অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লায়লা আলী আব্দুল্লা

লায়লা আলী আব্দুল্লা(:Laila Ali Abdulla; জন্ম: ১৩ আগষ্ট ১৯৬৫) এগৰাকী মালদ্বীপৰ সমাজকৰ্মী যিয়ে ২০০৮ চনৰ ১১ নৱেম্বৰৰ পৰা ২০১২ চনৰ ৭ ফেব্ৰুৱাৰীলৈকে মালদ্বীপৰ প্ৰথম মহিলাহিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ২২ নৱেম্বৰ ২০২৪ ২৪৯ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

লায়লা আলী আব্দুল্লা(:Laila Ali Abdulla; জন্ম: ১৩ আগষ্ট ১৯৬৫) এগৰাকী মালদ্বীপৰ সমাজকৰ্মী যিয়ে ২০০৮ চনৰ ১১ নৱেম্বৰৰ পৰা ২০১২ চনৰ ৭ ফেব্ৰুৱাৰীলৈকে মালদ্বীপৰ প্ৰথম মহিলাহিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ দ্বিতীয় গণৰাজ্য মালদ্বীপৰ চতুৰ্থ গৰাকী ৰাষ্ট্ৰপতি মহম্মদ নাছিদৰ পত্নী আৰু দুগৰাকী জীয়াৰী যথাক্ৰমে মীৰা লাইলা নাছিদ আৰু জায়া লাইলা নাছিদৰ মাতৃ।১

সক্ৰিয়তাবাদৰ কাম

লায়লা আলি আব্দুল্লাৰ স্বামী মহম্মদ নাছিদ আছিল মালদ্বীপৰ প্ৰথম গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ৰাষ্ট্ৰপতি (২০০৮–২০১২)। ২০১৪ চনত নাছিদক সন্ত্ৰাসবাদৰ ভুৱা অভিযোগত দোষী সাব্যস্ত কৰা হয় আৰু ১৩ বছৰৰ কাৰাদণ্ড বিহা হয়।২শ্ৰীমতী আলী আব্দুলাই মহম্মদ নাছিদৰ আন্তঃৰাষ্ট্ৰীয় মানৱঅধীকাৰ অধিবক্তা অমল ক্লুনীৰ সৈতে লগ হৈ তেওঁৰ স্বামীৰ মিছা অভিযোগ বাতিল কৰিবলৈ অহৰহ চেষ্ঠা কৰি আহিছে।

২০১৫ চনৰ ২৪ মাৰ্চত শ্ৰীমতী আলী আব্দুল্লাই এখন সংবাদ মেল পাতি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ পতিৰ মুক্তিৰ বাবে হস্তক্ষেপ কৰিবলৈ অনুৰোধ কৰিছিল। সংবাদ মাধ্যমৰ সৈতে এটা ফোন সাক্ষাৎকাৰত শ্ৰীমতী আলীয়ে কৈছিল, "মই নাজানো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক এই কামটো কৰাবলৈ কি প্ৰয়োজন হ'ব, কিন্তু মই আশা কৰো মোৰ স্বামীক বিনাচৰ্তে মুক্ত কৰাত ভাৰতে সহায় কৰিব লাগে আৰু প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ পুনঃস্থাপন কৰাত সহায় কৰিব লাগে। এই কাম ভাৰতে কেনেকৈ কৰে, সেইটো প্ৰধানমন্ত্ৰীয়ে স্থিৰ কৰিব।"৩

২০১৫ চনৰ ৩০ জুনত এখন সংবাদ মেল পাতি শ্ৰীমতী আলী আব্দুলাই তেওঁৰ স্বামীক মুক্তি দিবলৈ আহ্বান জনাইছিল, আৰু অভিযোগ কৰি কৈছিল যে তেওঁৰ স্বামীৰ সমগ্ৰ আটকাধীন কালচোৱাত তেওঁক এটা অকলশৰীয়া কাৰাগাৰত ৰাখিছিল।[৪

২০১৬ চনৰ জানুৱাৰী মাহত আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতাকাৰি চুক্তিৰ জৰিয়তে মিষ্টাৰ নাছিদক মালদ্বীপ এৰি যাবলৈ অনুমতি দিয়া হৈছিল। ২০১৬ চনৰ ২৩ জানুৱাৰীত আলী আব্দুলাই তেওঁৰ স্বামী আৰু তেওঁৰ অধিবক্তা অমল ক্লুনীক লগত লৈ ব্ৰিটিছ প্ৰধানমন্ত্ৰী ডেভিদ কেমেৰনৰ সৈতে সাক্ষাৎ কৰি মিষ্টাৰ নাছিদৰ গোচৰৰ বিষয়ে আলোচনা কৰে।৫

তথ্যসূত্ৰ

  1. ↑ Ministry of Arts, Tourism and Culture of the Maldives
  2. ↑ Burke, Jason. (2015-03-14). Former Maldives president Mohamed Nasheed jailed for 13 years. The Guardian
  3. ↑ (November 2017). Mauritania - HRW Seeks Release of Opposition Leader. Africa Research Bulletin: Political, Social and Cultural Series. পৃ. 21613C
  4. ↑ (2015-05-01). Wife of imprisoned former Maldives president Mohamed Nasheed urges his release. National Press Club
  5. ↑ Sawer, Patrick. (23 January 2016). Amal Clooney visits No 10, but for once it's someone else turning heads. The Telegraph

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লায়লা আলী আব্দুল্লা” প্ৰবন্ধৰ সংশোধন ৪৪৭১৯৪ (২২ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।