মেডলিন ক্লাইন (ইংৰাজী ভাষা: Madelyn Cline; জন্ম: ২১ ডিচেম্বৰ, ১৯৯৭) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী আৰু মডেল। তেওঁ নেটফ্লিক্সৰ টিন ড্ৰামা ধাৰাবাহিক আউটাৰ বেংকছ (২০২০–বৰ্তমান), ৰিয়ান জনছনৰ ৰহস্যধৰ্মী ছবি গ্লাছ অনিয়ন: এ নাইভছ আউট মিষ্ট্ৰী (২০২২) আৰু শ্লেচাৰ ছবি আই নো হোৱাট ইউ ডিড লাষ্ট ছামাৰত (২০২৫) কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।১২
প্ৰাৰম্ভিক জীৱন
১৯৯৭ চনৰ ২১ ডিচেম্বৰত ক্লাইনৰ জন্ম হৈছিল। তেওঁৰ পিতৃ মাৰ্ক এজন অভিযন্তা আৰু মাতৃ পাম এগৰাকী স্থাৱৰ সম্পত্তিৰ এজেণ্ট আছিল। তেওঁ দক্ষিণ কেৰোলিনাৰ চাৰ্লষ্টনৰ ওচৰৰ গুজ ক্ৰিকত ডাঙৰ-দীঘল হৈছিল।৩ তেওঁ কোষ্টাল কেৰোলিনা ইউনিভাৰ্চিটিত নাম ভৰ্তি কৰিছিল যদিও আধাতে পঢ়া এৰি অভিনয়ৰ কেৰিয়াৰ গঢ়িবলৈ লছ এঞ্জেলছলৈ গুচি যায়।৪ সৰু কালত তেওঁ 'চাক ই. চিজ'ৰ এটা টেলিভিছন বিজ্ঞাপনত অভিনয় কৰিছিল।৫
কেৰিয়াৰ
তেওঁ চাৰ্লষ্টনৰ 'লুইচ মডেলছ এণ্ড টেলেণ্ট' এজেন্সীৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ১০ বছৰ বয়সত এক মডেলিং আৰু প্ৰতিভা সন্ধানী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ 'পেৰেণ্ট' আৰু 'পেৰেণ্ট এণ্ড চাইল্ড' আলোচনীৰ বেটুপাতত স্থান লাভ কৰে।৬ ক্লাইনে তেওঁৰ শৈশৱৰ কিছুমান গ্ৰীষ্মকাল নিউয়ৰ্ক চহৰত টি-ম’বাইল, ফ্ল’ অটোম’টিভ, নেক্সট কাপোৰ আৰু ছানী ডি-ৰ টেলিভিছন বিজ্ঞাপন আৰু ছপা বিজ্ঞাপনৰ কাম কৰি কটাইছিল।৭ পিছলৈ তেওঁ বয় ইৰেষ্ট (২০১৮) ছবিত ক্ল’ই আৰু ভাইচ প্ৰিন্সিপালছত (২০১৬–২০১৭) টেইলৰ ৱাটছৰ দৰে সৰু চৰিত্ৰত অভিনয় কৰে।৮ তেওঁ দ্য অৰিজিনেলছ (২০১৭) আৰু ষ্ট্ৰেঞ্জাৰ থিংকছত (২০১৭) চুটি চৰ্চিত চৰিত্ৰতো অভিনয় কৰিছিল।৯
২০২০ চনত ক্লাইনে নেটফ্লিক্সৰ ধাৰাবাহিক আউটাৰ বেংকছত চাৰাহ কেমেৰুণৰ চৰিত্ৰত অভিনয় আৰম্ভ কৰে। এই ধাৰাবাহিকখনে সমালোচকৰপৰা ইতিবাচক সঁহাৰি লাভ কৰিছে আৰু তেওঁৰ চৰিত্ৰটোক এক গুৰুত্বপূৰ্ণ সফলতা হিচাপে গণ্য কৰা হয়।১০ ক্লাইনে পৰৱৰ্তী সময়ত ২০২২ চনত মুক্তি পোৱা ৰিয়ান জনছনৰ সফল ৰহস্যধৰ্মী কমেডী ছবি গ্লাছ অনিয়ন: এ নাইভছ আউট মিষ্ট্ৰীত অভিনয় কৰিছিল।১১
মডেল হিচাপে ক্লাইনে 'আমেৰিকান গাৰ্ল' আদিৰ বিজ্ঞাপন অভিযানত অংশ লৈছে।
তথ্যসূত্ৰ
- ↑ Outer Banks · Netflix Official Site. Netflix
- ↑ Watch Glass Onion: A Knives Out Mystery · Netflix Official Site. www.netflix.com
- ↑ Fuentes, Tamara. (May 12, 2020). 5 Fun Facts About 'Outer Banks' Star Madelyn Cline That You Definitely Didn't Know. Seventeen
- ↑ (May 6, 2020). Interview
- ↑ (November 23, 2022). Madelyn Cline Reacts to a Chuck E. Cheese Commercial She Starred in as a Kid (Extended)
- ↑ Madelyn Cline — Millie Lewis of Charleston Model & Talent Agency Millie Lewis Model Agency. Millie Lewis of Charleston Model & Talent Agency
- ↑ Madelyn Cline used to be a model. PopBuzz
- ↑ Bonner, Mehera. (May 1, 2020). Madelyn Cline Takes Us Inside Filming That Soaking Wet 'Outer Banks' Kiss. Cosmopolitan
- ↑ Walsh, Savannah. (May 7, 2020). All About Madelyn Cline, the Lead hottie of Netflix's 'Outer Banks'. Elle
- ↑ Carras, Christi. (2022-12-19). With 'Outer Banks' and now 'Glass Onion,' Madelyn Cline is a certified Netflix star. Los Angeles Times
- ↑ Watch Glass Onion: A Knives Out Mystery · Netflix Official Site. www.netflix.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেডলিন ক্লাইন” প্ৰবন্ধৰ সংশোধন ৫৯৯৭২৪ (২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।