ইউ শ্বুক্সিন (চীনা ভাষা: 虞书欣; পিনয়িন: ইউ শ্বুক্সিন; জন্ম ১৮ ডিচেম্বৰ, ১৯৯৫), তেওঁৰ মঞ্চনাম এষ্টাৰ ইউ নামে অধিক পৰিচিত, এগৰাকী চীনা অভিনেত্ৰী আৰু গায়িকা। তেওঁ আইকিউআইৱাই-ৰ ছাৰ্ভাইভেল শ্ব' ‘ইউথ উইথ ইউ ২’-ৰ জৰিয়তে গঠিত প্ৰজেক্ট গাৰ্ল গ্ৰুপ ‘দ্য নাইনৰ’ (The9)-ৰ প্ৰাক্তন সদস্য। তেওঁ হিট টেলিভিছন ধাৰাবাহিক ‘ফাইণ্ড ইউৰচেল্ফ’ (২০২০), ‘মুনলাইট’ (২০২১), ‘লাভ বিটুইন ফেয়াৰী এণ্ড ডেভিল’ (২০২২), ‘মাই জাৰ্নি টু ইউ’ (২০২৩), ‘লাভ গেম ইন ইষ্টাৰ্ন ফেণ্টাচি’ (২০২৪), আৰু ‘স্পীড এণ্ড লাভ’ (২০২৫)-ত অভিনয় কৰি স্বীকৃতি লাভ কৰিছে।
প্ৰাৰম্ভিক জীৱন
ইউৰ জন্ম চীনৰ ছাংহাইত হৈছিল আৰু তেওঁ পৰিয়ালৰ একমাত্ৰ সন্তান। তেওঁৰ দেউতাক-আইতাকৰ পৰিয়াল ব্যৱসায়িক ক্ষেত্ৰত প্ৰতিষ্ঠিত; তেওঁৰ ককাদেউতাই শিনইউ আয়ৰণ এণ্ড ষ্টীল গ্ৰুপৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁৰ পিতৃ-মাতৃয়ে একাধিক স্থাৱৰ সম্পত্তি, নিৰ্মাণ আৰু ইস্পাত কোম্পানী চলাই আহিছে।১২৩ ইউ নিজেও একাধিক ব্যৱসায়িক প্ৰতিষ্ঠানৰ শ্বেয়াৰহোল্ডাৰ আৰু মালিক।৪
উচ্চ মাধ্যমিকোত্তৰ শিক্ষাৰ বাবে তেওঁ ছিংগাপুৰৰ লাছাল কলেজ অৱ দ্য আৰ্টছত অধ্যয়ন কৰে আৰু ফেশ্বন মিডিয়া এণ্ড ইণ্ডাষ্ট্ৰিজ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।৫
ইউ ২০১৬ চনৰ ১১ নৱেম্বৰত ছিংগাপুৰৰ ফুলাৰ্টন হোটেলত অনুষ্ঠিত ৰাষ্ট্ৰপতিৰ চেৰিটি আৰ্ট প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানতো অংশগ্ৰহণ কৰে আৰু অনুষ্ঠানটোৰ মুখ্য পৃষ্ঠপোষক হিচাপে স্বীকৃতি লাভ কৰে। এই অনুষ্ঠানত ছিংগাপুৰ প্ৰজাতন্ত্ৰৰ ৰাষ্ট্ৰপতি ড° টনি টান কেং ইয়ামে উপস্থিত আছিল।৬
তথ্যসূত্ৰ
- ↑ 新浪娱乐. (2022-01-11). 虞书欣父亲及公司被冻结580万财产 · 上海市 · 法院 · 虞书欣_新浪娱乐_新浪网. ent.sina.com.cn
- ↑ (2024-11-03). Rich China rising star Esther Yu famous for playful fashion choices forges independent path. www.scmp.com
- ↑ 深挖虞书欣家庭背景:爷爷早年前是主席,父母经商发家有地位!_节目. www.sohu.com
- ↑ (2020-04-19). "Giant and charming girl" Yu Shuxin, who owns 5 companies and inherits hundreds of millions of fortunes, has his fatherhood become a mystery?. lujuba.cc
- ↑ "小作精"虞书欣居然是名校毕业,时尚大秀常客!名副其实的名媛 - 娱乐资讯(存满娱乐网). www.cunman.com
- ↑ (2016-11-11). President’s Charity Art Exhibition 2016 - “ President Dr. Tony Tan and Ms Ma Yu Shu Xin ”. www.limsewyong.com/exhibitions/president2016
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এষ্টাৰ ইউ” প্ৰবন্ধৰ সংশোধন ৫৮২২৬৯ (২৫ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।