অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ষ্টেচি ডেশ

ষ্টেচি লৰেটা ডেশ (ইংৰাজী: Stacey Lauretta Dash; জন্ম: ২০ জানুৱাৰী, ১৯৬৭) এগৰাকী আমেৰিকান অভিনেত্ৰী। ডেশে ১৯৯৫ চনৰ ফিচাৰ ফিল্ম ক্লুলেচ আৰু ইয়াৰ টেলিভিছন ধাৰাবাহিকত ডিয়ন মেৰী ডাউভেনপ’ৰ্টৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ মুভিং, মো মনি, ৰেনেছাঁ মেন আৰু ভিউ ফ্ৰম দ্য টপ ছবিসমূহতো অভিনয় কৰিছে।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৬৮৭ শব্দ · ৪ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ষ্টেচি লৰেটা ডেশ১ (ইংৰাজী ভাষা: Stacey Lauretta Dash; জন্ম: ২০ জানুৱাৰী, ১৯৬৭)২৩৪ এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী। ডেশে ১৯৯৫ চনৰ ফিচাৰ ফিল্ম ক্লুলেচ আৰু ইয়াৰ টেলিভিছন ধাৰাবাহিকত ডিয়ন মেৰী ডাউভেনপ’ৰ্টৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ মুভিং, মো মনি, ৰেনেছাঁ মেন আৰু ভিউ ফ্ৰম দ্য টপ ছবিসমূহতো অভিনয় কৰিছে। ডেশৰ অন্যান্য টেলিভিছনৰ কামৰ ভিতৰত চিএচআই: ক্ৰাইম চীন ইনভেষ্টিগেচন, চিংগেল লেডিজ আৰু ৰিয়েলিটি টিভি শ্ব’ চেলিব্ৰিটি চাৰ্কাছত কৰা অভিনয় উল্লেখযোগ্য। ইয়াৰ উপৰি তেওঁ কাৰ্ল থমাছৰ "ইম’চনেল" আৰু কানি ৱেষ্টৰ "অল ফলছ ডাউন"ৰ মিউজিক ভিডিঅ’তো অভিনয় কৰিছে।

প্ৰাৰম্ভিক জীৱন

নিউয়ৰ্ক চহৰৰ দ্য ব্ৰংক্‌সত জন্মগ্ৰহণ কৰা ডেশ আফ্ৰিকান আমেৰিকান আৰু মেক্সিকান মূলৰ। তেওঁ ডেনিছ ডেশ৫ আৰু লিণ্ডা ডেশৰ (née লোপেজ; মৃত্যু: ২০১৭) কন্যা।৬ ডেশৰ এজন সতীয়া পিতৃ চিচিল হোলমছ আৰু এজন ভায়েক ডেকন ডেশ আছে, যি ডিএমই ইণ্টাৰেক্টিভৰ প্ৰতিষ্ঠাপক। ডিএমই ইণ্টাৰেক্টিভ হৈছে প্ৰথমটো ৰাজহুৱাভাৱে ব্যৱসায় কৰা আফ্ৰিকান আমেৰিকান নেতৃত্বাধীন ৱেবছাইট কোম্পানী। তেওঁৰ সম্পৰ্কীয় ককাইদেউ/ভায়েক হ’ল ৰক-এ-ফেলা ৰেকৰ্ডছৰ প্ৰাক্তন চিইঅ’ তথা সহ-প্ৰতিষ্ঠাপক ডেমন ডেশ। তেওঁ পাৰামাছ হাইস্কুলত অধ্যয়ন কৰিছিল আৰু ১৯৮৫ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল।৭৮

