অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

মোহনমন্ত্ৰ

মোহন মন্ত্ৰ হৈছে সেই মন্ত্ৰ যাৰ দ্বাৰা কোনো ব্যক্তি বা সম্প্ৰদায়ক মোহিত কৰা হয়। ইয়াৰ জৰিয়তে মানুহৰ মানসিক কাৰ্যকলাপক প্ৰভাৱিত কৰি তাক বশ কৰা হয়। ৰাজ অভিষেকৰ সময়ত ৰজাক মোহন মন্ত্ৰৰ দ্বাৰা মন্ত্ৰমুগ্ধ কৰি পৰ্ণ বৃক্ষৰ পাতেৰে নিৰ্মিত ৰত্ন পিন্ধিবলৈ বাধ্য কৰাইছিল।

হালনাগাদ: ৭ নৱেম্বৰ ২০২৪ ১০৬ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

মোহন মন্ত্ৰ হৈছে সেই মন্ত্ৰ যাৰ দ্বাৰা কোনো ব্যক্তি বা সম্প্ৰদায়ক মোহিত কৰা হয়। ইয়াৰ জৰিয়তে মানুহৰ মানসিক কাৰ্যকলাপক প্ৰভাৱিত কৰি তাক বশ কৰা হয়। ৰাজ অভিষেকৰ সময়ত ৰজাক মোহন মন্ত্ৰৰ দ্বাৰা মন্ত্ৰমুগ্ধ কৰি পৰ্ণ বৃক্ষৰ পাতেৰে নিৰ্মিত ৰত্ন পিন্ধিবলৈ বাধ্য কৰাইছিল। এইক্ষেত্ৰত যিজন ৰজাৰ আগত গৈছিল, তেওঁ এই কথাত মুগ্ধ আৰু প্ৰভাৱিত হৈছিল। যুদ্ধৰ সময়ত, শত্ৰুৰ সৈন্যৰ ওপৰত মোহন মন্ত্ৰ ব্যৱহাৰ কৰা হৈছিল। ৰণদুন্দুভিৰওপৰত মোহন মন্ত্ৰৰ প্ৰয়োগ কৰা হৈছিল৷ যাৰ বাবে ৰণদুন্দুভিৰ ধ্বনি শুনি থকা বিৰোধী সৈন্যসকল মুগ্ধ আৰু ভয়াতুৰ হৈ উঠিছিল। কোনো বিশেষ ব্যক্তিৰ ওপৰত মোহন মন্ত্ৰ প্ৰয়োগ কৰিবলৈ বশীকৰণ মন্ত্ৰত কৰা ধৰণেৰে প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছিল। মোহন মন্ত্ৰৰ দ্বাৰা সাপকো নিষ্ক্ৰিয় কৰা হয়। ১

তথ্যসূত্ৰ

  1. ↑ সুৰেন্দ্ৰ, বিল্লোৰে. गृह रक्षा मंत्र और पति मोहन मंत्र. वेबदुनिया

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোহনমন্ত্ৰ” প্ৰবন্ধৰ সংশোধন ৪৪৩২৪৭ (৭ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।