অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মেঘালয়ৰ মাতৃবংশীয় সমাজ

উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ কেইবাটাও জনগোষ্ঠীত মাতৃবংশ প্ৰথাৰ প্ৰচলন আছে। নাৰীৰ উত্তৰপুৰুষৰ জৰিয়তে বংশৰ আভাস পোৱাকে মাতৃবংশ বোলে। এই সমাজ ব্যৱস্থাত কোনো এজন ব্যক্তিক তেওঁৰ মাতৃৰ বংশৰে সূচোৱা হয় আৰু সম্পত্তিৰ বা উপাধিৰ উত্তৰাধিকাৰ জড়িত থাকে।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৪৩২ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ কেইবাটাও জনগোষ্ঠীত মাতৃবংশ প্ৰথাৰ প্ৰচলন আছে। নাৰীৰ উত্তৰপুৰুষৰ জৰিয়তে বংশৰ আভাস পোৱাকে মাতৃবংশ বোলে। এই সমাজ ব্যৱস্থাত কোনো এজন ব্যক্তিক তেওঁৰ মাতৃৰ বংশৰে সূচোৱা হয় আৰু সম্পত্তিৰ বা উপাধিৰ উত্তৰাধিকাৰ জড়িত থাকে। এনে ব্যৱস্থা সাধাৰণতে দেখা পোৱা পিতৃপ্ৰধান প্ৰথাতকৈ বেলেগ য'ত পৰিয়ালৰ পৰিচয় মূল পুৰুষজনৰ পৰা আহে। খাচি, গাৰো আৰু মেঘালয়ৰ আন আন উপগোটসমূহৰ মাজত অতীতৰে পৰা মাতৃবংশীয় সমাজ ব্যৱস্থা চলি আহিছে। খাচিসকলৰৰ মাতৃবংশীয় প্ৰথা পৃথিৱীৰ বৃহৎ মাতৃবংশীয় সংস্কৃতিসমূহৰ অন্যতম।

"This system will survive because the people zealously guard this system. It has support from many quarters, including the indigenous religious systems.... The NGOs in Meghalaya also support this system." – C Joshua Thomas, regional director, Indian Council of Social Science Research১

পটভূমি

উত্তৰ-পূব ভাৰতৰ আন বহু জনগোষ্ঠীৰ লগতে মেঘালয় ৰাজ্যৰ খাচিসকলেও মাতৃবংশ প্ৰথা মানি চলে।২ ভিন ভিন ভাষা, আচাৰ-ব্যৱহাৰ থকা কেইবাটাও উপগোষ্ঠীৰ বাবে খাচি জনগোষ্ঠী শব্দটো ব্যৱহাৰ কৰা হয়। এই সকলোবোৰ গোটৰ জনজাতীয় পৰিচয় Ki Hynniew Trep (সাতটা পঁজা) নামেৰে একেই।৩ আনহাতে আচিক লোকসকলৰ বিভিন্ন গোটক গাৰো নামটোৰে সূচোৱা হয়।

খাচিসকলৰৰ মাতৃবংশীয় প্ৰথাক পৃথিৱীৰ "বৰ্তি থকা বৃহৎ মাতৃবংশীয় সংস্কৃতিসমূহৰ" এটা বুলি অভিহিত কৰা হৈছে।৪ খাচি, গাৰো আৰু আন আন গোটসমূহ মেঘালয়ৰ লগতে অসম আৰু বাংলাদেশৰ সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰে। পূব এছিয়াৰ মন-মাৰ লোকসকলক খাচিসকলৰ পূৰ্বপুৰুষ বুলি বিশ্বাস কৰা হয়। খাচি আৰু আন উপগোটসমূহৰ মাতৃবংশীয় প্ৰথা ভাৰতত অদ্বিতীয়। তেওঁলোকৰ লোকবিশ্বাস, কিংবদন্তি আৰু উৎপত্তিৰ কাহিনীবোৰত মাতৃবংশৰ কথাক গুৰুত্ব দিয়া হৈছে।৫ যুদ্ধলৈ যোৱা খাচি ৰজাসকলে পৰিয়ালৰ দায়িত্ব মহিলাক দি থৈ গৈছিল আৰু সেইবাবে সমাজত মহিলাৰ ভূমিকা অতীজৰে পৰা সন্মানীয় লৈ পৰিছে।২১ হিন্দু মহাকাব্য মহাভাৰতত উল্লেখিত নাৰী ৰাজ্যৰ খাচী আৰু জয়ন্তীয়া পাহাৰ আৰু মেঘালয়ৰ মাতৃবংশ প্ৰথাৰ লগত সম্পৰ্ক থাকিব পাৰে।৬৭ ২০০৪ চনৰ এক প্ৰতিবেদন অনুসৰি মেঘালয়ৰ জনজাতিসমূহৰ মাতৃবংশীয় বৈশিষ্ট্য কিছু পৰিমাণে নাইকিয়া হৈ আহিছে।৮

