সাদিয়া জাহিদি (:Saadia Zahidi, উৰ্দু: سعدیہ زاہدی) বিশ্ব অৰ্থনৈতিক মঞ্চ (WEF)ৰ এগৰাকী অৰ্থনীতিবিদ আৰু জ্যেষ্ঠ পৰিচালন সঞ্চালক। তেওঁ ওৱৰ্ল্ড ইকনমিক ফৰাম (WEF)ৰ ফিউচাৰ অব্ জবছ, গ্ল’বেল জেণ্ডাৰ গেপ আৰু গ্ল’বেল ৰিস্কছ ৰিপ’ৰ্টৰ সহ-লেখক। ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ মহিলা অৰ্থনৈতিক সবলীকৰণৰ উচ্চ পৰ্যায়ৰ পেনেল আৰু ইউৰোপীয় মহাকাশ সংস্থাৰ (ই এছ এ) মানৱ আৰু ৰবটিক মহাকাশ অন্বেষণৰ উচ্চ পৰ্যায়ৰ পৰামৰ্শদাতা গোটত কাৰ্যনিৰ্বাহ কৰি আহিছে। জাহিদী ফিফটি মিলিয়ন ৰাইজিং: দ্য নিউ জেনেৰেচন অৱ ৱৰ্কিং উইমেন ট্ৰেন্সফৰ্মিং দ্য মুছলিম ৱৰ্ল্ড (২০১৮) গ্ৰন্থৰো লেখিকা।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
জাহিদিৰ জন্ম হৈছিল পাকিস্তানৰ লাহোৰত।১ তেওঁ পাকিস্তান আৰু চুইজাৰলেণ্ড দুয়ো খন দেশৰে নাগৰিক।২
জাহিদিয়ে মেছাচুচেটছৰ নৰ্থাম্পটনৰ স্মিথ কলেজৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত জেনেভা গ্ৰেজুৱেট ইনষ্টিটিউটৰ পৰা আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু মেছাচুচেটছৰ কেম্ব্ৰিজৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা পুনৰ ৰাজহুৱা প্ৰশাসনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৩১৪ জাহিদিৰ চাৰিটা ভাষাৰ উপৰত দখল আছে বুলি কব পাৰি।
কৰ্মজীৱন
জাহিদিয়ে ২০০৩ চনত চুইজাৰলেণ্ডৰ বিশ্ব অৰ্থনৈতিক মঞ্চত (WEF) অৰ্থনীতিবিদ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। জাহিদিয়ে ২০১৮ চনত বিশ্ব অৰ্থনৈতিক মঞ্চৰ পৰিচালন সঞ্চালক আৰু ব’ৰ্ডৰ সদস্য হিচাপে নিযুক্তি পায়। এতিয়ালৈকে এই পদত নিযুক্তি পোৱা তেওঁৱেই আটাইতকৈ কম বয়সীয়া ব্যক্তি আছিল।৫ জাহিদি অৰ্থনীতি, মানৱ মূলধন, উন্নয়ন আৰু ইকুইটি এজেণ্ডাৰ বাবে দায়বদ্ধ ডব্লিউ ই এফৰ চেণ্টাৰ ফৰ দ্য নিউ ইকনমি এণ্ড ছ’চাইটিৰ মুৰব্বী। তেওঁ ফ’ৰামৰ ফিউচাৰ অৱ জবছ, গ্ল’বেল জেণ্ডাৰ গেপ আৰু গ্ল’বেল ৰিস্কছ ৰিপ’ৰ্টৰ সহ-লেখিকা।৪৬৭ তেওঁ বৃদ্ধি, উদ্ভাৱন, দক্ষতা, চাকৰি, সমতা আৰু সামাজিক গতিশীলতাৰ ওপৰত হোৱা পদক্ষেপৰ নেতৃত্ব দিয়ে।৩২৮
জাহিদীয়ে ৰাষ্ট্ৰসংঘৰ মহিলা অৰ্থনৈতিক সবলীকৰণৰ উচ্চ পৰ্যায়ৰ পেনেল আৰু ইউৰোপীয় মহাকাশ সংস্থাৰ (ESA) মানৱ আৰু ৰবটিক মহাকাশ অন্বেষণৰ উচ্চ পৰ্যায়ৰ পৰামৰ্শদাতা গোটত কাৰ্যনিৰ্বাহ কৰিছিল।৯১০
জাহিদীয়ে ২০১৮ চনত ফিফটি মিলিয়ন ৰাইজিং: দ্য নিউ জেনেৰেচন অৱ ৱৰ্কিং উইমেন ট্ৰেন্সফৰ্মিং দ্য মুছলিম ৱৰ্ল্ড১১ নামৰ গ্ৰন্থখন প্ৰকাশ কৰে, য’ত ২০০০ চনৰ পৰা ২০১৫ চনৰ ভিতৰত বিশ্বব্যাপী কৰ্মশক্তিত প্ৰৱেশ কৰা মুছলমান মহিলাৰ সংখ্যাৰ বিষয়ে অন্বেষণ কৰা হৈছে।১২১৩১৪১৫ তেওঁ প্ৰযুক্তিৰ বাবে মহিলাসকলক বিশ্বৰ কৰ্মশক্তিৰ সৈতে কেনেদৰে একত্ৰিত হৈছে সেই বিষয়ে আলোকপাত কৰিছে,[16] আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু TEDxLausanneWomen ত লিংগ নিয়োগৰ ব্যৱধানৰ কাৰণসমূহৰ বিষয়ে আলোচনা কৰিছে।১৬ and has discussed reasons for the gender employment gap in the international media and at TEDxLausanneWomen.৮১৭১৮১৯২০ ২০২৫ চনৰ হিচাপত এতিয়ালৈকে তেওঁ আন্তঃৰাষ্ট্ৰীয় বাতৰি প্ৰকাশনৰ বাবে ১১১টা প্ৰবন্ধৰ লিখি উলিয়াইছে।২১
বঁটা
জাহিদিৰ গ্ৰন্থ ফিফটি মিলিয়ন ৰাইজিং ২০১৮ চনৰ ফাইনেন্সিয়েল টাইমছ আৰু মেককিনজী বিজনেছ বুক অৱ দ্য ইয়েৰ বঁটাৰ বাবে দীৰ্ঘ তালিকাভুক্ত হৈছিল।২২২৩ তেওঁৰ কিতাপৰ প্ৰস্তাৱে ২০১৪ চনত যুৱ ব্যৱসায়িক লেখকৰ বাবে উদ্বোধনী ফাইনেন্সিয়েল টাইমছ আৰু মেককিনজি ব্ৰেকেন বাৱাৰ বঁটা লাভ কৰে।২৪
২০১৩ চনত বিবিচিৰ ১০০ মহিলাৰ তালিকাত অন্তভুক্ত কৰি জাহিদীক সন্মানিত কৰা হৈছিল।২৫২৬
