অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

লাষ্ট ফ'ৰ লাইফ

লাষ্ট ফ'ৰ লাইফ (Lust for Life) বিশ্ববিখ্যাত চিত্ৰশিল্পী ভিনচেণ্ট ভেন গঘৰ জীৱনৰ ওপৰত আধাৰিত এখন বিশ্ববিখ্যাত উপন্যাস। ১৯৩৪ চনত এইখন প্ৰকাশ হৈছিল আৰু এইখন লিখিছিল আৰভিং ষ্টনে।

হালনাগাদ: ১৬ মাৰ্চ ২০২৪ ২৫৬ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

লাষ্ট ফ'ৰ লাইফ (Lust for Life) বিশ্ববিখ্যাত চিত্ৰশিল্পী ভিনচেণ্ট ভেন গঘৰ জীৱনৰ ওপৰত আধাৰিত এখন বিশ্ববিখ্যাত উপন্যাস। ১৯৩৪ চনত এইখন প্ৰকাশ হৈছিল আৰু এইখন লিখিছিল আৰভিং ষ্টনে। এই উপন্যাসখনৰ সৈতে একেনামৰ এখন চিনেমা নিৰ্মিত হৈছে, যিখন চাৰিটা অস্কাৰ বঁটাৰ বাবে মনোনীত হৈছিল আৰু এটা একাডেমী বঁটা অৰ্জন কৰিছিল।১

ভেন গঘে তেওঁৰ ভাতৃ থিউ ভেন গঘলৈ লিখা চিঠিসমূহৰ আধাৰত এই উপন্যাসখন লিখা হৈছে।২ থিউ আছিল পেৰিছৰ এজন আৰ্ট ডিলাৰ। থিউৱে মৃত্যু পৰ্যন্ত ভিনচেণ্টৰ জীৱন নিৰ্বাহৰ সমুদায় খৰচ বহন কৰিছিল আৰু ছবি আঁকিবলৈ কাগজ, কেনভাচ, ৰং আদি ভিনচেণ্টক যোগাৰ ধৰিছিল। চিঠিসমূহত সেইসময়ৰ ভিনচেণ্ট ভেন গঘৰ সমসাময়িক চিত্ৰশিল্পীসকলৰ চিন্তা-ধাৰা, ৰুচি-অৰুচি, জীৱন যাপন তথা চিত্ৰশিল্পৰ বিষয়ে বহুকথা বৰ্ণিত হৈছে।৩৪

কেনেধৰণৰ পৰিৱেশত বা মনোস্থিতিত ভিনচেণ্টে তেওঁৰ 'ষ্টেৰি নাইট' 'দ্যা প'টেট' ইটাৰ' 'চানফ্লাৱাৰ' আদি ছবিসমূহ আঁকিছিল, ইয়াৰ বিষয়ে 'লাষ্ট ফ'ৰ লাইফ'ত বিস্তৃত ভাৱে বৰ্ণনা কৰা হৈছে। কিতাপখন বিশ্ববাসীৰ মাজত জনপ্ৰিয় হোৱাৰ ইয়ো কাৰণ। মাত্ৰ ৩৭ বছৰীয়া জীৱনকালত তেওঁ একৈশতকৈয়ো অধিক ছবি আঁকিছিল। ইয়াৰে প্ৰায় ৮৬০খন অইল পেইণ্টিং, ১৩০০ ৱাটাৰ কালাৰ, ড্ৰয়িং, স্কেচ আৰু প্ৰিণ্ট আছিল। ভিনচেণ্ট ভেন গঘৰ কৰুণ আৰু কঠোৰ জীৱন নিৰ্বাহ, পাদুৰি ৰূপে কাম কৰাৰ সময়ত তেওঁৰ দানশীলতা, চিত্ৰকৰ ৰূপে জন্ম আৰু চিত্ৰকৰ ৰূপে মৃত্যুৰ কাহিনী 'লাষ্ট ফ'ৰ লাইফ'ত খুব অন্তৰ্স্পৰ্শীৰূপে বৰ্ণিত হৈছে। ভেন গঘৰ প্ৰিয় বন্ধু আৰু সেইসময়ৰ এজন বিখ্যাত চিত্ৰশিল্পী পল গঁগ্যাৰ বিষয়েও কিতাপখনত লিখা হৈছে। ১৮৮০ চনৰ ২৯ জুলাইত ফ্ৰান্সৰ অভাৰ্চত ভিনচেণ্টৰ মৃত্যু হয়।৫

'লাষ্ট ফ'ৰ লাইফ' নামৰ কিতাপখন নটা সৰু সৰু ভাগত ভাগ কৰা হৈছে। তেওঁ জীৱনকালটো যিসমূহ ঠাইত কটাইছিল সেই ঠাইসমূহৰ নামেৰে একোটা খণ্ডৰ শিৰোনাম দিয়া হৈছে। যেনে- লণ্ডন, বৰিনেজ, ইটেন, নিউনেন, পেৰিছ, আলৰ্চ আদি।

আৰভিং ষ্টনৰ 'লাষ্ট ফ'ৰ লাইফ' মীনাক্ষি বুঢ়াগোহাঁয়ে অসমীয়ালৈ অনুবাদ কৰিছে।৬

তথ্যসূত্ৰ

  1. ↑ NY Times, Obituary
  2. ↑ Pomerans (1996), ix
  3. ↑ "Van Gogh: The Letters". Van Gogh Museum. Retrieved 7 October 2009
  4. ↑ Van Gogh's letters, Unabridged and Annotated. Retrieved 25 June 2009
  5. ↑ মীনাক্ষি বুঢ়াগোহাঁই. লাষ্ট ফ'ৰ লাইফ. ষ্টুডেণ্টচ্‌ ষ্ট'ৰচ্‌
  6. ↑ মীনাক্ষি বুঢ়াগোহাঁই. লাষ্ট ফ'ৰ লাইফ. ষ্টুডেণ্টচ্‌ ষ্ট'ৰচ্‌

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী গ্ৰন্থআমেৰিকান উপন্যাসগ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাষ্ট ফ'ৰ লাইফ” প্ৰবন্ধৰ সংশোধন ৪১২২২০ (১৬ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।