কৰ্মজীৱন

১৯৮২ চনত এনবিচিৰ ক্ৰাইম ড্ৰামা পাইলট ফাৰেল: ফৰ দ্য পিপলত অভিনয় কৰি ডেশ পোনপ্ৰথমবাৰৰ বাবে টেলিভিছনত ভূমুকি মাৰে, য'ত ভ্যালেৰী হাৰ্পাৰ আৰু এড অ'নিল মুখ্য চৰিত্ৰত আছিল। অৱশ্যে এই ধাৰাবাহিকখন পাইলট খণ্ডৰ পিছত আৰু আগনাবাঢ়িল।৯ ১৯৮৫ চনত দ্য কছবী শ্ব'ৰ "ডেনিছৰ ফ্ৰেণ্ড" খণ্ডত মিচেলৰ চৰিত্ৰত কৰা অভিনয়েই আছিল তেওঁৰ প্ৰথম উল্লেখযোগ্য উপস্থিতি।৩ ডেশৰ প্ৰথম গুৰুত্বপূৰ্ণ টেলিভিছন চৰিত্ৰ আছিল ১৯৮৮ চনৰ ধাৰাবাহিক টিভি ১০১। মাত্ৰ ১৩টা খণ্ডৰ পিছতে এই ধাৰাবাহিকখন বন্ধ কৰা হয়। ১৯৮৮ চনত ৰিচাৰ্ড প্ৰায়ৰৰ কমেডী ছবি মুভিং আছিল ডেশৰ প্ৰথম ডাঙৰ চলচ্চিত্ৰ চৰিত্ৰ। এই সময়ছোৱাত তেওঁ মো মানি আৰু ৰেনেছাঁ মেনতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৯৫ চনত ডেশ কম বাজেটৰ ছবি ইলিগেল ইন ব্লুত এগৰাকী ৰহস্যমজ়ী নাৰীৰ চৰিত্ৰত অভিনয় কৰে। ১৯৯৫ চনৰ কিশোৰ কমেডী ছবি ক্লুলেচৰ জৰিয়তে ডেশৰ কৰ্মজীৱনলৈ এক বৃহৎ সফলতা আহে। ডেশ ইয়াত চেৰৰ হাইস্কুলীয়া অন্তৰংগ বন্ধু ডিয়ন ডাউভেনপ’ৰ্টৰ চৰিত্ৰত অভিনয় কৰিছিল, যদিও সেই সময়ত তেওঁৰ বয়স আছিল আঠাইছ বছৰ। ১৯৯৬ চনত এই ছবিখনৰ আধাৰত একে নামৰে এখন টেলিভিছন ধাৰাবাহিক আৰম্ভ হয়, য’ত ডেশে পুনৰ ডিয়নৰ চৰিত্ৰত অভিনয় কৰে। এই ধাৰাবাহিকখন ১৯৯৬ চনৰপৰা ১৯৯৯ চনলৈ চলিছিল।

টেলিভিছন ধাৰাবাহিকখন শেষ হোৱাৰ পিছত তেওঁ ভিউ ফ্ৰম দ্য টপ (২০০৩) আৰু গেং অৱ ৰোজেছ (২০০৩), আৰু গেটিং প্লেড (২০০৫)ৰ দৰে সৰু বাজেটৰ ছবিত অভিনয় কৰে। ইয়াৰ উপৰি তেওঁ ইভ আৰু চিএচআই: ক্ৰাইম চীন ইনভেষ্টিগেচনৰ দৰে ধাৰাবাহিকত সৰু অতিথি চৰিত্ৰত অভিনয় কৰিছে। ডেশ দ্য ষ্ট্ৰিপ নামৰ ধাৰাবাহিকখনত ভানেছা ৱেইৰৰ চৰিত্ৰত অভিনয় কৰিছিল, যিখন কেইটামান খণ্ডৰ পিছতে বাতিল কৰা হৈছিল। ২০০১ চনত কাৰ্ল থমাছৰ একক গীত "ইম’চনেল"ৰ মিউজিক ভিডিঅ’ত ডেশক দেখা গৈছিল। ২০০৪ চনত তেওঁৰ সম্পৰ্কীয় ভাতৃ ডেমন ডেশৰ লেবেলৰ শিল্পী কানি ৱেষ্টৰ "অল ফলছ ডাউন" গীতৰ মিউজিক ভিডিঅ’তো অভিনয় কৰে। ২০০৬ চনৰ আগষ্ট মাহত ডেশ প্লেবয় আলোচনীৰ বাবে নগ্ন হৈ পোজ দিছিল। ২০০৬ চনত তেওঁ গায়ক মাৰ্কাছ হাউষ্টনৰ "ফেভাৰিট গাৰ্ল"ৰ ভিডিঅ’ত অভিনয় কৰে আৰু 'লেটাৰ্ছ অৱ মাৰ্ক' নামৰ নিজাকৈ অন্তৰ্বাসৰ শাখা মুকলি কৰে।১০ ২০০৫ চনৰপৰা ২০০৭ চনৰ ভিতৰত তেওঁ আই কুড নেভাৰ বি ইউৰ ৱমেন, নোৰাছ হেয়াৰ চেলুন ২: এ কাট এবভ, ফেশ্বন ভিকটিম, গোষ্ট ইমেজ আৰু আমেৰিকান প্ৰিমিটিভৰ চিত্ৰগ্ৰহণ সম্পূৰ্ণ কৰে। ২০০৮ চনত মুক্তিৰ বাবে তেওঁ ফেণ্টম পাঞ্চ, চিক্ৰেটছ অৱ এ হলিউড নাৰ্চ, আৰু ক্লজ কোৱাৰ্টাৰ্ছত কাম কৰিছিল। ডেশে ২০০৮ চনৰ ৰিয়েলিটি টেলিভিছন ধাৰাবাহিক চেলিব্ৰিটি চাৰ্কাছতো অংশ লৈছিল। ধাৰাবাহিকখনৰ প্ৰিমিয়াৰৰ পূৰ্বে প্ৰশিক্ষণৰ সময়ত তেওঁৰ কামিহাড় ভাঙিছিল। আঘাত সত্ত্বেও তেওঁ ট্ৰেপিজ বাঞ্জী প্ৰদৰ্শন কৰিছিল আৰু ফাইনেলিষ্ট হ’বলৈ সক্ষম হৈছিল। ডেশ এই প্ৰতিযোগিতাত এণ্টনিঅ' ছাবাটো জুনিয়ৰৰ পিছতে দ্বিতীয় স্থান লাভ কৰে।

