অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

লালেটাপু সংঘৰ্ষ

লালেটাপু সংঘৰ্ষ হৈছে ১৯৮৩ চনৰ ২০ মাৰ্চত শোণিতপুৰ জিলাৰ জীয়াভৰলীৰ পাৰৰ লালেটাপু অঞ্চলত থলুৱা অসমীয়া আৰু বহিৰাগতৰ মাজত সংঘটিত এক সংঘৰ্ষ। এই সংঘৰ্ষত 'ভূপেন ডেকা', 'বলীন নাথ', 'প্ৰসন্ন বৰুৱা', 'বীৰেণ মিশ্ৰ', 'শ্যাম কুণ্ডু', 'জয়ৰাম বৰুৱা', 'পলাশ ৰাজবংশী', আৰু 'বল্লভ নাথ' নামৰ আঠজন লোক শ্বহীদ হৈছিল।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৪৮৫ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

লালেটাপু সংঘৰ্ষ হৈছে ১৯৮৩ চনৰ ২০ মাৰ্চত শোণিতপুৰ জিলাৰ জীয়াভৰলীৰ পাৰৰ লালেটাপু অঞ্চলত থলুৱা অসমীয়া আৰু বহিৰাগতৰ মাজত সংঘটিত এক সংঘৰ্ষ।১ এই সংঘৰ্ষত 'ভূপেন ডেকা', 'বলীন নাথ', 'প্ৰসন্ন বৰুৱা', 'বীৰেণ মিশ্ৰ', 'শ্যাম কুণ্ডু', 'জয়ৰাম বৰুৱা', 'পলাশ ৰাজবংশী', আৰু 'বল্লভ নাথ' নামৰ আঠজন লোক শ্বহীদ হৈছিল।২১ এই শ্বহীদৰ প্ৰতি সন্মান জনাই জামুগুৰি হাটৰ ডেকাসুন্দৰ অঞ্চলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটা স্মৃতিসৌধ নিৰ্মাণ কৰা হৈছে। প্ৰতিবছৰে বিভিন্ন দল-সংগঠনৰ লগতে জামুগুৰি অঞ্চলৰ লোকে ২০ মাৰ্চৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে।১

সংঘৰ্ষৰ কাৰণ

১৯৮৩ চনৰ পূৰ্বৰে পৰা অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ অন্তৰ্গত জিয়াভৰলী নদীৰ পাৰৰ জামুগুৰি হাটৰ লালেটাপু আৰু অন্যান্য চাপৰি অঞ্চলসমূহলৈ বহিৰাগত লোকৰ প্ৰব্ৰজন ঘটে। এই প্ৰব্ৰজনে তেতিয়াৰ অসমত বসবাস কৰা থলুৱা লোক সকলৰ জীৱন, কৰ্মসংস্কৃতিৰ ওপৰত প্ৰভাৱ পেলাইছিল।২ ইয়াৰ পৰিণতিত দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়।১

ঘটনাক্ৰম

অসমৰ বিভিন্ন অঞ্চললৈ প্ৰব্ৰজন কৰা সন্দেহযুক্ত লোক আৰু স্থানীয় লোকৰ মাজত বিদেশী খেদা আন্দোলনৰ এই সময়ছোৱাত সঘনাই সংঘৰ্ষ হৈ আছিল। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ললেটাপু অঞ্চলত এনে বহু সন্দেহযুক্ত লোকে বিভিন্ন সময়ত আহি বসতি স্থাপন কৰিবলৈ লয়। এই সকল লোকে সমীপবৰ্তী থলুৱা লোকসকলক বিভিন্ন ধৰণে প্ৰভাৱিত কৰে। ১৯৮৩ চনৰ ১ মাৰ্চৰ দিনা কোঁচগাঁৱৰ এজন লোকৰ এহাল গৰু লালেটাপুৰ পৰা চুৰি হয়। দুদিনমান পিছত পুনৰ মাজগাঁৱৰ এহাল গৰু সন্দেহযুক্তলোকে কাঢ়ি লৈ যায় বুলি অঞ্চলটোত খবৰ বিয়পি পৰে। এইদৰে মাজে মাজে খেতিৰ শস্য, গৰু-গাই, ম’হ আদি জীৱন নাশৰ ভাবুকি দি এই লোকসকলে বলপূৰ্বকভাৱে নি থাকে বুলি জনা যায়৩।

