অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লু ইউক্সিয়াও

লু ইউক্সিয়াও (ইংৰাজী: Lu Yuxiao; জন্ম: ২৭ ছেপ্টেম্বৰ, ১৯৯৯) এগৰাকী চীনা অভিনেত্ৰী। ২০২৩ চনত মুক্তিপ্ৰাপ্ত মাই জাৰ্নি টু ইউত চাংগুয়ান চিয়ানৰ চৰিত্ৰত অভিনয় কৰি তেওঁ জনপ্ৰিয়তা অৰ্জন কৰে। ইয়াৰ পিছতে তেওঁক ২০২৩ চনৰ ৱেইবো বঁটাত বছৰৰ প্ৰত্যাশিত অভিনেতাৰ বঁটা প্ৰদান কৰা হয়।

হালনাগাদ: ৫ মে’ ২০২৬ ২৩২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

লু ইউক্সিয়াও (ইংৰাজী ভাষা: Lu Yuxiao; জন্ম: ২৭ ছেপ্টেম্বৰ, ১৯৯৯) এগৰাকী চীনা ভাষা অভিনেত্ৰী। ২০২৩ চনত মুক্তিপ্ৰাপ্ত মাই জাৰ্নি টু ইউত চাংগুয়ান চিয়ানৰ চৰিত্ৰত অভিনয় কৰি তেওঁ জনপ্ৰিয়তা অৰ্জন কৰে। ইয়াৰ পিছতে তেওঁক ২০২৩ চনৰ ৱেইবো বঁটাত বছৰৰ প্ৰত্যাশিত অভিনেতাৰ বঁটা প্ৰদান কৰা হয়। তেওঁ ২০২৫ চনৰ লাভ ইন দ্য ক্লাউডছত মিং ই আৰু ২০২৬ চনৰ লাভ বিটুইন লাইনছত হু ঝিউৰ চৰিত্ৰত অভিনয় কৰি অধিক স্বীকৃতি লাভ কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

লু ইউক্সিয়াও বা আইৰিন লুৰ জন্ম হৈছিল ১৯৯৯ চনৰ ২৭ ছেপ্টেম্বৰত চীনৰ চাংহাইত। তেওঁৰ মাতৃ এগৰাকী দন্ত চিকিৎসক আৰু পিতৃ এজন চিকিৎসক তথা চাংহাই বোআই হাস্পতালৰ উপ-সভাপতি।১ পিতৃ-মাতৃৰ একমাত্ৰ সন্তান লু চাংহাইত ডাঙৰ-দীঘল হৈছিল।১ সৰুৰে পৰা তেওঁ এগৰাকী ফৰেনচিক পিপিথলজিষ্ট হ’ব বিচাৰিছিল।২ তেওঁ লিটল ষ্টাৰ ডান্স স্কুলত নৃত্য শিকিবলৈ আৰম্ভ কৰিছিল, য’ত তেওঁ সাপ্তাহিক শ্ৰেণীত অংশ লৈছিল।৩ ১৪ বছৰ বয়সত লুৱে যুক্তৰাজ্যলৈ অধ্যয়ন কৰিবলৈ যায়, য’ত তেওঁ মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰে আৰু ফেশ্বন ডিজাইন সম্পৰ্কীয় ডিগ্ৰীৰ বাবে লিডছ বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰে।১৪

ব্যক্তিগত জীৱন

নিজকে বেছিভাগ সময় "শান্ত ব্যক্তি" হিচাপে বৰ্ণনা কৰা লুৱে কৈছে যে তেওঁ বহু মানুহৰ মাজত কোলাহলপূৰ্ণ পৰিৱেশত সামাজিকভাৱে মিলামিছা কৰাতকৈ একাংশ ঘনিষ্ঠ বন্ধুৰ সৈতে সময় অতিবাহিত কৰিবলৈ বেছি ভাল পায়।৫ আজৰি সময়ত লুৱে চিত্ৰকলাৰ দৰে শৈল্পিক কাম কৰি ভাল পায়।১৬ তেওঁ চিলাইৰ দৰে কাৰুশিল্পও ভাল পায় আৰু বিশ্ববিদ্যালয়ত ফেশ্বন ডিজাইন অধ্যয়ন কৰিছিল।১৬ লু জীৱ-জন্তুৰো অনুৰাগী আৰু তেওঁ প্ৰকাশ কৰিছে যে মেকুৰী আৰু কুকুৰৰ সৈতে খেলা-ধূলা কৰিলে তেওঁ মানসিক শান্তি লাভ কৰে।৬ লাভ ইন দ্য ক্লাউডছৰ বাবে দিয়া এটা সাক্ষাৎকাৰত প্ৰকাশ পাইছে যে লুৰ নজনী মেক আছে। ২০২৫ চনলৈকে তেওঁৰ তিনিটা কুকুৰো আছে।

তথ্যসূত্ৰ

  1. ↑ P.A.C. (2025-02-03). 《入青雲》成話題黑馬!盧昱曉私底下是養生文藝少女,飯後必做一招平小腹. Vogue Taiwan
  2. ↑ 卢昱晓 · 让孩子们通过自己的大脑和双手得到真切的帮助. www.halfsmile.cn
  3. ↑ 女明星9岁唱跳视频曝光,网友喊话:求完整版!. Weixin Official Accounts Platform
  4. ↑ (2023-10-10). 淡顏古裝簡直仙女!《雲之羽》女二盧昱曉仙氣顏值清新又耐看,私下堅持抗糖保養、上鏡前靠「這個」消水腫!. ELLE
  5. ↑ OK!封面|卢昱晓 秋日胜春朝. www.sohu.com
  6. ↑ 傅圆媛. 南都独家专访卢昱晓:让浓的事变淡,让淡的事变浓__南方+_南方plus. www.nfnews.com

সম্পৰ্কিত শ্ৰেণী

চীনা অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লু ইউক্সিয়াও” প্ৰবন্ধৰ সংশোধন ৬০৪৫১৩ (৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।