২০০৯ চনৰ আৰম্ভণিতে ডেশ দ্য গেম ধাৰাবাহিকত এটা পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰে। ২০১১ চনত তেওঁ ভিএইচ১-ৰ প্ৰথমটো চিত্ৰনাট্যভিত্তিক ধাৰাবাহিক চিংগেল লেডিজৰ প্ৰথম ছিজনত ভ্যালেৰী "ভ্যাল" ষ্টোকছৰ চৰিত্ৰত অভিনয় কৰে। ৩১ আগষ্টত খবৰ ওলাইছিল যে তেওঁ নিজৰ পৰিয়ালত মনোনিৱেশ কৰিবলৈ ধাৰাবাহিকখন এৰিব।১১১২ ২০১২ চনত ডেশে ডিছফাংচনেল ফ্ৰেণ্ডছ নামৰ ছবিখনত মুখ্য মহিলা চৰিত্ৰ লিছাৰ ভূমিকাত অভিনয় কৰে। ২০১২ চনতে তেওঁৰ ৱেব ধাৰাবাহিক ষ্টেচি ডেশ ইজ নৰ্মেলৰ বাবে 'ফানী অৰ ডাই' আৰু ইউটিউবত চমু ছবি আৰু ট্ৰেইলাৰ মুকলি কৰা হৈছিল। এই ধাৰাবাহিকখন ২০১৩ চনত আৰম্ভ হয়।১৩

২০১৪ চনৰ ২৮ মে’ত ফক্স নিউজে ঘোষণা কৰে যে ডেশক "সাংস্কৃতিক বিশ্লেষণ আৰু ধাৰাভাষ্য"ৰ বাবে অৱদানকাৰী হিচাপে নিযুক্তি দিয়া হৈছে।১৪ ২০১৫ চনৰ ৭ ডিচেম্বৰত আউটনাম্বাৰ্ডত ডেশে ৰাষ্ট্ৰপতি বাৰাক ওবামাই ইছলামিক সন্ত্ৰাসবাদৰ ওপৰত দিয়া ভাষণৰ সন্দৰ্ভত এক মন্তব্য কৰিছিল, য’ত তেওঁ কৈছিল যে ৰাষ্ট্ৰপতিয়ে সন্ত্ৰাসবাদক গুৰুত্ব নিদিয়ে। এই মন্তব্যৰ বাবে ফক্স নিউজে তেওঁক দুই সপ্তাহৰ বাবে নিলম্বিত কৰিছিল।১৫ ২০১৬ চনত ডেশে বিইটি এৱাৰ্ডছে কৃষ্ণাংগ লোকসকলক অস্কাৰ বৰ্জনৰ সন্দৰ্ভত মিছা কথা কোৱা বুলি দাবী কৰি বিতৰ্কৰ মাজত সোমাই পৰিছিল আৰু তেওঁ 'ব্লেক হিষ্ট্ৰী মান্থ' অৰ্থাৎ কৃষ্ণাংগ ইতিহাস মাহ বন্ধ কৰিবলৈ আহ্বান জনাইছিল।১৬

