লাৰকানা (Larkana;; لاڙڪاڻو) হৈছে পাকিস্তানৰ সিন্ধ প্ৰদেশত অৱস্থিত এখন চহৰ। জনসংখ্যাৰ হিচাপত ই পাকিস্তানৰ ১৫ নং বৃহৎ চহৰ।১ ই সিন্ধু সভ্যতাৰ মহেঞ্জোদাৰোৰ স্থান।২ চহৰখনৰ পূব দিশৰ পৰা দক্ষিণ দিশলৈ ঐতিহাসিক সিন্ধু নদীখন বৈ গৈছে।৩
এই চহৰখন লাৰকানা জিলাৰ অন্তৰ্গত। পূৰ্বতে “চাণ্ডকা” নামেৰে জনাজাত এই ঠাইখন ঘৰ কেনেলৰ দক্ষিণ পাৰে; চিকাৰপুৰ চহৰৰ পৰা প্ৰায় 40 মাইল দক্ষিণে আৰু মেহাৰৰ পৰা 36 মাইল উত্তৰ-পূব দিশত অৱস্থিত।৪ ২০১৭ চনৰ পাকিস্তানৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৪,৯০,৫০৮ জন।৫ কৰাচী, হাইদৰাবাদ, আৰু চুক্কুৰৰ পিছতে ই সিন্ধ প্ৰদেশৰ চতুৰ্থ জনবসতিপূৰ্ণ চহৰ। তদুপৰি ২০১৭ চনৰ লোকপিয়লৰ সময়ত লাৰকানা চহৰক পাকিস্তানৰ পঞ্চদশ বৃহত্তম স্থানত ৰখা হৈছে।
ভূগোল
লাৰকানা অক্ষাংশ ২৪ ৫৬' ০০' আৰু দ্ৰাঘিমাংশ ৬৭ ১১' ০০'ত অৱস্থিত।৬ ই সিন্ধুৰ উত্তৰ-পশ্চিম অংশত অৱস্থিত আৰু ইয়াৰ নিজা বিভাজন আছে। ইয়াক উজনি সিন্ধুতো অন্তৰ্ভুক্ত কৰা হৈছে।
জলবায়ু
লাৰকানা মৌচুমী জলবায়ু অঞ্চলৰ অন্তৰ্গত। এই অঞ্চলত অত্যন্ত গৰম গ্ৰীষ্মকালত দেখা যায়।
ইয়াৰ সৰ্বোচ্চ তাপমাত্ৰা হৈছে ৫৩ °C (১২৭.৪ °F) আৰু সৰ্বনিম্ন তাপমাত্ৰা হৈছে −4 °C (২৪.৮ °F)। বাৰ্ষিক বৰষুণৰ পৰিমাণ ১২৭.৪ মিলিমিটাৰ (৫.০২ ইঞ্চি), মূলতঃ বাৰিষাকালত (জুলাইৰ পৰা ছেপ্তেম্বৰলৈ) হয়। ১৯৯৪ চনৰ তথ্য মতে, এতিয়ালৈকে সৰ্বাধিক বাৰ্ষিক বৰষুণ হৈছে ৫৮০.২ মিলিমিটাৰ (২২.৮৪ ইঞ্চি) আৰু ১৯৩৮ চনৰ তথ্য মতে, এতিয়ালৈকে সৰ্বনিম্ন বাৰ্ষিক বৰষুণ হৈছে ৭.১ মিলিমিটাৰ (০.২৮ ইঞ্চি)।
প্ৰশাসন

উপায়ুক্তগৰাকী হৈছে জিলা প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী। নৌমান সাদিক লাটকী (Nouman Sadique Latki) লাৰকানা উপায়ুক্ত বা জিলাধিপতি।
লাৰকানা জিলাখন প্ৰশাসনিকভাৱে তলত উল্লেখ কৰা তালুকাসমূহত বিভক্ত কৰা হৈছে:৭
- ডকৰি
- বকৰাণী
- লাৰকানা
- ৰাটোডেৰো
তথ্যসূত্ৰ
- ↑ Pakistan City & Town Population List. Tageo.com website
- ↑ Indus, Valley. Archeology
- ↑ Staff reporter. (3 August 2010). Sindh CM visits bridge on River Indus in Larkana district. Dawn news
- ↑ Imperial Gazetteer2 of India, Volume 16, page 144 -- Imperial Gazetteer of India -- Digital South Asia Library. uchicago.edu
- ↑ Pakistan Bureau of Statistics. Province-wise results - Tehsils (Census-2017). www.pbs.gov.pk
- ↑ Geography=first1=Larkana. geography
- ↑ District Larkana Online! (ApnaLarkana.com) - First Official & Commercial website on District Larkana .. Complete guide to Larkana, Sindh, Pakistan. Larkana, Chandka, Moen jo daro, benazir Bhutto, Zulfiqar Bhutto, garhi khuda baksh, murtaza bhutto, bhutto. apnalarkana.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাৰকানা” প্ৰবন্ধৰ সংশোধন ৬০২৬৯১ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।