চনত, এখন বিয়াৰ অনুষ্ঠান বন্ধ কৰিবলৈ চেষ্টা কৰাৰ সময়ত তেওঁক বাঁহৰ লাঠীৰে ভাবুকি দি খেদি দিয়া হৈছিল।৪
তথ্যসূত্ৰ
- ↑ (23 December 2022). প্রভাবশালী নারীর তালিকায় সানজিদা ছোঁয়া. The Daily Janakantha
- ↑ Hawke, Johnny. (6 December 2022). বিবিসির ১০০ অনুপ্রেরণাদায়ী নারীর তালিকায় বাংলাদেশের ছোঁয়া. Bangla Tribune
- ↑ Haque, Ubaidul. (7 December 2022). ছয় শিক্ষার্থীকে নিয়ে আন্দোলন গড়ে তুলেছিলেন সানজিদা. Dhaka Post
- ↑ Mithu, Ariful Islam. (8 December 2022). How Sanjida's fight against child marriage placed her on BBC 100 Women list. The Business Standard
- ↑ Khandoker, Tasnim. (3 July 2022). Brave girls valiantly stopping child marriages in Bangladesh. BBC Media Action
- ↑ Mahmud, Sultan. (8 December 2022). BBC’s 100 Women: Story of the grasshoppers girl. Dhaka Tribune
- ↑ (6 December 2022). BBC 100 Women 2022: Who is on the list this year?. BBC News
- ↑ (6 December 2022). Bangladesh student Sanjida, fighting child marriage, is on BBC 100 Women list. bdnews24.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সানজিদা ইছলাম ছোঁয়া” প্ৰবন্ধৰ সংশোধন ৫৭৮৩০৯ (১৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।