অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শান্তা জাহান

শিৰিন জাহান শান্তা, যি পেচাগতভাৱে শান্তা জাহান (ইংৰাজী: Shanta Jahan) নামেৰে অধিক জনপ্ৰিয়, এগৰাকী বাংলাদেশী টেলিভিছন ঘোষিকা, মডেল আৰু অভিনেত্ৰী। তেওঁ ২০১২ চনৰ পৰা নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু বাংলাদেশৰ আগশাৰীৰ টিভি চেনেল তথা লাইভ ইভেণ্টসমূহৰ আঁত ধৰা আৰু ঘোষিকা হিচাপে কাম কৰাৰ সাত বছৰতকৈও অধিক…

হালনাগাদ: ৩ এপ্ৰিল ২০২৬ ২১৭ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

শিৰিন জাহান শান্তা, যি পেচাগতভাৱে শান্তা জাহান (ইংৰাজী ভাষা: Shanta Jahan) নামেৰে অধিক জনপ্ৰিয়, এগৰাকী বাংলাদেশী টেলিভিছন ঘোষিকা,১ মডেল২ আৰু অভিনেত্ৰী।৩ তেওঁ ২০১২ চনৰ পৰা নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু বাংলাদেশৰ আগশাৰীৰ টিভি চেনেল তথা লাইভ ইভেণ্টসমূহৰ আঁত ধৰা আৰু ঘোষিকা হিচাপে কাম কৰাৰ সাত বছৰতকৈও অধিক অভিজ্ঞতা আছে।

প্ৰাৰম্ভিক জীৱন

প্ৰয়াত আব্দুছ চত্তাৰ আৰু জাহান আৰা বেগমৰ কন্যা শান্তা জাহানে ১৯৯৩ চনৰ ২০ এপ্ৰিলত বাংলাদেশৰ ঢাকাত জন্মগ্ৰহণ কৰে। তেওঁ নিউ মডেল বহুমুখী উচ্চ বিদ্যালয়ৰ পৰা এছ.এছ.চি. (SSC) আৰু মীৰপুৰ বাংলা কলেজৰ পৰা এইচ.এছ.চি. (HSC) উত্তীৰ্ণ হয়। শান্তা জাহানে ইডেন মহিলা মহাবিদ্যালয়ৰ পৰা মাৰ্কেটিং বিষয়ত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। তেওঁ এজন পুত্ৰ সন্তানৰ মাতৃ।

কেৰিয়াৰ

২০১২ চনত চেনেল ৯-ত সম্প্ৰচাৰিত "সোণাৰ বাংলা" নামৰ এটা কাৰ্যসূচীৰ জৰিয়তে তেওঁ এগৰাকী টিভি ঘোষিকা হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল।৪ ইয়াৰ পিছত তেওঁ আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। তেওঁ বাংলাদেশৰ লগতে বিদেশতো বহুতো মূলসুঁতিৰ মঞ্চ অনুষ্ঠানৰ আঁত ধৰিছে।৫ বিভিন্ন টিভি অনুষ্ঠানৰ আঁত ধৰাৰ উপৰিও তেওঁ ৩০টাতকৈও অধিক টিভি বিজ্ঞাপন আৰু প্ৰেছ বিজ্ঞাপনত কাম কৰিছে, যাৰ ভিতৰত বিএছআৰএম (BSRM), বিকাশ (bkash), ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড আৰু অন্যান্য কোম্পানীসমূহ অন্যতম। তেওঁ এটা বিজ্ঞাপনত শাকিব আল হাছানৰ সৈতেও অভিনয় কৰিছিল।৬ তেওঁ চহৰখনত 'বিকাশ গাৰ্ল' হিচাপেও পৰিচিত। তেওঁ আৰএফএল (RFL)-ৰ ব্ৰেণ্ড এম্বেছেডৰ আছিল। শান্তা জাহানে অৰ্থ মন্ত্ৰালয়, বস্ত্ৰ আৰু মৰাপাত মন্ত্ৰালয় আদিৰ বিভিন্ন চৰকাৰী কাৰ্যসূচীতো এগৰাকী ঘোষিকা হিচাপে কাম কৰিছে। মব্ৰুৰ ৰছিদ বান্নাহৰ ধাৰাবাহিক 'নাইন এণ্ড হাফ'-ৰ জৰিয়তে তেওঁ অভিনয়ত আত্মপ্ৰকাশ কৰিছিল।৭

তথ্যসূত্ৰ

  1. ↑ Somoy Tv News. Somoy News
  2. ↑ Shanta Jahan again in TVC. The New Nation
  3. ↑ bn:উপস্থাপনার জন্য অভিনয়ের অনেক প্রস্তাব ফিরিয়েছি -শান্তা জাহান. Manab Zamin
  4. ↑ Somoy Tv News. Somoy News
  5. ↑ Shanta to anchor 10 shows across the country. The Independent
  6. ↑ (2016-06-08). bn:শিশির নয়, শান্তার সঙ্গে জুটি সাকিবের. Zee24Ghanta.com
  7. ↑ (2015-04-05). "Nine & a Half" on Desh TV. The Daily Star

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শান্তা জাহান” প্ৰবন্ধৰ সংশোধন ৫৯৯৭৬৬ (৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।