মেডিচন ৰ'জ হৈছে অ’হাইঅ’ৰ চিনচিনাটিৰ এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন কণ্ঠশিল্পী-গীতিকাৰ।১ তেওঁ ২০১৮ চনৰ প্ৰথমটো একক গীত "ডায়মণ্ডছ" আৰু ২০১৯ চনত কাণ্ডীৰ সৈতে কৰা যুটীয়া গীত "কিপিং চিক্ৰেটছ"-ৰ জৰিয়তে স্বীকৃতি লাভ কৰিছিল।২ এই গীতটোৱে বিলবোৰ্ডৰ ডান্স/মিক্স শ্ব’ এয়াৰপ্লে’ চাৰ্টত স্থান লাভ কৰিছিল।৩ কুইয়াৰ-কেন্দ্ৰিক কলাত্মক দৃষ্টিভংগী আৰু উজ্জ্বল শৈলীৰ বাবে পৰিচিত ৰ’জে ২০২২ চনত তেওঁৰ প্ৰথমটো এলবাম টেকনিকলাৰ মুকলি কৰে।৪ ৰ’জে ৰুপলছ ড্ৰেগকন এল এ আৰু বষ্টন প্ৰাইডতো সংগীত পৰিৱেশন কৰিছে।৫
কেৰিয়াৰ
মেডিচন ৰ'জে ডায়মণ্ডছ নামৰ একক গীতটোৰ জৰিয়তে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল, যাক বিলবোৰ্ড আলোচনীয়ে তেওঁৰ বাবে "২০১৮ চনৰ কেৱল আৰম্ভণি" বুলি বৰ্ণনা কৰিছিল। বিলবোৰ্ডৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰ'জে ডলী পাৰ্টন আৰু বিয়ন্সিক সংগীতৰ অনুপ্ৰেৰণা বুলি অভিহিত কৰে আৰু তেওঁৰ বাবে এক সুৰক্ষিত পৰিৱেশ সৃষ্টি কৰাটো কিমান গুৰুত্বপূৰ্ণ সেই বিষয়ে কয়।
২০১৯ চনত ৰ'জে ডিজে আৰু প্ৰযোজক কাণ্ডীৰ সৈতে কিপিং চিক্ৰেটছ নামৰ একক গীতটোত সহযোগিতা কৰিছিল,২ যিটো থ্ৰাইভ মিউজিক আৰু কেপিটেল ৰেকৰ্ডছৰ জৰিয়তে মুকলি কৰা হৈছিল। এই গীতটো ২২ জুন, ২০১৯ত মুক্তি দিয়া হৈছিল আৰু সকলো প্লেটফৰ্মত ১৫ নিযুততকৈ অধিক বাৰ শুনা হৈছিল।৫ একক গীতটোৱে ৬ জুলাই, ২০১৯ত ২৯ নম্বৰ স্থান লাভ কৰিছিল আৰু বিলবোৰ্ডৰ ডান্স/মিক্স শ্ব’ এয়াৰপ্লে’ চাৰ্টত মুঠ চাৰি সপ্তাহ অতিবাহিত কৰিছিল।৩ ৰ'জে বিলবোৰ্ডক কৈছিল যে সহযোগিতাৰ পূৰ্বে তেওঁ কাণ্ডীৰ বিষয়ে বেছি একো জনা নাছিল আৰু ডিপ্ল’ৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত তেওঁক দেখি বৰ বেছি আশা কৰা নাছিল।২ গীতটোৰ কথা প্ৰথমে ৰ'জে লিখিছিল, য’ত তেওঁ এক বিফল সম্পৰ্কৰ কথা বৰ্ণনা কৰিছিল, আনহাতে কাণ্ডীয়ে বিলবোৰ্ডক কৈছিল যে গীতটোৱে তেওঁক নিজৰ পৰিচয় লুকুৱাই ৰখাৰ অভিজ্ঞতাৰ কথা সোঁৱৰাই দিছিল।২
