
মেচ’পটেমিয়া;, Μεσοποταμία "নদীৰ মাজৰ ঠাই"; بلاد الرافدين; میانرودان) হৈছে টাইগ্ৰীচ আৰু ইউফ্ৰেটিচ নদীক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এক প্ৰাচীন সভ্যতা। বৰ্তমানৰ ইৰাক, কুৱেইট, উত্তৰ-পূব ছিৰিয়া, দক্ষিণ-পূব তুৰ্কী আৰু দক্ষিণ-পশ্চিম ইৰান জুৰি এই সভ্যতা বিস্তৃত আছিল।১২ মেচ’পটেমিয়াই পশ্চিমীয়া বিশ্বলৈ মানৱ সভ্যতা কঢ়িয়াই নিয়া বুলি বিশ্বাস কৰা হয়। ব্ৰঞ্জ যুগৰ মেচ’পটেমিয়া অৰ্থাৎ বৰ্তমানৰ ইৰাকত সুমেৰ, এক্কাডিয়ান, বেবিলনীয়ান আৰু এচিৰিয়ান সাম্ৰাজ্য অন্তৰ্ভুক্ত আছিল। লৌহ যুগৰ মেচ’পটেমিয়াত নতুন বেবিলনীয়ান আৰু নতুন এচিৰিয়ান সাম্ৰাজ্য অন্তৰ্ভুক্ত আছিল। লিখিত বুৰঞ্জীৰ আৰম্ভণিৰ কালৰে পৰা (৩১০০ খ্ৰী:পূ:) একিমেনিডসকলে বেবিলন অধিকাৰ কৰালৈকে (৫৩৯ খ্ৰী:পূ:) সুমেৰ আৰু এক্কাডিয়ানসকলেও মেচ’পটেমিয়াত আধিপত্য স্থাপন কৰিছিল। খ্ৰী:পূ: ৩৩২ –ত আলেকজেণ্ডাৰে একিমেনিড সাম্ৰাজ্য জয় কৰে।
১৫০ খ্ৰী:পূ:ৰ ওচৰে-পাজৰে মেচ’পটেমিয়া পাৰ্থিয়ান সাম্ৰাজ্যৰ অধীনত আছিল। ইয়াৰে কিছু অংশ ৰোমানসকলে অধিকাৰ কৰি আছিল। ২২৬ চনত মেচ’পটেমিয়া পাৰ্চীসকলৰ দখললৈ আহে আৰু ৭ম শতিকাত মুচলমানসকলৰ আগ্ৰাসনৰ সময়লৈকে ঠাইখণ্ডত পাৰ্চীসকলে ৰাজত্ব কৰে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেচ'পটেমিয়া” প্ৰবন্ধৰ সংশোধন ৩৯৫৬৩৮ (৮ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।