চীনা অভিনেত্ৰী
১০ প্ৰবন্ধ
-
ঝাও লুচি
ঝাও লুচি (; জন্ম: ৯ নৱেম্বৰ ১৯৯৮), ৰ’জি ঝাও নামেৰে পৰিচিত, এগৰাকী চীনা অভিনেত্ৰী আৰু গায়িকা। তেওঁ দ্য ৰোমাঞ্চ অৱ টাইগাৰ এণ্ড ৰোজা (২০২০), ডেটিং ইন দ্য কিচেন (২০২০), দ্য লং বেলাড (২০২১), হু ৰুলচ দ্য ৱাৰ্ল্ড (২০২২), লভ লাইক দ্য গেলেক্সি (২০২২), হিডেন লভ (২০২৩), আৰু দ্য ষ্ট'ৰী অৱ পাৰ্ল গাৰ্ল (২০২৪)-ৰ…
-
আই জিং
আই জিং (চীনা:艾敬; পিনয়ন: Ài Jìng; জন্ম: ১০ ছেপ্টেম্বৰ ১৯৬৯) এগৰাকী চীনা গায়িকা, অভিনেত্ৰী আৰু চিত্ৰশিল্পী। চীনৰ নৰ্থইষ্ট নিউজে তেওঁক “চীনৰ আটাইতকৈ প্ৰতিভাৱান মহিলা লোক-ৰক গায়িকা” বুলি অভিহিত কৰিছে। আইৰ জন্ম হৈছিল শ্বেনয়াং, লিয়াওনিঙৰ এটা সংগীত পৰিয়ালত।
-
উ ছুৱানয়ী
উ ছুৱানয়ী (ইংৰাজী: Wu Xuanyi; জন্ম: ২৬ জানুৱাৰী, ১৯৯৫) এগৰাকী চীনা গায়িকা আৰু অভিনেত্ৰী। ২০১৬ চনত দক্ষিণ কোৰিয়াৰ গাৰ্ল গ্ৰুপ 'ডব্লিউ.জে.এচ.এন.' (WJSN) ৰ সদস্য হিচাপে তেওঁ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
এষ্টাৰ ইউ
ইউ শ্বুক্সিন (চীনা: 虞书欣; পিনয়িন: ইউ শ্বুক্সিন; জন্ম ১৮ ডিচেম্বৰ, ১৯৯৫), তেওঁৰ মঞ্চনাম এষ্টাৰ ইউ নামে অধিক পৰিচিত, এগৰাকী চীনা অভিনেত্ৰী আৰু গায়িকা। তেওঁ আইকিউআইৱাই-ৰ ছাৰ্ভাইভেল শ্ব' ‘ইউথ উইথ ইউ ২’-ৰ জৰিয়তে গঠিত প্ৰজেক্ট গাৰ্ল গ্ৰুপ ‘দ্য নাইনৰ’ (The9)-ৰ প্ৰাক্তন সদস্য।
-
ঝৌ জিয়েচিয়োং
ঝৌ জিয়েচিয়োং (কোৰিয়ান: 주결경; চীনা: 周洁琼; জন্ম: ১৬ ডিচেম্বৰ, ১৯৯৮), যাক পেছাগতভাৱে জিয়েচিয়োং বা কিয়ুলকিয়োং বুলিও জনা যায়, এগৰাকী চীনা গায়িকা আৰু অভিনেত্ৰী।
-
বাই গুৱাং
শ্বি য়ংফেন (চীনা: 史永芬; ২৭ জুন ১৯২১ – ২৭ আগষ্ট ১৯৯৯), পেছাগতভাৱে তেওঁ বাই গুৱাং (白光; অৰ্থ ‘বগা পোহৰ’) নামেৰে জনাজাত। তেওঁ এগৰাকী প্ৰসিদ্ধ চীনা অভিনেত্ৰী আৰু গায়িকা আছিল। ১৯৪০ চনৰ ভিতৰত চীনৰ সাতজন মহান কণ্ঠশিল্পীৰ ভিতৰত তেওঁ অন্যতম আছিল।
-
লিউ চিয়েনিং
লিউ চিয়েনিং (ইংৰাজী: Liu Xiening; জন্ম: ২৩ অক্টোবৰ, ১৯৯৬) এগৰাকী চীনা অভিনেত্ৰী, গায়িকা আৰু নৃত্যশিল্পী। তেওঁ ইংৰাজী নাম চেলী লিউ বা চমুকৈ চেলী নামেৰেও পৰিচিত। তেওঁ দক্ষিণ কোৰিয়াৰ গাৰ্ল গ্ৰুপ গুগুডানৰ প্ৰাক্তন সদস্য।
-
লু ইউক্সিয়াও
লু ইউক্সিয়াও (ইংৰাজী: Lu Yuxiao; জন্ম: ২৭ ছেপ্টেম্বৰ, ১৯৯৯) এগৰাকী চীনা অভিনেত্ৰী। ২০২৩ চনত মুক্তিপ্ৰাপ্ত মাই জাৰ্নি টু ইউত চাংগুয়ান চিয়ানৰ চৰিত্ৰত অভিনয় কৰি তেওঁ জনপ্ৰিয়তা অৰ্জন কৰে। ইয়াৰ পিছতে তেওঁক ২০২৩ চনৰ ৱেইবো বঁটাত বছৰৰ প্ৰত্যাশিত অভিনেতাৰ বঁটা প্ৰদান কৰা হয়।
-
শ্বু মেংজিয়ে
শ্বু মেংজিয়ে (ইংৰাজী: Xu Mengjie, চীনা: 徐梦洁;; জন্ম ১৯ জুন ১৯৯৪, যাক ৰেইনবো শ্বু বুলিও কোৱা হয়) এগৰাকী চীনা গায়িকা আৰু অভিনেত্ৰী। তেওঁ চীনা গাৰ্ল গ্ৰুপ ৰকেট গাৰ্লছ ১০১-ৰ প্ৰাক্তন সদস্য।
-
ৱাং ইজিন
ৱাং ইজিন (ইংৰাজী: Wang Yijin; জন্ম: ২৫ ডিচেম্বৰ, ১৯৯৬) এগৰাকী চীনা চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী তথা গায়িকা। তেওঁ ইংৰাজী নাম ৰীতা ৱাং নামেৰেও জনাজাত। তেওঁ প্ৰডিউচ কেম্প ২০২০ত তৃতীয় স্থান লাভ কৰাৰ পাছত বনবন গাৰ্লছ ৩০৩ৰ সদস্য আৰু মুখ্য কণ্ঠশিল্পী আছিল।