২০২০ চনত ৰ'জে আন এটা একক গীত ৰেইনবো ফোন মুকলি কৰে, যিয়ে টিকটক-ত ব্যাপক চৰ্চা লাভ কৰিছিল।৬ গীতটোৰ এক পৰ্যালোচনাত এয়াৰমিল্ক-এ মেডিচন ৰ'জক "আধুনিক জিলিকনিৰ সৈতে এক মাৰ্জিত শৈলী"ৰ অধিকাৰী বুলি বৰ্ণনা কৰিছে।৬ ৰ'জে এয়াৰমিল্কক এইটোও কৈছিল যে তেওঁ ৰেপ সংস্কৃতিৰ দ্বাৰা গভীৰভাৱে অনুপ্ৰাণিত হৈছিল।৬
ৰ'জৰ চতুৰ্থটো একক গীত চানশ্বাইন ২০২১ চনত মুক্তি পাইছিল। ইয়াৰ উদযাপনৰ বাবে তেওঁ অফবীট বাৰ নামৰ এটা স্থানীয় স্থানত প্ৰথমবাৰৰ বাবে ড্ৰেগ পৰিৱেশন কৰিছিল।৭ ৰোলিং ষ্ট’ন আলোচনীয়ে এই একক গীতটোক এক আশাবাদী আৰু বলিষ্ঠ গীত হিচাপে বৰ্ণনা কৰিছে।৭ ৰ'জে ৰোলিং ষ্ট’নক জনোৱা মতে, এজন ৰেকৰ্ড লেবেলৰ কাৰ্যবাহীয়ে তেওঁক সাৱধান কৰি দিছিল যে যদি তেওঁ চানশ্বাইন মুক্তি দিবলৈ চেষ্টা কৰে, তেন্তে সেয়া এক সম্পূৰ্ণ বিফলতা হ’ব পাৰে।৭
ৰ'জৰ প্ৰথমটো এলবাম টেকনিকলাৰ ২০২২ চনত দুটা সংস্কৰণত প্ৰকাশ পাইছিল: এঘাৰটা গীতৰ সৈতে এটা নিয়মীয়া সংস্কৰণ আৰু আৰু চাৰিটা অতিৰিক্ত গীতৰ সৈতে এটা ডিলাক্স সংস্কৰণ।৪ পেপাৰ আলোচনীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰ'জে বুজাই দিছিল যে এলবামটো প্ৰথমে এটা লেবেল ডিলৰ বাবে নিৰ্মাণ কৰা হৈছিল, কিন্তু অজ্ঞাত কাৰণত শেষ মুহূৰ্তত সেই ডিলটো বাতিল কৰা হয়।৪ তেওঁ এইটোও কৈছিল যে এগৰাকী স্বতন্ত্ৰ শিল্পী হিচাপে তেওঁৰ বাবে আটাইতকৈ কঠিন অংশটো আছিল সীমিত বাজেট, য’ত তেওঁ মাত্ৰ অতি কম ধনেৰে নিজৰ সৃষ্টিশীলতা আৰু ধাৰণাসমূহ কাৰ্যকৰী কৰিবলগীয়া হৈছিল।৪ সেই বছৰৰ শেষৰ ফালে মৰগান মেকমাইকেলছে অনাৰ পিছত ৰ'জে ৰুপলছ ড্ৰেগকন এল এ-ৰ মূল মঞ্চত সংগীত পৰিৱেশন কৰে।৮ তেওঁ ড্ৰেগকনক নিজৰ বাবে এক বিশেষ অভিজ্ঞতা বুলি বৰ্ণনা কৰিছিল।৮
২০২৩ চনৰ ১০ জুনত ৰ'জ বষ্টন প্ৰাইডৰ এগৰাকী মুখ্য পৰিৱেশনকাৰী আছিল।৫ একে বছৰতে স্পটিফাই-য়ে চিনি লাউপাৰৰ ৭০ সংখ্যক জন্মদিন উদযাপনৰ বাবে তেওঁৰ ট্ৰু কালাৰ্ছ গীতটোৰ বিশেষ কভাৰ পৰিৱেশন কৰিবলৈ ৰ'জ আৰু লেনন ষ্টেলাৰ সৈতে অংশীদাৰিত্ব কৰিছিল।৯ এই প্ৰকল্পত কাম কৰি থকাৰ সময়ত তেওঁ ট্ৰু কালাৰ্ছৰ অন্যতম মূল লেখক বিলী ষ্টেইনবাৰ্গৰ সৈতে যোগাযোগ কৰাৰ সুযোগ পাইছিল। তেওঁ কৈছিল যে ষ্টেইনবাৰ্গক লগ পোৱাটো তেওঁৰ বাবে এটা ডাঙৰ কথা আছিল আৰু লাউপাৰে তেওঁৰ কৰ্মজীৱন আৰু সংগীতক অনুপ্ৰাণিত কৰিছিল।৯
