অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লুইচ আৰ্মষ্ট্ৰং

লুইচ ডেনিয়েল আৰ্মষ্ট্ৰং (৪ আগষ্ট ১৯০১ – ৬ জুলাই ১৯৭১) আছিল এজন প্ৰখ্যাত আমেৰিকান ট্ৰাম্পেটবাদক, গায়ক, আৰু জাজ সংগীতৰ অগ্ৰদূত। তেওঁ "Satchmo", "Pops" নামেও পৰিচিত।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৫৬ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

লুইচ ডেনিয়েল আৰ্মষ্ট্ৰং (৪ আগষ্ট ১৯০১ – ৬ জুলাই ১৯৭১) আছিল এজন প্ৰখ্যাত আমেৰিকান ট্ৰাম্পেটবাদক, গায়ক, আৰু জাজ সংগীতৰ অগ্ৰদূত। তেওঁ "Satchmo", "Pops" নামেও পৰিচিত।১

আৰ্মষ্ট্ৰঙৰ আটাইতকৈ পৰিচিত গীতসমূহৰ ভিতৰত আছে ৱাট এ ৱাণ্ডাৰফুল ৱৰ্ল্ড, লা ভি এন ৰোজ, হেল্ল', ডলী!, অন দ্য চানি চাইড অৱ দ্য ষ্ট্ৰীট, ড্ৰিম এ লিটল ড্ৰিম অৱ মি, ৱেন ইউ আৰ স্মাইলিং আৰু ৱেন দ্য চেণ্টছ গ' মাৰ্চিং ইন। তেওঁ এলা ফিটজেৰাল্ডৰ সৈতে সহযোগিতা কৰি একেলগে তিনিটা ৰেকৰ্ড প্ৰস্তুত কৰে: এলা এণ্ড লুইচ (১৯৫৬), এলা এণ্ড লুইছ এগেইন (১৯৫৭), আৰু পৰ্গি এণ্ড বেছ (১৯৫৯)। ইয়াৰ উপৰিও তেওঁ এ ৰেপছ’ডি ইন ব্লেক এণ্ড ব্লু (১৯৩২), কেবিন ইন দ্য স্কাই (১৯৪৩), হাই ছ’চাইটি (১৯৫৬), পেৰিছ ব্লুজ (১৯৬১), এ মেন কল্ড এডাম (১৯৬৬), হেলো, ডলী! (১৯৬৯) আদি চলচ্চিত্ৰৰ গীতত কণ্ঠদান কৰিছিল।

জীৱন আৰু সংগীতত আৰম্ভণি

লুইচ আৰ্মষ্ট্ৰং নিউ অৰলিনছত জন্মগ্ৰহণ কৰে আৰু দাৰিদ্ৰ্যৰ মাজত ডাঙৰ হয়। কৈশোৰতে তেওঁ সংগীতৰ প্ৰতি আকৃষ্ট হয় আৰু "Colored Waif's Home"-ত থাকোঁতে ট্ৰাম্পেট বজাব শিকে। ১৯২২ চনত তেওঁৰ গুৰুভাই Joe "King" Oliverৰ আমন্ত্ৰণত তেওঁ চিকাগোত যোগ দিয়ে আৰু "Creole Jazz Band"-ত বাজাবলৈ আৰম্ভ কৰে।২

সংগীতত অৱদান

লুইচ আৰ্মষ্ট্ৰংই জাজ সংগীতক দিশ আৰু ৰূপ দিছিল। তেওঁগৰাকীই “collective improvisation”ৰ সলনি একক শিল্পীৰ (soloist) মুখ্য স্থান নিৰ্দেশ কৰিছিল। তেওঁৰ কণ্ঠস্বৰ গম্ভীৰ আৰু কঁপনি থকা, যাক বিশ্বজুৰি চিনাকি বুলি গণ্য কৰা হয়। তেওঁ Scat singing-তো দৰ্শনীয়তা দেখুৱাইছিল।

জনপ্ৰিয় গীতসমূহ

আৰ্মষ্ট্ৰংৰ জনপ্ৰিয় গীতবোৰৰ ভিতৰত আছে:

  • "What a Wonderful World"
  • "Hello, Dolly!"
  • "La Vie en Rose"
  • "When the Saints Go Marching In"
  • "Dream a Little Dream of Me"

সহযোগিতা আৰু চলচ্চিত্ৰ

তেওঁ Ella Fitzgeraldৰ সৈতে Ella and Louis (১৯৫৬), Ella and Louis Again (১৯৫৭), আৰু Porgy and Bess (১৯৫৯) ৰেকৰ্ড কৰিছিল। চলচ্চিত্ৰতো অংশগ্ৰহণ কৰিছিল:

  • A Rhapsody in Black and Blue (১৯৩২)
  • Cabin in the Sky (১৯৪৩)
  • High Society (১৯৫৬)
  • Hello, Dolly! (১৯৬৯)

পুৰস্কাৰ আৰু স্বীকৃতি

তেওঁ ১৯৬৫ চনত Hello, Dolly! গীতৰ বাবে গ্ৰেমি লাভ কৰে। ১৯৭২ চনত তেওঁক মৰণোত্তৰ Grammy Lifetime Achievement Award প্ৰদান কৰা হয়। তেওঁৰ নাম Rock and Roll Hall of Fame, DownBeat Jazz Hall of Fame আদিত অন্তৰ্ভুক্ত।

বৰ্ণ আৰু সমাজ

তেওঁ এজন কৃষ্ণাংগ সংগীতজ্ঞ হিচাপে শ্বেত আৰু আন্তঃৰাষ্ট্ৰীয় সমাজত জনপ্ৰিয় হৈ উঠিছিল। যদিও তেওঁ বৰ্ণবৈষম্যৰ বিষয়ে প্ৰায়ে চৰকাৰবিৰোধী মন্তব্য নকৰিলে, Little Rock Nine ঘটনাত তেওঁ স্পষ্টভাৱে বৰ্ণ-বৈষম্যৰ বিপক্ষে মত প্ৰকাশ কৰিছিল।

মৃত্যু

লুইচ আৰ্মষ্ট্ৰং ১৯৭১ চনৰ ৬ জুলাইত নিউয়ৰ্ক মহানগৰত দেহত্যাগ কৰে। তেওঁৰ সমাধি ফ্লাছিং চেমেটাৰীত কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ Laurence Bergreen. (1997). Louis Armstrong: An Extravagant Life. Broadway Books. পৃ. 4–5. ISBN 978-0553067682
  2. ↑ Cook, Richard. (2005). Richard Cook's Jazz Encyclopedia. Penguin Books. পৃ. 18–19. ISBN 978-0141006468

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লুইচ আৰ্মষ্ট্ৰং” প্ৰবন্ধৰ সংশোধন ৬৩১৯৭০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।