লাকী ইনাম (ইংৰাজী ভাষা: Lucky Enam; জন্ম: ১৪ ছেপ্টেম্বৰ ১৯৫২) এগৰাকী বাংলাদেশী টেলিভিছন আৰু নাট্য ব্যক্তিত্ব।১ তেওঁক ২০১৯ চনত বাংলাদেশ চৰকাৰে একুশে পদক প্ৰদান কৰিছিল।২ তেওঁ ২০১৯ চনৰপৰা ২০২৪ চনলৈকে বাংলাদেশ শিশু একাডেমীৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৩
পটভূমি
১৯৫২ চনৰ ১৪ ছেপ্টেম্বৰত বাংলাদেশৰ ৰংপুৰত কলিমুল্লাহ ভূঞা আৰু মহুৱাৰ গৰ্ভত ইনামৰ জন্ম হৈছিল।১ তেওঁ এছভি গাৰ্লছ স্কুলৰপৰা এছএছচি আৰু কুমিল্লা চৰকাৰী মহিলা মহাবিদ্যালয়ৰপৰা এইচএছচি সম্পূৰ্ণ কৰে।১ ইয়াৰ পিছত তেওঁ ক্ৰমে চট্টগ্ৰাম বিশ্ববিদ্যালয় আৰু ঢাকা বিশ্ববিদ্যালয়ৰপৰা অৰ্থনীতিত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১
কেৰিয়াৰ
ইনামে ১৯৭২ চনত থিয়েটাৰ গোট নাগৰিক নাট্য সম্প্ৰদায়ত যোগদান কৰি অভিনয় জীৱনৰ পাতনি মেলিছিল।৪ তেওঁ ১৯৮৭ চনত পীয়ুষ বন্দ্যোপাধ্যায়ৰ সৈতে অনুভৱে অনুভূতি নাটকত প্ৰথমবাৰৰ বাবে দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ উল্লেখযোগ্য অভিনয়সমূহৰ ভিতৰত আছে শৰমা নাটকত কণা, নুৰুলদিনেৰ সাৰাজীবনেত আম্বিয়া, বহুব্ৰীহিত মিছ এষা আৰু অয়োময়েত বৰ বৌৰ চৰিত্ৰ।৪
ইনাম থিয়েটাৰ গোট নাগৰিক নাট্যাংগনৰ সহ-প্ৰতিষ্ঠাপক আৰু সাধাৰণ সম্পাদক।৫ এগৰাকী নিৰ্দেশক হিচাপে তেওঁ কেইবাখনো মঞ্চ নাটক পৰিচালনা কৰিছে, যাৰ ভিতৰত আমি বীৰাংগনা বলচি, শৰমা, প্ৰাগৈতিহাসিক, সেইসব দিনগুলি, বিদেহ, মুক্তিৰ উপায়ে আৰু কৃতদাসেৰ হাসি অন্যতম।৬৭৮৯
মঞ্চৰ উপৰিও তেওঁ টেলিভিছন ধাৰাবাহিকো পৰিচালনা কৰিছে। ইয়াৰ ভিতৰত এনামুল হকৰ উপন্যাস গৃহবাসী গল্পৰ আধাৰত নিৰ্মিত আমাদেৰ আনন্দ বাৰী আৰু শেষ ৰক্ষা উল্লেখযোগ্য।১০১১ ২০১২ চনত নাগৰিক নাট্যাংগন আৰু বাংলাদেশ শিল্পকলা একাডেমীয়ে ঢাকাৰ নেচনেল থিয়েটাৰ হলত লাকী ইনামৰ ৬০ বছৰীয়া জন্মদিন উপলক্ষে ছয়দিনীয়া নাট্য উৎসৱৰ আয়োজন কৰিছিল।১২
ব্যক্তিগত জীৱন
ইনাম অভিনেতা, নাট্য কৰ্মী আৰু শিক্ষাবিদ এনামুল হকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ দুজনী কন্যা সন্তান আছে – হৃদি হক আৰু প্ৰীতি হক।১৩
বঁটা আৰু সন্মান
- নাট্যক্ষেত্ৰত উছৰ্গিত সেৱাৰ বাবে 'সন্মানীয় বঁটা' (১৯৮৪)
- ২০১৪ চনত বাংলাদেশ শিল্পকলা একাডেমীৰদ্বাৰা শিল্পকলা পদক
- একুশে পদক (২০১৯)
কৰ্মৰাজি
টেলিভিছন
- অয়োময় (১৯৮৮)
- বহুব্ৰীহি (১৯৮৮)
- কোথাও কেউ নেই (১৯৯০)
তথ্যসূত্ৰ
- ↑ Lucky Enam. Bangladesh Shishu Academy
- ↑ (February 8, 2019). Stars who will receive the Ekushey Padak for 2019. The Daily Star
- ↑ (September 27, 2019). Lucky Enam appointed as the chairperson of Bangladesh Shishu Academy. The Daily Star
- ↑ Ershad Kamol. (October 2, 2003). Lucky Inam and Dr. Inam: The duo romanticising the drama lane. The Daily Star
- ↑ Jamil Mahmud. (January 3, 2010). Theatre galore at Shilpakala. The Daily Star
- ↑ Sourav Dey. (August 23, 2013). The awakening of women. The Daily Star
- ↑ (September 8, 2012). Celebrating 60th birthday of Lucky Enam. The Daily Star
- ↑ Jamil Mahmud. (September 5, 2012). Bideha: Agonies of war victims. The Daily Star
- ↑ (September 15, 2007). "Pragoitihashik": Highlighting primitive human instincts. The Daily Star
- ↑ Ershad Kamol. (December 27, 2005). Amader Ananda Bari: A new mega serial depicts a family saga. The Daily Star
- ↑ (May 10, 2008). Telefilm 'Shesh Rakkha' on Channel i. The Daily Star
- ↑ (September 4, 2012). Theatre fest to celebrate Lucky Enam's 60th birthday. The Daily Star
- ↑ (March 20, 2008). Shaju Khadem and Proitee. The Daily Star
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাকী ইনাম” প্ৰবন্ধৰ সংশোধন ৬০৩৬০২ (৩০ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।