সেই বছৰৰ শেষৰ ফালে ৰ'জে গাৰ্লছ গাৰ্লছ গাৰ্লছ নামৰ একক গীতটো মুকলি কৰে।১০ এই গীতটোৱে বিনয়ৰ বাবে ২০২৩ চনৰ একক গীত বয়জবয়জবয়জ-ৰ প্ৰযোজক আৰ্থাৰ বেচনাই প্ৰযোজনা কৰিছিল। ৰ'জে পেপাৰক কৈছিল যে তেওঁ প্ৰথমবাৰ শুনাৰ পৰাই বিনয়ৰ গীতটো ভাল পাইছিল। প্ৰযোজকজনে তেওঁলোক দুয়োৰে সৈতে এটা ৰিমিক্স কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল, যাৰ জৰিয়তে ৰ'জে নিজৰ পেনচেক্সুৱেলিটি অন্বেষণ কৰিছিল।১১ ২০২৪ চনত বয়জবয়জবয়জ উইথ মেডিচন ৰ'জ শীৰ্ষক ৰিমিক্সটো মুক্তি পায়।১১
২০২৪ চনত ৰ'জে তেওঁৰ একক গীত পানাভিজন মুকলি কৰে, যাক তেওঁ এগৰাকী কৃষ্ণাংগ কুইয়াৰ মহিলা হিচাপে পৃথিৱীখন চোৱাৰ দৃষ্টিভংগী বুলি বৰ্ণনা কৰিছিল।১২ সংগীত ভিডিঅ’টোত আমেৰিকান পতাকাৰ চুটি দৃশ্য আছিল যিয়ে আমেৰিকাৰ প্ৰতি ৰ'জৰ ৰাজনৈতিক দৃষ্টিভংগী প্ৰদৰ্শন কৰিছিল। ৰ'জে পেপাৰক কৈছিল, "মই আমাৰ চৰকাৰৰ আমেৰিকাৰ দৃষ্টিভংগীক সমৰ্থন নকৰো।"১২
সংগীতপঞ্জী
এলবামসমূহ
- মন’ক্ৰ’ম: দ্য হোৱাইট এলবাম (২০২৫ চনত মুক্তি পাবলগীয়া)
- টেকনিকলাৰ: দ্য ফুল স্পেকট্ৰাম (২০২২)
- টেকনিকলাৰ (২০২২)
ই পি (EP)
- হাউচ! (২০২৪)
একক গীতসমূহ
মুখ্য শিল্পী হিচাপে
| বৰ্ষ | শীৰ্ষক | এলবাম | লেখক | প্ৰযোজক |
|---|---|---|---|---|
| ২০২৫ | "ডেড্ৰিমিং" | rowspan="4" | মেডিচন ৰ'জ | মেডিচন ৰ'জ, হাব্বি, জেকচন হফমেন, গ্ৰেচন হেৰিচন |
| "চিনাৰ্ছ" | মেডিচন ৰ'জ | কোনো তথ্য নাই | ||
| "ৰেড লিপষ্টিক" | মেডিচন ৰ'জ ডিউবেৰী, ডমিনিক ফ্ল’ৰিঅ’ | মেডিচন ৰ'জ, ডমিনিক ফ্ল’ৰিঅ’, হাব্বি | ||
| "শ্বিজ দ্য ৱান" | মেডিচন ৰ'জ, জোচেফ মাইচিকা | মেডিচন ৰ'জ, ব্ৰেণ্ড০ | ||
| ২০২৪ | "পানাভিজন" | rowspan="7" | মেডিচন ৰ'জ | মেডিচন ৰ'জ, ডমিনিক ফ্ল’ৰিঅ’ |
| "আল্ট্ৰা হাই ডেফ লাভাৰ" | মাইকেল মাইলো লুইচ, মেডিচন ৰ'জ ডিউবেৰী, ফ্ল’ৰিঅ’ | ফ্ল’ৰিঅ’, ৰিয়ান চুমাৰ | ||
| "আই ড’ন্ট বিলিভ ইন গড (ৰিমিক্স)" | কেৰিন এন, বেঞ্জামিন লাজাৰ ডাভিচ, উইল গ্ৰেফ | মেডিচন ৰ'জ, বেঞ্জামিন লাজাৰ ডাভিচ, উইল গ্ৰেফ, ডমিনিক ফ্ল’ৰিঅ’, লুক ম’ৱেলমেন | ||