ৰাজনীতি

ডেশে ২০০৮ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বাৰাক ওবামাক ভোট দিছিল।১৭ ২০১২ চনত তেওঁ নিজৰ দলীয় আনুগত্য ডেম’ক্ৰেটিকৰপৰা ৰিপাব্লিকানলৈ সলনি কৰে১৮ আৰু ৰিপাব্লিকান ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী মিট ৰমনীক সমৰ্থন কৰে। ৰমনীক সমৰ্থন কৰাৰ বাবে অনলাইনত লাভ কৰা নেতিবাচক মন্তব্যৰ প্ৰত্যুত্তৰত ডেশে কৈছিল যে এয়া তেওঁৰ ব্যক্তিগত মতামত১৯ আৰু তেওঁৰ বিৰুদ্ধে হোৱা তীব্ৰ আক্ৰমণবোৰ তেওঁ বুজি পোৱা নাই।১৭ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী প’ল ৰিয়ানে ডেশক তেওঁলোকক সমৰ্থন কৰাৰ বাবে ধন্যবাদ জনাইছিল।১৭

২০১২ চনৰ নিৰ্বাচনৰ পিছৰেপৰা ডেশে ৰাজহুৱাভাৱে নিজৰ ৰাজনৈতিক মতামত প্ৰকাশ কৰি আহিছে। ২০১৩ চনৰ এপ্ৰিল মাহত তেওঁ সংগীত শিল্পী জে-জি আৰু বিয়ন্সৰ কিউবা ভ্ৰমণক সমালোচনা কৰিছিল।২০ ২০১৬ চনত লিংগ-নিৰ্দিষ্ট শৌচাগাৰ ব্যৱহাৰৰ বিতৰ্কৰ সন্দৰ্ভত তেওঁ কৈছিল যে ট্ৰান্সজেণ্ডাৰ বা ৰূপান্তৰিত লিংগৰ অধিকাৰে তেওঁৰ নিজৰ অধিকাৰ খৰ্ব কৰে।২১ ডেশে Patheos.com-ৰ বাবে ব্লগ লিখে।২২ ডেশে ২০১৬ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান প্ৰাৰ্থী ডোনাল্ড ট্ৰাম্পক সমৰ্থন কৰিছিল।২৩

২০১৮ চনৰ ২৬ ফেব্ৰুৱাৰীত ডেশে ২০১৮ চনৰ কংগ্ৰেছ নিৰ্বাচনত কেলিফৰ্ণিয়াৰ ৪৪তম সংসদীয় সমষ্টিৰপৰা ৰিপাব্লিকান হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনয়ন দাখিল কৰে।২৪ এই নিৰ্বাচনী যুঁজত অংশ লৈ ডেশে কৈছিল যে তেওঁ মানুহক "দাসত্বৰ মানসিকতাৰপৰা মুক্ত" কৰিব বিচাৰে।২৫ ২০১৮ চনৰ ৩০ মাৰ্চত ডেশে কংগ্ৰেছ নিৰ্বাচনৰপৰা নাম প্ৰত্যাহাৰ কৰে।২৬ অৱশ্যে তেওঁৰ নাম নিৰ্বাচনী বেলটত থাকি গৈছিল কাৰণ তেওঁৰ প্ৰত্যাহাৰ নিৰ্ধাৰিত সময়সীমাৰ পিছত আহিছিল। তেওঁ ৪,৩৬১টা ভোট লাভ কৰি অন্তিম স্থানত থাকে।২৭

