অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শীলা গৌড়া

শীলা গৌড়া (: Sheela Gowda; জন্ম: ১৯৫৭ চনত ভাৰতৰ ভদ্ৰৱতী) বাংগালুৰুত বাস কৰা আৰু কৰ্মৰত এগৰাকী সমসাময়িক শিল্পী। গৌড়াই ভাৰতৰ বেংগালুৰুৰ কেন স্কুল অৱ আৰ্টত চিত্ৰকলাৰ শিক্ষা গ্ৰহণ কৰে (১৯৭৯) ভাৰতৰ শান্তিনিকেতনৰ বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ডিপ্লমা (১৯৮২), আৰু ১৯৮৬ চনত লণ্ডনৰ ৰয়েল কলেজ অৱ…

হালনাগাদ: ২৪ মাৰ্চ ২০২৫ ২৭৬ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

শীলা গৌড়া (: Sheela Gowda; জন্ম: ১৯৫৭ চনত ভাৰতৰ ভদ্ৰৱতী১) বাংগালুৰুত বাস কৰা আৰু কৰ্মৰত এগৰাকী সমসাময়িক শিল্পী। গৌড়াই ভাৰতৰ বেংগালুৰুৰ কেন স্কুল অৱ আৰ্টত চিত্ৰকলাৰ শিক্ষা গ্ৰহণ কৰে (১৯৭৯) ভাৰতৰ শান্তিনিকেতনৰ বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ডিপ্লমা (১৯৮২), আৰু ১৯৮৬ চনত লণ্ডনৰ ৰয়েল কলেজ অৱ আৰ্টৰ পৰা চিত্ৰকলাৰ এম.এ.চিত্ৰশিল্পী হিচাপে প্ৰশিক্ষিত গৌড়াই মানুহৰ চুলি, গৰুৰ গোবৰ, ধূপ আৰু কুমকুমা গুড়ি (এবিধ প্ৰাকৃতিক ৰং সততে উজ্জ্বল ৰঙা ৰঙত উপলব্ধ)ৰ দৰে বৈচিত্ৰ্যপূৰ্ণ সামগ্ৰী ব্যৱহাৰ কৰি ভাস্কৰ্য্য আৰু স্থাপনৰ ক্ষেত্ৰত নিজৰ অনুশীলন সম্প্ৰসাৰণ কৰে। ভাৰতৰ প্ৰান্তীয় লোকসকলৰ দৈনন্দিন শ্ৰম অভিজ্ঞতাৰ পৰা প্ৰায়ে অনুপ্ৰাণিত হৈ ‘প্ৰক্ৰিয়ামুখী’ কামৰ বাবে তেওঁ পৰিচিত।২ তেওঁৰ সৃষ্টি অনুষ্ঠানমূলক সম্পৰ্কৰ পৰা অনুপ্ৰেৰিত পোস্ট-মিনিমেলিজমৰ সৈতে জড়িত। প্ৰকৃতিত চিন্তাশীল কিশোৰীসকলক অঙ্কিত কৰি তৈলচিত্ৰৰ প্ৰাৰম্ভিক কৰ্মসমূহত তেওঁৰ শিক্ষক কে. জি. সুব্ৰমনিয়নৰ প্ৰভাৱ পৰিছিল, আৰু পাছলৈ নলিনী মালানিৰ দ্বাৰা প্ৰভাৱিত হৈ, এক্সপ্ৰেচনিষ্ট ধাৰালৈ ধাবিত হৈছিল, য'ত মধ্যবিত্ত সমাজৰ বিশৃঙ্খলা আৰু উত্তেজনাসমূহ মৃদু ইন্দ্ৰিয়াসক্ততাৰ জৰিয়তে প্ৰকাশ পাইছিল।৩তেওঁ ২০১৯ চনৰ মাৰিয়া লাছনিগ বঁটা লাভ কৰে।৪

প্ৰাথমিক জীৱন

দেউতাকৰ কাৰণে তেওঁ গ্ৰাম্য আৰু চহৰ দুয়োখন অঞ্চলতে বাস কৰিছিল। তেওঁৰ দেউতাকে লোকসংগীতৰ নথিভুক্ত কৰিছিল আৰু লোকবস্তু সংগ্ৰহ কৰিছিল। গৌড়াৰ আৰ্ট স্কুলীয়া শিক্ষা আৰম্ভ হৈছিল বাংগালুৰুৰ কেনত, আৰ এম হাদাপাদে প্ৰতিষ্ঠা কৰা এখন সৰু কলেজত। পিছলৈ তেওঁ অধ্যাপক কে জি সুব্ৰমণ্যৰ অধীনত অধ্যয়ন কৰিবলৈ বৰোদালৈ যায়।৫

কৰ্ম

ভাৰতৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশৰ প্ৰতি সঁহাৰি জনাই গৌড়াই নব্বৈৰ দশকত ইনষ্টলেচন আৰু ভাস্কৰ্য্য শিল্পৰ ক্ষেত্ৰলৈ গতি কৰে। ২০১১ চনত লণ্ডনৰ ইনিভাত তেওঁৰ প্ৰথম একক অনুষ্ঠান আছিল থেৰিন এণ্ড বিছাইডছ।৬ ২০১৪ চনত হুগো বছ বঁটাৰ বাবে চূড়ান্ত প্ৰতিযোগী আছিল।৭ ধূপ আৰু কুমকুমাৰ দৰে সামগ্ৰী ব্যৱহাৰ কৰি তেওঁ ধূপ উদ্যোগৰ শ্ৰম পদ্ধতি আৰু মহিলাৰ প্ৰতি ইয়াৰ ব্যৱহাৰৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক আঁকি এপ'কেলিপ্টিক লেণ্ডস্কেপ সৃষ্টি কৰে।৬ তেওঁৰ ৰচনাসমূহে মহিলাসকলৰ অৱস্থাক চিত্ৰিত কৰিছিল যিটো প্ৰায়ে তেওঁলোকৰ কামৰ বোজা, মানসিক বাধা আৰু যৌন উলংঘাৰ দ্বাৰা সংজ্ঞায়িত হয়।৩

তথ্যসূত্ৰ

  1. ↑ (2019-10-02). Great Women Artists. Phaidon Press. পৃ. 162. ISBN 978-0-7148-7877-5
  2. ↑ Sheela Gowda. Guggenheim Museum
  3. ↑ Dalmia, Yashodhara. Indian Contemporary Art Post Independence. Vadehra Art Gallery, New Delhi
  4. ↑ Armstrong, Annie. (12 March 2019). Sheela Gowda Wins 2019 Maria Lassnig Prize. ARTnews.com
  5. ↑ Rastogi & Karode, Akansha & Roobina. (2013). Seven Contemporaries. Kiran Nadar Museum of Art. পৃ. 154–167. ISBN 978-81-928037-2-2
  6. ↑ Skye Sherwyn. (26 January 2011). Artist of the Week: Sheela Gowda. The Guardian
  7. ↑ Sheela Gowda. www.guggenheim.org

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শীলা গৌড়া” প্ৰবন্ধৰ সংশোধন ৪৯৬২৮৪ (২৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।