মোৱাম্মাৰ মহম্মদ আবু মিনয়াৰ আল-গাড্ডাফি ( Muʿammar al-Qaḏḏāfī;[variations] ৭ জুন, ১৯৪২ চন – ২০ অক্টোবৰ, ২০১১ চন) কৰ্নেল গাড্ডাফি হিচাপে খ্যাত। তেখেত ১৯৬৯ চনৰ পৰা মৃত্যুক্ষন পৰ্য্যন্ত লিবিয়াৰ নেতা আছিল।
প্ৰাৰম্ভিক জীৱন
১৯৪২ চনৰ ৭ জুন তাৰিখে লিবিয়াৰ সিৰত জিলাৰ আবু হাডি নামৰ গাঁৱত মোৱাম্মাৰ গাড্ডাফিৰ জন্ম হয়।১
আন বহুতো লিবিয়ান শিশুৰ দৰে গাড্ডাফিয়েও শৈশৱকালত লিবিয়া সাভা নামৰ ঠাইত পৰম্পৰাগত ধৰ্মীয় শিক্ষা গ্ৰহণ কৰে। ১৯৫৬ চনত, মাত্ৰ ১৪ বছৰ বয়সতে গাড্ডাফিয়ে ইজৰাইল-বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰে।২ সাভাত শিক্ষাগ্ৰহন কৰি থাকোতে এখেতে স্কাউতৰ প্ৰাৰম্ভিক শিক্ষাও লাভ কৰে।৩ গাড্ডাফিয়ে লিবিয়াৰ মিচৰতত ঘৰুৱা শিক্ষকৰ তত্বাৱধানত ইতিহাস বিষয়ত স্কুলীয়া শিক্ষা সাং কৰে।
ৰয়েল লিবিয়ান মিলিটেৰী একাডেমীৰ পৰা গাড্ডাফিয়ে ১৯৬৬ চনত স্নাতক ডিগ্ৰী লাভ কৰে।
মৃত্যু
২০ অক্টোবৰ, ২০১১ চন।
তথ্যসূত্ৰ
- ↑ Beaumont, Peter. (22 October 2011). Gaddafi's last words as he begged for mercy: 'What did I do to you?'. The Guardian
- ↑ (31 August 1999). Africa | Colonel Gaddafi: A maverick veteran. BBC News
- ↑ Gilligan, Andrew. (25 August 2011). Libya: Boy Scouts on the front line. The Telegraph
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোৱাম্মাৰ গাড্ডাফি” প্ৰবন্ধৰ সংশোধন ৩৩৫৭৫০ (২৫ অক্টোবৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।