তথ্যসূত্ৰ
- ↑ Kane, Frank. (21 January 2019). INTERVIEW: Saadia Zahidi — A woman's voice amid the macho power players at Davos. Arab News
- ↑ Walsh, Colleen. (15 October 2010). Seeking a finer balance. Harvard Gazette
- ↑ Saadia Zahidi - Agenda Contributor. World Economic Forum
- ↑ (2024-01-22). World Economic Forum MD, Saadia Zahidi highlights Risks of Misinformation. The Diplomat
- ↑ CNBC International Live. (2021-09-13). How WEF's youngest executive overcame imposter syndrome
- ↑ Varela, Adrián Francisco. (20 May 2020). Teletrabajo equilibrado, formación continua y mejores empleos educativos, sanitarios, tecnológicos y ambientales: así cambiará el trabajo tras la pandemia, según la directora gerente del Foro Económico Mundial. Business Insider España
- ↑ Sadia Zahidi. The Asian Business Leadership Forum ABLF Network
- ↑ Zahidi, Saadia; Tyson, Laura. (2014-10-31). The Slow March to Gender Parity. Project Syndicate
- ↑ UN Secretary-General's High-Level Panel on Women's Economic Empowerment – Reports and toolkits. UN Women – Headquarters
- ↑ ESA to embolden Europe's space exploration. European Space Agency
- ↑ Hill, Andrew. (15 September 2015). Bracken Bower winner Saadia Zahidi snags book deal. Financial Times
- ↑ Bartley, Emma. (13 February 2018). How 50 million women are transforming the Muslim world. The National
- ↑ Khan, Sheema. (2018-02-01). Review: Fifty Million Rising explores how women are transforming work force across Muslim world. The Globe and Mail
- ↑ Waterbury, John. (2018-04-16). Fifty Million Rising: The New Generation of Working Women Transforming the Muslim World. Foreign Affairs
- ↑ (1 December 2017). FIFTY MILLION RISING. Kirkus Reviews
- ↑ (2018-03-01). Les musulmanes, une génération au travail. Le Temps
- ↑ Prügl, Elisabeth; True, Jacqui. (2014-11-02). Equality means business? Governing gender through transnational public-private partnerships. Review of International Political Economy. পৃ. 1137–1169
- ↑ Knowles, Becci. (2022-07-14). Global Gender Gap Report: Time to parity far too long. Sustainability Magazine
- ↑ TEDx Talks. (2015-07-29). Gender Parity: Awareness, Analysis, Action · Saadia Zahidi · TEDxLausanneWomen
- ↑ Markkola, Pirjo. (2021) "Nordic gender equality: Between administrative cooperation and global branding." Contesting Nordicness: From Scandinavianism to the Nordic Brand. pp. 133-134
- ↑ (2025-06-22). Articles by Saadia Zahidi. Muck Rack
- ↑ (2018). Fifty Million Rising by Saadia Zahidi. FT Business book of the year award
- ↑ (2018-08-13). Business Book of the Year 2018 — the longlist. Financial Times
- ↑ Zahidi, Saadia. (13 November 2014). 'Womenomics' is starting to transform the Muslim world. Financial Times
- ↑ (2013-11-22). 100 Women: Who took part?. BBC News
- ↑ (28 October 2014). Five Pakistanis listed in BBC'S 100 Women. The Express Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাদিয়া জাহিদি” প্ৰবন্ধৰ সংশোধন ৫৮৪৭৪৫ (৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।