কলম্বিয়াৰ ব্যক্তি
১০ প্ৰবন্ধ
-
গাব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছ
গাব্ৰিয়েল হজে ডি লা কনকৰ্ডিয়া (Gabriel José de la Concordia) গাৰ্চিয়া মাৰ্কেছ (; (৬ মাৰ্চ ১৯২৭ - ১৭ এপ্ৰিল ২০১৪) এগৰাকী কলম্বিয়ান ঔপন্যাসিক, চুটিগল্প লিখক, পটকথা লিখক তথা সংবাদসেৱী আছিল। লেটিন আমেৰিকাৰ দেশসমূহত আদৰত তেখেতক গাব নামে জনা যায়।
-
ছাকিৰা
ছাকিৰা ইছাবেল মেবাৰাক ৰিপ'ল (Shakira Isabel Mebarak Ripoll, জন্ম ২ ফেব্ৰুৱাৰী ১৯৭৭)এগৰাকী কলম্বিয়ান গায়িকা। বাৰাংকুইলাত জন্মগ্ৰহণ কৰা আৰু ডাঙৰ-দীঘল হোৱা ছাকিৰাক "লেটিন সংগীতৰ ৰাণী" বুলি কোৱা হয়।সংগীতৰ বহুমুখিতাৰ বাবে ছাকিৰা বিখ্যাত।
-
সুআন মানুৱেল ছাণ্ট'ছ কাল্ডে'ৰ'ন
সুআন মানুৱেল ছাণ্ট'ছ কাল্ডে'ৰ'ন (Juan Manuel Santos Calderón) (;জন্ম: ১০ আগষ্ট, ১৯৫১) কলম্বিয়াৰ বৰ্তমান তথা ৩২তম ৰাষ্ট্ৰপতি। তেওঁ ২০১৬ চনত বাবে শান্তিৰ নোবেল বঁটা লাভ কৰে। তেওঁ এজন বিখ্যাত অৰ্থনীতিবিদ আৰু সাংবাদিক।
-
আদ্ৰিয়ানা গুটিয়ৰেজ
আৰ্দ্ৰিয়ানা মাৰিয়া গুটিয়ৰেজ আৰেভালো (ইংৰাজী: Ariadna Gutiérrez; জন্ম: ২৫ ডিচেম্বৰ ১৯৯৩) এগৰাকী কলম্বিয়ান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ কলম্বিয়া ২০১৪-ৰ মুকুট পিন্ধিছিল।
-
গাব্ৰিয়েলা টাফুৰ
গাব্ৰিয়েলা টাফুৰ নাদেৰ (ইংৰাজী: Gabriela Tafur; জন্ম: ৭ জুলাই ১৯৯৫) এগৰাকী কলম্বিয়ান অধিবক্তা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ কলম্বিয়া ২০১৮ ৰ মুকুট পিন্ধিছিল।
-
পাউলা আন্দ্ৰিয়া বেটানকৌৰ
পাউলা আন্দ্ৰিয়া বেটানকৌৰ আৰোয়েভ (ইংৰাজী: Paula Andrea Betancur; জন্ম: ১ জুন ১৯৭২) এগৰাকী কলম্বিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। বেটানকৌৰে ১৯৯২ চনৰ ৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত আমাজনাস বিভাগক প্ৰতিনিধিত্ব কৰিছিল আৰু মিছ কলম্বিয়া ১৯৯২ ৰ খিতাপ অৰ্জন কৰিছিল।
-
ভেলৰী ডমিংগুৱেজ
ভেলৰী ডমিংগুৱেজ তাৰুড (ইংৰাজী: Valerie Domínguez; জন্ম: ১২ জানুৱাৰী ১৯৮১) এগৰাকী কলম্বিয়ান অভিনেত্ৰী, মডেল, ডিজাইনাৰ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ কলম্বিয়া ২০০৫ ৰ মুকুট পিন্ধিছিল আৰু মিছ ইউনিভাৰ্ছ ২০০৬ ত নিজৰ দেশক প্ৰতিনিধিত্ব কৰি শীৰ্ষ ১০ গৰাকীৰ ভিতৰত স্থান লাভ কৰিছিল।
-
মাৰ্চিদিজ বৰচা
মাৰ্চিডিজ ৰাকেল বৰচা পাৰ্ডো (৬ নৱেম্বৰ, ১৯৩২ – ১৫ আগষ্ট, ২০২০) ঔপন্যাসিক গাব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছ (১৯২৭–২০১৪)ৰ পত্নী আছিল।
-
ল'ৰা গঞ্জালেছ
ল'ৰা গঞ্জালেছ অছপিনা (ইংৰাজী: Laura González; জন্ম: ২২ ফেব্ৰুৱাৰী ১৯৯৫), যাক ল'ৰা বাৰজুম নামেৰেও জনা যায়, এগৰাকী কলম্বিয়ান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী।
-
লুজ মেৰিনা জুলুৱাগা
লুজ মেৰিনা জুলুৱাগা জুলুৱাগা (ইংৰাজী: Luz Marina Zuluaga; জন্ম: ৩১ অক্টোবৰ ১৯৩৮ – মৃত্যু: ২ ডিচেম্বৰ ২০১৫) এগৰাকী কলম্বিয়ান সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আছিল যিয়ে মিছ ইউনিভাৰ্ছ ১৯৫৮ জয় কৰিছিল। ২০১৪ চনত পাওলিনা ভেগা মিছ ইউনিভাৰ্ছ হোৱাৰ আগলৈকে তেওঁ আছিল এই খিতাপ জয় কৰা একমাত্ৰ কলম্বিয়ান মহিলা।