২০২১ চনৰ ১১ মাৰ্চত ডেইলী মেইলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ডেশে কয়, "ট্ৰাম্পৰ সমৰ্থক হোৱাৰ বাবে মোক এনে এক বাকচত বন্দী কৰা হৈছে য’ত মই নাথাকোঁ। কিন্তু তেওঁ এতিয়া ৰাষ্ট্ৰপতি নহয়। আমাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি [জো বাইডেন]ক মই এটা সুযোগ দিম।" ২৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Stacey Dash. TV Guide
  2. ↑ Raphael, Shannon. (March 11, 2021). Stacey Dash Was Already a Mom When She Starred in 'Clueless'. Distractify
  3. ↑ Stacey Dash. Hollywood.com
  4. ↑ Cummings, Moriba. (October 2, 2019). Stacey Dash's Arrest Record Lists Her As 'White' And Reveals Her Sad Financial Situation. BET
  5. ↑ About Stacey Lauretta Dash. Stacey Dash [for] Congress
  6. ↑ Dash, Stacey. (November 25, 2017). My mother died overnight
  7. ↑ Toribio, Elyse. (October 10, 2012). 'Clueless' Actress Stacey Dash, who attended Paramus H.S., gets backlash for Romney support. NorthJersey.com
  8. ↑ Kuperinsky, Amy. (December 8, 2015). 3 other times Stacey Dash said something controversial. NJ.com
  9. ↑ * Fraser, C. Gerald. (October 17, 1982). Television week. The New York Times * Terrace, Vincent. (2013). Encyclopedia of Television Pilots: 1937–2012. McFarland & Company. পৃ. 90–91. ISBN 978-0-7864-7445-5
  10. ↑ Letters of Marque. Letters of Marque
  11. ↑ (August 31, 2011). Stacey Dash Breaks Her Silence About "Single Ladies" (EXCLUSIVE). Global Grind
  12. ↑ Jensen, Jeff. (August 31, 2011). Stacey Dash exiting VH1's 'Single Ladies'. Entertainment Weekly
  13. ↑ Walker, Brittney N. (February 16, 2013). Quickies: Tamar's Single, Amber's Miscarriage, Stacey's 'Normal'. Electronic Urban Report
  14. ↑ Cavaliere, Victoria. (May 28, 2014). Fox News Hires 'Clueless' Actress Stacey Dash as Contributor. The New York Times. Reuters
  15. ↑ Stelter, Brian. (December 7, 2015). Fox News suspends two commentators for profanity while criticizing Obama. CNN
  16. ↑ *Stacey Dash Explains 'How BET Lies to Black People' in Scathing Response Amid Backlash. People * http://www.cnn.com
  17. ↑ Oldenburg, Ann. (October 10, 2012). Stacey Dash 'shocked' by 'fury' over her Romney support. USA Today
  18. ↑ Strohm, Emily. (July 11, 2014). Stacey Dash Opens Up About Her Fox News Gig – and That Kanye Controversy. People. Meredith Corporation
  19. ↑ McKay, Hollie. (October 8, 2012). Actress Stacey Dash hit with racially-charged attacks after endorsing Romney. Fox News
  20. ↑ Rahim, Ali. (November 4, 2013). Stacey Dash Blasts Jay-Z and Beyoncé for Cuba Trip. BET
  21. ↑ Boone, John. (June 2, 2016). Exclusive: Stacey Dash Says Transgender People Should Pee in Bushes, Claims Feminism Is Ruining Men. Entertainment Tonight. CBS Television Distribution
  22. ↑ Stacey Dash. Patheos
  23. ↑ Shepherd, Jack. (February 27, 2018). Clueless actor Stacey Dash is running for Congress. The Independent
  24. ↑ Actress Stacey Dash is running for Congress in California. CNN
  25. ↑ Carroll, Rory. (March 11, 2018). Stacey Dash on being a conservative in Hollywood: 'I've been blacklisted'. The Guardian
  26. ↑ Hamedy, Saba. (March 30, 2018). 'Clueless' star Stacey Dash withdraws from congressional race. CNN
  27. ↑ Statement of Vote: June 5, 2018 Statewide direct primary election. California Secretary of State. পৃ. 23
  28. ↑ Parker, Ryan. (March 11, 2021). Stacey Dash Sorry for Her Past Trump Support: "I Made a Lot of Mistakes". The Hollywood Reporter

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ষ্টেচি ডেশ” প্ৰবন্ধৰ সংশোধন ৬৩৭৭৯১ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।