লুজ মেৰিনা জুলুৱাগা জুলুৱাগা (ইংৰাজী ভাষা: Luz Marina Zuluaga; জন্ম: ৩১ অক্টোবৰ ১৯৩৮ – মৃত্যু: ২ ডিচেম্বৰ ২০১৫) এগৰাকী কলম্বিয়ান সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আছিল যিয়ে মিছ ইউনিভাৰ্ছ ১৯৫৮ জয় কৰিছিল। ২০১৪ চনত পাওলিনা ভেগা মিছ ইউনিভাৰ্ছ হোৱাৰ আগলৈকে তেওঁ আছিল এই খিতাপ জয় কৰা একমাত্ৰ কলম্বিয়ান মহিলা।
জীৱনী
জুলুৱাগাৰ জন্ম কলম্বিয়াৰ মানিজালেছত (কাল্ডাছ বিভাগ) হৈছিল আৰু তেওঁ তাতেই ডাঙৰ-দীঘল হৈছিল। তেওঁ মিছ কাল্ডাছ প্ৰতিযোগিতাৰ বাবে আবেদন কৰিছিল আৰু ১৯৫৭ চনত জয়ী হৈছিল। ইয়াৰ পিছত জুলুৱাগাই মিছ কলম্বিয়া প্ৰতিযোগিতাৰ বাবে প্ৰশিক্ষণ লয় আৰু কাৰ্টেজেনাত উপস্থিত হৈ মিছ কলম্বিয়া খিতাপ জয় কৰাৰ আশা কৰে। পেৰেইৰা কাল্ডাছ বিভাগৰ অংশ। তেওঁ নিৰ্বাচিত হোৱাৰ কিছু বছৰ পাছত ১৯৬৬ চনত ৰিছাৰাল্ডাক এটা বিভাগ হিচাপে গঢ়ি তোলা হৈছিল। তেওঁ মিছ পেৰেইৰা, মিছ কাল্ডাছ, মিছ কলম্বিয়া ভিৰেইনা (প্ৰথম ৰানাৰ-আপ), মিছ কলম্বিয়া — বিজয়ী আৰু তাৰ পিছত মিছ ইউনিভাৰ্ছ খিতাপ অৰ্জন কৰে।
মিছ কলম্বিয়া ১৯৫৭
জুলুৱাগাই প্ৰথম ৰানাৰ-আপ হিচাপে প্ৰতিযোগিতা সমাপ্ত কৰিছিল। অৱশ্যে বিজয়ী ডৰিছ গিল ছাণ্টামাৰিয়াই বিবাহপাশত আবদ্ধ হয়। মিছ ইউনিভাৰ্ছৰ নিয়ম অনুসৰি কোনো প্ৰতিযোগী বিবাহিত হ'ব নোৱাৰাৰ বাবে ছাণ্টামাৰিয়াই পদত্যাগ কৰিবলৈ বাধ্য হয়, যাৰ ফলত জুলুৱাগাই স্বয়ংক্ৰিয়ভাৱে মিছ কলম্বিয়াৰ মৰ্যাদা লাভ কৰে।১২
মিছ ইউনিভাৰ্ছ ১৯৫৮
১৯৫৮ চনৰ ২৫ জুলাইত কেলিফৰ্ণিয়াৰ লং বীচত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।৩ জুলুৱাগাক নতুন মিছ ইউনিভাৰ্ছ হিচাপে ঘোষণা কৰাৰ পাছত, সেই সময়ৰ কলম্বিয়াৰ একমাত্ৰ টেলিভিছন কেন্দ্ৰ আৰু বেছিভাগ ৰেডিঅ' কেন্দ্ৰই (প্ৰায় ৭৩ টা) এই 'ব্ৰেকিং নিউজ' পৰিৱেশন কৰিবলৈ তেওঁলোকৰ নিয়মীয়া অনুষ্ঠানসমূহ বন্ধ কৰি দিছিল। প্ৰতিযোগিতাখনত তেওঁ পিন্ধা ইভিনিং গাউনটো কলম্বিয়ান ডিজাইনাৰ অৰা লিঅ’নৰ ট্ৰয়া ডি ছানচেজে তেওঁৰ বাবে ডিজাইন কৰি তৈয়াৰ কৰিছিল। তেওঁ কমেও তিনিগৰাকী মিছ কলম্বিয়াকে ধৰি বহু তাৰকাৰ ডিজাইনাৰ আছিল।
জুলুৱাগাই লগে লগে নিজ দেশলৈ উভতি আহিব পৰা নাছিল। মিছ ইউনিভাৰ্ছৰ কৰ্মকৰ্তাসকলে তেওঁৰ সুৰক্ষাক লৈ শংকিত আছিল কাৰণ সেই সময়ত কলম্বিয়াত চৰম ৰাজনৈতিক অস্থিৰতা চলি আছিল। যেতিয়া তেওঁ অৱশেষত ঘৰলৈ উভতি আহে, বগোটাত থকা এল ড'ৰাডো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু মানিজালেছ বিমানবন্দৰত বৃহৎ জনতাই তেওঁক উষ্ম আদৰণি জনাইছিল।
সেই সময়লৈকে মানিজালেছৰ নাগৰিকসকলে তেওঁক সেই অঞ্চলৰে এগৰাকী থলুৱা ছোৱালীৰ দৰে গ্ৰহণ কৰিছিল। তেওঁৰ পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা ভাল নহয় বুলি জানিব পাৰি বহু নাগৰিকে ধন সংগ্ৰহ কৰে, যি ধনেৰে জুলুৱাগা আৰু তেওঁৰ পৰিয়ালৰ বাবে এটা ভাল ঘৰ সাজি দিয়া হৈছিল।
খিতাপৰ পৰৱৰ্তী জীৱন
চৰ্চাৰ কেন্দ্ৰবিন্দুৰপৰা আঁতৰি থকাৰ বহু বছৰৰ পাছত জুলুৱাগাই পুনৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে যেতিয়া তেওঁ এজন চিকিৎসকৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গুচি যায়। ১৯৬৬ চনত তেওঁ মানিজালেছলৈ উভতি আহে আৰু চহৰৰ পৌৰ নিগমৰ লগতে ৰাজ্যিক পৰ্যটন প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ পৰে, যাৰ তেওঁ পিছলৈ সঞ্চালক হৈছিল।
জুলুৱাগাৰ তিনিটা পুত্ৰ আৰু এজনী কন্যা সন্তান আছিল। ২০১৫ চনৰ ২ ডিচেম্বৰত ৭৭ বছৰ বয়সত মানিজালেছত থকা নিজা বাসগৃহত তেওঁৰ মৃত্যু হয়।৪
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2015-12-02). Colombia's 1st Miss Universe dead at 77. San Diego Union-Tribune
- ↑ Gomez, Shirley. (2023-11-14). The first Latina to ever win the Miss Universe pageant. HOLA! USA
- ↑ (May 1974). Encuentro di dos Miss Universo. Revista Amistad
- ↑ First Colombian Miss universe Luz Marina Zuluaga has died. — Lifestyle · Fox News. Fox News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লুজ মেৰিনা জুলুৱাগা” প্ৰবন্ধৰ সংশোধন ৫৯৫৬১৮ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।