অধিকাৰ, ভূমিকা আৰু দায়িত্ব

মেঘালয়ৰ মাতৃপ্ৰধান সমাজত নাৰীৰ ভূমিকা প্ৰধান। পৰিয়ালৰ নুমলীয়া জীয়ৰী Ka Khadduhএ সকলো সম্পত্তিৰ অধিকাৰ পায়।৯ বিবাহৰ পাছত জোঁৱাই শাহুৱেকৰ ঘৰত থাকিব লাগে। সন্তানসকলে মাকৰ উপাধি লিখে। কোনো লোকৰ কন্যা সন্তান জন্ম নহ'লে তেওঁলোকে ছোৱালী এজনী তুলি লয় আৰু সম্পত্তিৰ উত্তৰাধিকাৰ তাইলৈ হস্তান্তৰ কৰে। ল'ৰা সন্তান জন্মৰ বিপৰীতে কন্যা সন্তানৰ জন্ম উদ্‌যাপন কৰা হয়।২ নাৰী এগৰাকীয়ে পুনৰ্বিবাহ কৰিলে বা বিবাহ বহিৰ্ভূত ভাৱে সন্তান জন দিলে সামাজিক অপবাদৰ বলি নহয়। "Khasi Social Custom of Lineage Act" নিয়মে তেওঁলোকক সুৰক্ষা দিয়ে। কেতিয়াবা কোনো নাৰীয়ে অন্য জনগোষ্ঠীৰ পুৰুষো বিয়া কৰায়।১ খাচি সমাজৰ সফল মহিলাসকলে অনুভৱ কৰে যে তেওঁলোকৰ "সামাজিক ব্যতিক্ৰমে" সফল হোৱাত সৰ্বতোপ্ৰকাৰে সহায় কৰে।৯ প্ৰায়বোৰ সৰু-সুৰা ব্যৱসায়ৰ দায়িত্ব মহিলাসকলেই লয়।১

১৯৯৪ চনত বীণা আগৰৱালে গাৰো আৰু খাচিসকলৰ বিশিষ্ট্যৰ তুলনামূলক অধ্যয়ন কৰিছিল। তেওঁ জনায় যে গাৰোসকলৰ মাজতো মাতৃবংশীয় উত্তৰাধিকাৰ, বিবাহৰ পাছত মাতৃৰ ঘৰত বা কাষতে বাসৰ প্ৰথা, সম্পৰ্কীয় লোকৰ মাজত বিবাহৰ পচন্দ, প্ৰাক্‌-বৈবাহিক যৌনমিলন আদিৰ প্ৰচলন আছে, কিন্ত নাৰীৰ ব্যভিচাৰক শাস্তি দিয়া হয়। আনহাতে খাচিসকলৰ মাজত মাতৃবংশীয় উত্তৰাধিকাৰ, বিবাহৰ পাছত মাতৃৰ ঘৰত বা কাষতে বাসৰ প্ৰথা আৰু দ্বি-বাসস্থান (পত্নীয়ে মাক-দেউতাকৰ লগতে বাস কৰে আৰু গিৰিয়েকে অন্য ঘৰত বাস কৰে)ৰ নিয়ম আছে। সম্পৰ্কীয় লোকৰ মাজত বিবাহৰ বিৰূপ ভাব আছে। খাচি নাৰীৰো প্ৰাক্‌-বৈবাহিক যৌনমিলন মানি লোৱা হয় কিন্তু ব্যভিচাৰক শাস্তি দিয়া হয়।১০