| "হাউচ!" | মেডিচন ৰ'জ ডিউবেৰী, আৰ্থাৰ বেচনাইনু | মেডিচন ৰ'জ, আৰ্থাৰ বেচনাইনু | ||
| "ফলিং আউট অৱ হেভেন" | মেডিচন ৰ'জ, ডমিনিক ফ্ল’ৰিঅ’, মেডিচন ৰ'জ ডিউবেৰী | মেডিচন ৰ'জ, ডমিনিক ফ্ল’ৰিঅ’ | ||
| "পেৰাডাইচ" | মেডিচন ৰ'জ ডিউবেৰী, ডমিনিক লি ফ্ল’ৰিঅ’ | মেডিচন ৰ'জ, ডমিনিক লি ফ্ল’ৰিঅ’ | ||
| "বয়জবয়জবয়জ" | বিনয় জাকাৰিয়া, মেডিচন ৰ'জ ডিউবেৰী, আৰ্থাৰ বেচনাইনু | বিনয়, মেডিচন ৰ'জ, আৰ্থাৰ বেচনাইনু | ||
| ২০২৩ | "গিফ্টছ গিফ্টছ গিফ্টছ" | rowspan="5" | মেডিচন ৰ'জ ডিউবেৰী, লিয়াম বেনায়ন, আৰ্থাৰ বেচনাইনু | মেডিচন ৰ'জ ডিউবেৰী, লিয়াম বেনায়ন, আৰ্থাৰ বেচনাইনু |
| "ঘোলছ ঘোলছ ঘোলছ" | মেডিচন ৰ'জ, লিয়াম বেনায়ন, আৰ্থাৰ বেচনাইনু | মেডিচন ৰ'জ, লিয়াম বেনায়ন, আৰ্থাৰ বেচনাইনু | ||
| "গাৰ্লছ গাৰ্লছ গাৰ্লছ" | মেডিচন ৰ'জ ডিউবেৰী, লিয়াম বেনায়ন, আৰ্থাৰ বেচনাইনু | মেডিচন ৰ'জ, লিয়াম বেনায়ন, আৰ্থাৰ বেচনাইনু | ||
| "ট্ৰু কালাৰ্ছ" | বিলী ষ্টেইনবাৰ্গ আৰু টম কেলী | আৰ্থাৰ বেচনা আৰু মেডিচন ৰ'জ | ||
| "আইড’লাইজ" | মেডিচন ৰ'জ ডিউবেৰী, ভিক্টৰ ভাৰ্পিলাট আৰু ইয়ান বাৰ্গেইন | ভিক্টৰ ভাৰ্পিলাট আৰু ইয়ান বাৰ্গেইন | ||
| ২০২২ | "টেকনিকলাৰ" | rowspan="2" | মেডিচন ৰ'জ ডিউবেৰী, আৰ্থাৰ বেচনাইনু আৰু মইচেছ জুলাইকা | মেডিচন ৰ'জ, আৰ্থাৰ বেচনাইনু আৰু মইচেছ জুলাইকা |
| "বেটাৰ অফ এলন" | কেভিন শ্বুপেল আৰু মেডিচন ৰ'জ ডিউবেৰী | কেভিন শ্বুপেল আৰু কাণ্ডী | ||
| ২০২১ | "আইকনিক!" | rowspan="3" | হোৰেচ গোল্ড, জেক শ্বিথ, কেভিন শ্বুপেল, মেডিচন ৰ'জ ডিউবেৰী আৰু নাথানিয়েল শ্বাৰউড | মেডিচন ৰ'জ, জেক শ্বিথ, নাথানিয়েল শ্বাৰউড আৰু কাণ্ডী |
| "লষ্ট মাই মাইণ্ড" | জেক শ্বিথ, মেডিচন ৰ'জ ডিউবেৰী আৰু নাথানিয়েল শ্বাৰউড | মেডিচন ৰ'জ, জেক শ্বিথ আৰু নাথানিয়েল শ্বাৰউড | ||
| "চানশ্বাইন" | কেভিন শ্বুপেল, আৰ্থাৰ বেচনাইনু আৰু মেডিচন ৰ'জ ডিউবেৰী | মেডিচন ৰ'জ, কেভিন শ্বুপেল, আৰ্থাৰ বেচনাইনু আৰু কাণ্ডী | ||
