সম্পাটিয়া উইকে (Sampatiya Uikey; জন্ম: ৪ ছেপ্টেম্বৰ ১৯৬৭) মধ্য প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জনজাতীয় নেতা ভাৰতীয় ৰাজনীতিবিদ। ২০১৭ চনৰ ৩১ জুলাইত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনিল মাধৱ দৱেৰ মৃত্যুৰ ফলত প্ৰয়োজন হোৱা উপ-নিৰ্বাচনত মধ্যপ্ৰদেশ ৰাজ্যৰ পৰা তেওঁ ৰাজ্যসভালৈ বিনা বিৰোধিতাত নিৰ্বাচিত হয়।১মূল কাৰ্যকাল অনুসৰি ২০২২ চনৰ ২৯ জুনত তেওঁৰ কাৰ্যকাল শেষ হয়।
মধ্যপ্ৰদেশৰ মণ্ডলা জিলাৰ জিলা পঞ্চায়তৰ তেওঁ সভানেত্ৰী আছিল।২২০২৩ চনত মধ্যপ্ৰদেশৰ মণ্ডলা বিধানসভাৰ পৰা বিধানসভাৰ সদস্য হিচাপে তেওঁ নিৰ্বাচিত হয়। মোহন যাদৱ মন্ত্ৰীসভাৰ তেওঁ কেবিনেট মন্ত্ৰী।
তেওঁৰ দল ভাৰতীয় জনতা পাৰ্টীয়ে ৫৮ জন সদস্যৰে ৰাজ্যসভাৰ সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হৈছে৷ ২০১৭ চনৰ ৪ আগষ্টত সম্পতীয়া উইকেয়ে বয়োজ্যেষ্ঠ সদনৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে।৩
তথ্যসূত্ৰ
- ↑ भाजपा उम्मीदवार सम्पतिया उइके राज्यसभा के लिए निर्वरिोध चुनी गई. Navbharat Times
- ↑ (31 July 2017). BJP's Sampatiya Uike elected unopposed in Rajya Sabha bypoll from Madhya Pradesh
- ↑ BJP becomes largest party in Rajya Sabha, surpasses Congress. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সম্পাটিয়া উইকে” প্ৰবন্ধৰ সংশোধন ৪৭৯৮৮০ (১৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।