শ্বাৰ্ল পেৰ’ (ইংৰাজী ভাষা: Charles Perrault; ১২ জানুৱাৰী ১৬২৮ – ১৬ মে’ ১৭০৩) আছিল এগৰাকী ফৰাচী ভাষা লেখক আৰু ফৰাচী একাডেমীৰ সদস্য। তেওঁ পূৰ্বৰ লোককথা বা সাধুকথাৰপৰা সমল লৈ ১৬৯৭ চনত প্ৰকাশ কৰা ইষ্টোৱাৰ উ কঁত দ্যু তঁ পাছে নামৰ কিতাপখনৰ জৰিয়তে এক নতুন সাহিত্যিক ধাৰা অৰ্থাৎ সাধুকথাৰ আধাৰশিলা স্থাপন কৰিছিল। তেওঁৰ আটাইতকৈ বিখ্যাত সাধুবোৰৰ ভিতৰত লিটল ৰেড ৰাইডিং হুড, চিণ্ডাৰেলা, পুছ ইন বুটছ, শ্লিপিং বিউটী আৰু ব্লু বিয়েৰ্ড অন্যতম।১
পেৰ’ৰ এই পুৰণি সাধুবোৰৰ কিছুমান সংস্কৰণে ১০০ বছৰতকৈও অধিক সময়ৰ পাছত গ্ৰিম ভাতৃদ্বয়ৰদ্বাৰা প্ৰকাশিত জাৰ্মান সংস্কৰণসমূহক প্ৰভাবিত কৰিছিল। এই সাধুবোৰ আজিও ধাৰাবাহিকভাৱে ছপা হৈ আহিছে আৰু বিনোদনৰ বেছিভাগ মাধ্যমলৈ ইয়াক ৰূপান্তৰ কৰা হৈছে। পেৰ’ ১৭ শতিকাৰ ফৰাচী সাহিত্য জগতৰ এজন প্ৰভাৱশালী ব্যক্তি আছিল আৰু প্ৰাচীন বনাম আধুনিকতাবাদীৰ বিতৰ্কৰ সময়ত তেওঁ আধুনিকতাবাদী ফৈদৰ নেতৃত্ব দিছিল।২
তথ্যসূত্ৰ
- ↑ Biography, Bibliography (in French)
- ↑ Morgan, Jeanne. (1985). Perrault's Morals for Moderns. Peter Lang Publishing Inc. ISBN 0-8204-0230-3
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বাৰ্ল পেৰ'” প্ৰবন্ধৰ সংশোধন ৬৩১২৮১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।