| ২০২০ | "চেভিং গ্ৰেচ" | rowspan="2" | এসপায়াৰ | এসপায়াৰ |
| "ৰেইনবো ফোন" | অষ্টিন ৱু, মেডিচন ৰ'জ ডিউবেৰী, নিকোলাছ উইনহল্ট, শ্বেলবী বেঞ্জামিন আৰু উইন এণ্ড ৱু | অষ্টিন ৱু, নিকোলাছ উইনহল্ট আৰু উইন এণ্ড ৱু | ||
| ২০১৯ | "কিপিং চিক্ৰেটছ" | মেডিচন ৰ'জ, কেভিন শ্বুপেল আৰু লুকাচ ক’ষ্টাচ | কেভিন শ্বুপেল আৰু লুকাচ ক’ষ্টাচ | |
| ২০১৮ | "ডায়মণ্ডছ" | কোনো তথ্য নাই | কেল মেকচাৰ্লছ আৰু কোল কমাণ্ডাৰ |
তথ্যসূত্ৰ
- ↑ Madison Rose on AllMusic. AllMusic
- ↑ Daw, Stephen. (April 26, 2019). Kandy & Madison Rose Aren't Holding Anything Back on New Track 'Keeping Secrets': Listen. Billboard
- ↑ (June 22, 2019). Madison Rose chart history. Billboard
- ↑ Moran, Justin. (November 11, 2022). Madison Rose Wants More Black Queer Pop Stars to the Forefront. Paper
- ↑ Meet the Boston Pride For The People 2023 headliner, Madison Rose!. Boston pride for The People
- ↑ Tharp, Hayley. (September 11, 2020). Madison Rose releases colorful video for TikTok hit "rainbow phone.". EARMILK
- ↑ Hissong, Samantha. (August 19, 2021). Song You Need to Know: Madison Rose, 'Sunshine'. Rolling Stone
- ↑ Grey, Charlie. (May 27, 2022). Madison Rose on her pop rise and bursting into 'Technicolor'. Queerty
- ↑ Hopper, Alex. (June 22, 2023). Lennon Stella, Madison Rose Deliver Cyndi Lauper Covers in Honor of Icon's Birthday. American Songwriter
- ↑ Rogers, Mandy. (October 2, 2023). Listen to "Girls Girls Girls" by Madison Rose. EQ Music
- ↑ Moran, Justin. (May 7, 2024). Madison Rose and Binoy on Loving Boys and Girls. Paper
- ↑ Hess, Tobias. (February 4, 2025). Madison Rose Sees the World in 'Panavision'. Paper
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেডিচন ৰ'জ” প্ৰবন্ধৰ সংশোধন ৫৮৮৪৮০ (১৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।