অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

শ্বেহজাদা (চলচ্চিত্ৰ)

শ্বেহজাদা হৈছে ২০২৩ চনত ৰোহিত ধাৱনৰ পৰিচালনাত আৰু টি-ছিৰিজ ফিল্মছ, হাৰিকা এণ্ড হাছিন ক্ৰিয়েচনছ, গীতা আৰ্টছ আৰু ব্ৰেট ফিল্মছৰ সহ-প্ৰযোজনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ একচন চলচ্চিত্ৰ। ই হৈছে ২০২০ চনৰ তেলেগু ছবি আলা বৈকুণ্ঠপুৰমুলুৰ পুনৰ্নিৰ্মাণ।

হালনাগাদ: ২৫ মে’ ২০২৩ ২১০ শব্দ · ১ মিনিট সংগৃহীত ৫৬
সংশোধনৰ পৰামৰ্শ

শ্বেহজাদা হৈছে ২০২৩ চনত ৰোহিত ধাৱনৰ পৰিচালনাত আৰু টি-ছিৰিজ ফিল্মছ, হাৰিকা এণ্ড হাছিন ক্ৰিয়েচনছ, গীতা আৰ্টছ আৰু ব্ৰেট ফিল্মছৰ সহ-প্ৰযোজনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ একচন চলচ্চিত্ৰ। ই হৈছে ২০২০ চনৰ তেলেগু ছবি আলা বৈকুণ্ঠপুৰমুলুৰ পুনৰ্নিৰ্মাণ। ইয়াত অভিনয় কৰিছে কৃতি ছানন, পৰেশ ৰাৱাল, মনীষা কইৰালা, ৰাজপাল যাদৱ, ৰনিত ৰয় আৰু শচীন খেদেকাৰৰ সৈতে ছবিখনৰ সহ-প্ৰযোজক কাৰ্তিক আৰয়নে।

২০২১ চনৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হোৱা প্ৰিন্সিপাল ফটোগ্ৰাফী ২০২৩ চনৰ জানুৱাৰী মাহত শেষ হয়। মুম্বাই, দিল্লী আৰু মৰিচাছত ব্যাপকভাৱে শ্বুটিং কৰা হয়। ছবিখনৰ স্কোৰ আৰু চাউণ্ডট্ৰেক এলবাম ৰচনা কৰিছে প্ৰীতমে। প্ৰথমতে ২০২৩ চনৰ ১০ ফেব্ৰুৱাৰীত থিয়েটাৰত মুক্তি পোৱাৰ কথা আছিল, যদিও শ্বেহজাদাক এসপ্তাহৰ পিছত ১৭ ফেব্ৰুৱাৰীত মুক্তি দিয়া হয়। সমালোচকৰ পৰা নেতিবাচক সমালোচনা লাভ কৰা ছবিখনে ব্যৱসায়িকভাৱেও বিফলতা লাভ কৰিছিল।

কলা-কুশলী

  • কাৰ্তিক আৰয়ান: বাণ্টু নন্দৰ চৰিত্ৰত
  • কৃতি ছানন: সমৰা সিঙৰ চৰিত্ৰত
  • পৰেশ ৰাৱাল: বাণ্টুৰ পালক পিতৃ বাল্মিকী উপাধ্যায়ৰ চৰিত্ৰত
  • মনীষা কইৰালা: বাণ্টুৰ জৈৱিক মাতৃ যশোদা 'যশু' নন্দৰ চৰিত্ৰত
  • ৰনিত ৰয়: বাণ্টুৰ জৈৱিক পিতৃ ৰনদীপ নন্দৰ চৰিত্ৰত
  • ৰাজপাল যাদৱ: পৰিদৰ্শক সতীশ যাদৱ হিচাপে
  • শচীন খেডেকাৰ: যশোদাৰ পিতৃ আৰু বাণ্টুৰ জৈৱিক দাদা আদিত্য জিন্দলৰ চৰিত্ৰত
  • দেবত্তমা সাহা: বাণ্টুৰ পোষক ভগ্নী আৰু ৰাজৰ জৈৱিক ভগ্নী নিশাৰ চৰিত্ৰত
  • অংকুৰ ৰাথী: বাল্মিকীৰ জৈৱিক পুত্ৰ ৰাজ নন্দৰ চৰিত্ৰত
  • ছানি হিন্দুজা: সাৰঙৰ চৰিত্ৰত
  • ভিন ৰাণা: বিক্ৰান্তৰ চৰিত্ৰত
  • অশ্বিন মুশ্ৰণ: কৈলাস জিন্দলৰ চৰিত্ৰত
  • আলী আছগাৰ: অৰুণৰ চৰিত্ৰত
  • শলিনী কাপুৰ: আৰতি জিন্দলৰ চৰিত্ৰত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বেহজাদা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৬৭১২৪ (২৫ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।