সন্তানৰ চোৱা-চিতাৰ দায়িত্ব মাক বা শাহুৱেকৰ।১১ সম্পত্তিৰ উত্তৰাধিকাৰ লাভ কৰা কনিষ্ঠ জীয়েকে মাক-দেউতাকৰ বৃদ্ধ বয়সত যত্ন ল'ব লাগে আৰু ভায়েক-ভনীয়েকৰো পঢ়া-শুনা বা অন্য দায়িত্ব গ্ৰহণ কৰিব লাগে।২১

কিছুমান খাচি পুৰুষে এনে সমাজত নিজকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক জ্ঞান কৰে। তেওঁলোকে পুৰুষৰ সম-অধিকাৰ বিচাৰি Syngkhong Rympei Thymmai২১ আৰু Sam Kam Rin Ku Mai (সামাজিক পুনৰ্গঠন সংঘ)ৰ দৰে সংস্থা গঠন কৰিছে। তেওঁলোকে প্ৰকাশ কৰে যে "খাচি পুৰুষৰ কোনো সুৰক্ষা নাই, তেওঁলোকৰ মাটিৰ অধিকাৰ নাই, তেওঁলোকে পাৰিবাৰিক ব্যৱসায় চলাব নোৱাৰে আৰু কোনো কামতে গ্ৰহণযোগ্য নহয়।”২

মেঘালয়ৰ সমাজ মাতৃবংশীয় হ'লেও মাতৃপ্ৰধান নহয়। আগৰ ৰজাৰ দিনত ৰজাৰ নুমলীয়া ভনীৰ পুত্ৰ‌ই ৰাজ্যৰ শাসনভাৰ লাভ কৰিছিল। এতিয়াও মেঘালয় বিধানসভা বা পঞ্চায়তত নাৰীৰ অংশগ্ৰহণ নূন্যতম।১১ ২০১৩ চনত মেঘালয় বিধানসভাৰ ৬০ গৰাকী সদস্যৰ মাত্ৰ পাঁচগৰাকী মহিলা। জনজাতিৰ মুখ্য ৰাজনৈতিক বিভাগ Dorbar Shnongত মহিলাক কোনো দায়িত্ব দিয়া নহয়।১ কিন্তু মহিলাসকলে অনুভৱ কৰে যে তেওঁলোকে পুৰুষতকৈ টকা-প‌ইছাৰ দায়িত্ব ভালদৰে পালন কৰে আৰু সেইবাবে অৰ্থনৈতিক স্বাধীনতা উপভোগ কৰে।১২

গ্ৰন্থপঞ্জী

তথ্যসূত্ৰ

  1. ↑ Bhaumik, Subir. (16 Oct 2013). Meghalaya: Where women call the shots. Aljazeera
  2. ↑ Rimmer, Sandra. The ancient Indian tribe where the women are in charge and activists lobby for men’s rights. Planet Earth & its Life Forms
  3. ↑ Schweizer White 1998
  4. ↑ Laird, T. A woman's world: Meghalaya, India – matrilineal culture. ICIMOD
  5. ↑ Sen 2004, পৃ. 48
  6. ↑ Mann 1996, পৃ. 42-43
  7. ↑ Gupta 1984, পৃ. 7
  8. ↑ Lyndem De 2004, পৃ. 280
  9. ↑ Allen, Timothy. (19 January 2012). Meghalaya, India: Where women rule, and men are suffragettes. BBC News
  10. ↑ Agarwal 1994, পৃ. 141
  11. ↑ Bouissou, Julien. (18 January 2011). Where women of India rule the roost and men demand gender equality. The Guardian
  12. ↑ Kirkpatrick, Nick. (17 April 2015). Kingdom of girls: Women hold power in this remote Indian village. The Washington Post

সম্পৰ্কিত শ্ৰেণী

নৃতত্বমেঘালয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেঘালয়ৰ মাতৃবংশীয় সমাজ” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৮৭ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।