ব্ৰেক্সিট হ'ল ইউৰোপিয়ান ইউনিয়নৰপৰা (ইইউ) যুক্তৰাজ্যৰ বিদায়। ই আছিল অনেক লোক, তৰ্ক গোট আৰু ৰাজনৈতিক দলৰ উদ্দেশ্য। ই যুক্তৰাজ্যই ১৯৭৩ত ইউৰোপীয় সংঘৰ পূৰ্বসুৰী ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায় (ইইচি) যোগদান দিয়াৰ পাছৰে পৰাই গঢ় লৈ উঠিল। ইইচিত সদস্যপদ আগবঢ়াই নিয়াৰ সিদ্ধান্ত ১৯৭৫ত ৬৭% ভোটেৰে লোৱা হ'ল। ২০১৬ৰ জুনত ৫২% লোকে ইউৰোপীয় সংঘ ত্যাগ কৰাৰ হকে মতদান কৰিলে, যাৰ ফলস্বৰূপে ইউৰোপীয় সংঘৰপৰা বাহিৰ হোৱাৰ জটিল প্ৰক্ৰিয়া আৰম্ভ হ'ল। যুক্তৰাজ্যত বিভিন্ন ৰাজনৈতিক আৰু অৰ্থনৈতিক সাল-সলনি দেখা গৈছে।
২০০৭ চনৰ পৰা ট্ৰিটি অন ইউৰোপীয়ান ইউনিয়নৰ আৰ্টিকল ৫০ অনুযায়ী সদস্য ৰাষ্ট্ৰসকলৰ ইউৰোপীয় সংঘ ত্যাগ কৰাৰ অধিকাৰ আছে। পিচে, যুক্তৰাজ্যৰ সংঘ ত্যাগৰ প্ৰক্ৰিয়া অনিশ্চিত, যিহেতু এই প্ৰবন্ধ পূৰ্বতে কেতিয়াও ব্যৱহাৰ কৰা হোৱা নাই।১
পটভূমি
যুক্তৰাজ্যই ১৯৫৭ চনৰ ট্ৰিটি অৱ ৰ'ম স্বাক্ষৰ কৰা নাছিল, যিয়ে ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায় সৃষ্টি কৰিছিল। যুক্তৰাজ্যই ১৯৬৩ আৰু ১৯৬৭ত ইউৰোপীয় সংঘটোত প্ৰৱেশ কৰিবলৈ আবেদন কৰিছিল। পিচে ফৰাচী ৰাষ্ট্ৰপতি চাৰ্লছ দে গলেই ভিট' ব্যৱহাৰ কৰি দুয়োবাৰেই যুক্তৰাজ্যই প্ৰৱেশৰ চেষ্টা অসফল কৰিছিল। তেওঁ কৈছিল: "এ' নাম্বাৰ অৱ এস্পেক্টছ অৱ ব্ৰিটেইনছ ইকনমি, ফ্ৰম ৱৰ্কিং প্ৰেক্টিছেছ টু এগ্ৰিকাল্সাৰ"এ "মে'ড ব্ৰিটেইন ইনকম্পেটিবল ৱিথ ইউৰোপ"।২৩
গলেই ৰাষ্ট্ৰপতিত্ব ত্যাগ কৰাৰ পাছত যুক্তৰাজ্যই পুনঃ চেষ্টা কৰিলে আৰু সফল হ'ল। ১ জানুৱাৰী ১৯৭৩ত যুক্তৰাজ্যই ইইচিত যোগদান কৰিলে।৪ বিৰোধী লেবাৰ পাৰ্টিয়ে হেৰল্ড ৱিলছনৰ নেতৃত্বত ১৯৭৪ৰ নিৰ্বাচনত ভাগ লৈ ইইচিত ব্ৰিটেইনৰ সদস্যতাৰ কথা পুনঃ আলোচনা কৰি ৰেফাৰেণ্ডাম পতাৰ কথা ক'লে।
"ব্ৰেক্সিট" (Brexit) শব্দ
ব্ৰেক্সিট ব্ৰিক্সিটৰ আগৰ সাল-সলনি।৫ ই গ্ৰেক্সিটৰ সৈতে সম্পৰ্কিত।৬ ব্ৰেক্সিট শব্দ প্ৰথম ১৫ মে' ২০১২ত ইউৰেক্টিভ ব্লগ প'ষ্টত ব্যৱহাৰ কৰা হৈছিল।৭৮
সংঘ ত্যাগৰ পৰিণতি
অন্যান্য সংঘ সদস্যসকলৰ সৈতে সম্পৰ্ক
অৰ্থনৈতিক প্ৰভাৱ
ৰেফাৰেণ্ডামৰ পূৰ্বে যুক্তৰাজ্যিক ট্ৰেজাৰিয়ে অনুমান কৰিছিল যে ইউৰোপীয় সংঘত থকাই বাণিজ্যত ধনাত্মক প্ৰভাৱ পেলাইছিল আৰু সংঘ ত্যাগে কু-প্ৰভাৱ পেলাব।৯ আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে ভৱিষদ্বানী কৰিছে যে বিশ্বৰ অৰ্থনৈতিক বিকাশ ০.১%ৰে হ্ৰাস পাব। যুক্তৰাজ্যৰ অৰ্থনীতিত বিকাশ অধিক হ্ৰাস পাব।১০
সংঘ ত্যাগৰ সমৰ্থকসকলে কয় যে সংঘক দিবলগীয়া কৰৰ পৰা মুক্তি পোৱাৰ বাবে ব্ৰিটিছ চৰকাৰে অধিক খৰচ কৰিব পাৰিব।১১ পিচে, যদি যুক্তৰাজ্যই ইউৰোপিয়ান ফ্ৰি ট্ৰেড এৰিয়া ত্যাগ নকৰে,, ই অলপ বৰঙণি এতিয়াও সংঘক দিব লাগিব পাৰে, বা দিব লগীয়া হ'ব। ইনষ্টিটিউট ফৰ ফিস্কেল ষ্টাডিজে মন কৰিছে যে সংঘক কৰ দিবলগীয়া নহ'লেও ব্ৰিটিছ চৰকাৰৰ হাতত খৰচ কৰিবলৈ কম ধন থাকিব।১২
তথ্যসূত্ৰ
- ↑ EU referendum: Would Brexit violate UK citizens' rights? – BBC News
- ↑ (27 November 1976). 1967: De Gaulle says 'non' to Britain – again. BBC News
- ↑ De Gaulle was quite right to say ‘Non’ to Britain
- ↑ (1 January 1973). 1973: Britain joins the EEC. BBC News
- ↑ (21 June 2012). Britain and the EU: A Brixit looms. The Economist
- ↑ Explainer: The what, when and why of 'Brexit'. USA Today
- ↑ Stumbling towards the Brexit – EU opinion & policy debates – across languages · BlogActiv.eu. blogactiv.eu
- ↑ Coining catchy 'Brexit' term helped Brits determine EU vote
- ↑ HM Treasury analysis: the long-term economic impact of EU membership and the alternatives – Publications – GOV.UK. www.gov.uk
- ↑ Brexit throws 'spanner in the works' of global growth
- ↑ The end of British austerity starts with Brexit J. Redwood, The Guardian, 14 April 2016
- ↑ (May 2016). Brexit and the UK's Public Finances. Institute For Fiscal Studies
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰেক্সিট” প্ৰবন্ধৰ সংশোধন ৩৮২২৩৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।