মূল ঘটনাৰ সূত্ৰপাত হয় ১৭ মাৰ্চৰ দিনা। সেইদিনা দুপৰীয়া ১২ মান বজাত নাৱৰে আহি সন্দেহযুক্ত লোকে স্থানীয়লোকৰ ওপৰত আক্ৰমণ কৰে। এই আক্ৰমণত ডেকাচুকৰ সভাৰাম নাথ আৰু লোকাই নাথক গৰু চৰাই থকা অৱস্থাত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গৰু-গাইখিনি লৈ যায়! ১৯ মাৰ্চৰ দিনা ১১ বজাত একেধৰণৰ ঘটনা সংঘটিত হয়, সেইদিনা বৰ্ভগীয়া গাঁৱৰ মাণিক শ‍ইকীয়াই লালেটাপুৰ নিজৰ পামত খেতি চপাই থকা সময়ত এদল দুৰ্বৃত্তই আক্ৰমণ কৰি আধামৰাকৈ এৰি থৈ যায়। একেদিনাই পানপুৰ ঘাটত আবেলি ফেৰি যাত্ৰীৰ ওপৰত দুৰ্বৃত্তই আক্ৰমণ কৰি ৪ জনক হত্যা কৰে। প্ৰাণৰ ভয়ত সকলো বিভিন্ন দিশত পলাবলৈ ধৰে। ইয়াৰে শিলঘাট মৰাপাট কলৰ কৰ্মচাৰী গজেন শ‍ইকীয়াক হত্যা কৰি নদীত উটাই দিয়ে। লগতে কেইগৰাকীমান মহিলাক অপহৰণ কৰে। পিছত তেওঁলোকৰ সন্ধান পোৱা নগৈছিল।৩৪

এনেবোৰ ঘটনাৰ বাবে স্থানীয় লোকসকল অধিক শংকিত হৈ পৰে। সেই সময়ৰ সদৌ জামুগুৰি ছাত্ৰ সন্থা আৰু গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বই এই অঞ্চলসমূহত শান্তি সম্প্ৰীতি অটুত ৰাখিবলৈ ৰাইজক বুজায়। এই ঘটনাৰ বুজ ল'বলৈ তথা সাধাৰণ ৰাইজৰ এইক্ষেত্ৰত ভূমিকা কি হ'ব পাৰে এইলৈ ১৯ মাৰ্চৰ দিনা খাদৈচুকৰ বলীন নাথৰ ঘৰত স্থানীয় ৰাইজৰ ভিৰ হয় আৰু সন্ধিয়ালৈ কোৱামৰা গাঁৱত ৰাইজৰ মিটিং বহে।

ঘটনা সম্পৰ্কে কোনো অজ্ঞাত লোকে লালেটাপুৰ এই সন্দেহজনক লোক সকলৰ মাজত তেওঁলোকক স্থানীয় ৰাইজে আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে বুলি খবৰ বিয়পাই দিয়ে। আক্ৰমণৰ আশংকাত এইসকল লোকে নাৱেৰে জিয়াভৰলী নৈ পাৰ হৈ তেজপুৰৰ পাঁচমাইল অঞ্চললৈ স্থানান্তৰিত হয়। ঘৰ-দুৱাৰ, সা-সম্পত্তি সুৰক্ষাৰ বাবে কিছুলোক লালেটাপুতে থাকে আৰু আক্ৰমণৰ বাবে আগতীয়াকৈ কিছু অস্ত্ৰ সংগ্ৰহ কৰি সাজু হয়। ঘটনাৰ বিচাৰ লোৱাৰ উদ্দেশ্যে স্থানীয় কিছুলোক ছাত্ৰসন্থা আৰু অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত লালেটাপু অঞ্চলত উপস্থিত হয়। এই পৰিপ্ৰেক্ষিতত দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈ আক্ৰমণ প্ৰত্যাক্ৰমণত বিভিন্নজন আঘাতপ্ৰাপ্ত হোৱাৰ লগতে মুঠ আঠজন স্থানীয় লোকৰ মৃত্যু হয়। স্থানীয় লোকৰ কোনো-কোনোৱে পিছত লালেটাপুত বসতি স্থাপন কৰা অবৈধ লোক সকলৰ ঘৰবোৰত অগ্নিসংযোগ কৰে। খেৰৰ ঘৰৰ চালত শুকুৱাই ৰখা জলকীয়াত জুই লগাত এই সংঘৰ্ষত সন্দেহজনক লোকৰ কোনো কোনোৱে মৃত্যু হোৱা স্থানীয় লোক সকলৰ বিভিন্নজনৰ অংগক্ষত কৰে।

সংঘৰ্ষৰ সময়ত স্থানীয় লোকৰ লগতে লালেটাপুৰ পৰা সন্দেহযুক্ত লোকসকলে বিভিন্ন দিশত পলায়ন কৰে। এই সুযোগতে স্থানীয়লোকৰ বিভিন্নজনে তেওঁলোকৰ গৰু-ছাগলী, কুকুৰা আদি লৈ অহা বুলিও খবৰ বিয়পে। আবেলি সময়লৈ সংঘৰ্ষত মৃত্যু হোৱা সকলৰ শৱ-দেহ দক্ষিণচিলাবন্ধা পঞ্চায়তৰ সমুখলৈ অনা হয়। পৰৱৰ্তী সময়ত প্ৰশাসনে মৃত লোকসকলৰ লগতে ঘটনা সন্দৰ্ভত হস্তক্ষেপ কৰে। উক্ত দিনা নিশালৈ লালেটাপুৰ দিশে একুৰা জুই জ্বলি থকা স্থানীয় লোকৰ চকুত পৰে। সন্দেহযুক্ত লোক সকলে স্থানীয়লোকৰ ঘৰ জ্বলাই পুনৰ খেদি অহা বুলি সমীপৱৰ্তী গুৱাল, কোৱামৰা, খাদৈচুক, হাতবৰ আদিৰ লোকসকলৰ মাজত হুৱা-দুৱা লাগে। পিছলৈ এই সন্দেহ ভুৱা প্ৰমাণিত হয়।

জনপ্ৰিয় সংস্কৃতি

বি আৰ চি চিনে প্ৰডাকচনৰ বেনাৰত অৰুণ কুমাৰ ৰায় আৰু অজয় কুমাৰ ৰায়ৰ প্ৰযোজনা তথা আদিত্যম শইকীয়াৰ পৰিচালনাত নিৰ্মিত এখন অসমীয়া বোলছবি হৈছে ৰঙাটাপু ১৯৮৩।৫ ২৫ নৱেম্বৰ ২০২২ তাৰিখে ছবিখনে মুক্তি লাভ কৰিছিল। ১৯৮৩ চনৰ ২০ মাৰ্চৰ নিশা অসমৰ শোণিতপুৰ জিলাৰ জিয়াভৰলী পাৰত স্থানীয় আৰু বহিৰাগতৰ মাজত সংঘটিত হোৱা লালেটাপুৰ সংঘৰ্ষ কাহিনীৰ আধাৰত এই ছবিখন নিৰ্মাণ কৰা হৈছে।২৬

তথ্যসূত্ৰ

  1. ↑ জামুগুৰিহাটত ছাত্ৰ সন্থাৰ শ্বহীদ দিৱস পালন. ETV ভাৰত
  2. ↑ শইকীয়া প্ৰাঞ্জল. নতুন অসমীয়া চলচ্চিত্ৰ ‘লালেটাপু ১৯৮৩’ৰ ট্ৰেইলাৰ-পোষ্টাৰ মুকলি. জনমভূমি
  3. ↑ (ষড়ানন দেৱ নাথ, নিৰ্মল তামুলী). জীয়াভৰলী. জীয়াভৰলী,
  4. ↑ মিংকু কলিতা. জয়জ্যোতি
  5. ↑ ব্লেক ড্ৰেছত দেখা গ’ল অসমীয়া অভিনেতা-অভিনেত্ৰীক! কিহত ব্যস্ত আইমী বৰুৱা. দৈনন্দিন বাৰ্তা
  6. ↑ দুলিয়াজান অইল ফিল্ড হোটেলত নতুন অসমীয়া কথাছবি লালেটাপু ১৯৮৩ৰ তট্ৰেইলাৰ-পোষ্টাৰ মুকলি. নিয়মীয়া বাৰ্তা

সম্পৰ্কিত শ্ৰেণী

সংঘৰ্ষঅসম আন্দোলন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লালেটাপু সংঘৰ্ষ” প্ৰবন্ধৰ সংশোধন ৩৮৫৮২২ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।