অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেঘনা ৰেড্ডী

মেঘনা ৰেড্ডী (Meghna Reddy; জন্ম: ২৪ অক্টোবৰ ১৯৭৫) অন্ধ্ৰপ্ৰদেশৰ এগৰাকী ভাৰতীয় মডেল আৰু প্ৰাক্তন টেলিভিছন উপস্থাপিকা। ১৯৯০-ৰ দশকৰ মাজভাগত তেওঁ চেনেল ভি-ৰ 'মাংতা হ্যায়' অনুষ্ঠানটোৰ সহ-উপস্থাপনা কৰাৰ বাবে পৰিচিত আছিল।

হালনাগাদ: ৩০ এপ্ৰিল ২০২৬ ২২৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মেঘনা ৰেড্ডী (Meghna Reddy; জন্ম: ২৪ অক্টোবৰ ১৯৭৫) অন্ধ্ৰপ্ৰদেশৰ এগৰাকী ভাৰতীয় মডেল আৰু প্ৰাক্তন টেলিভিছন উপস্থাপিকা।১ ১৯৯০-ৰ দশকৰ মাজভাগত তেওঁ চেনেল ভি-ৰ 'মাংতা হ্যায়' অনুষ্ঠানটোৰ সহ-উপস্থাপনা কৰাৰ বাবে পৰিচিত আছিল।২

প্ৰাৰম্ভিক জীৱন

ৰেড্ডীৰ জন্ম অন্ধ্ৰপ্ৰদেশৰ ৰাজামুন্দ্ৰীত হৈছিল,৩ কিন্তু তেওঁ বোম্বাইত (বৰ্তমান মুম্বাই) ডাঙৰ-দীঘল হৈছিল। তেওঁৰ পিতৃ চিন্তাপলি ৰেড্ডী এজন তেলেগু ব্যৱসায়ী আছিল আৰু মাতৃ এগৰাকী মাংগালোৰীয় কোংকণী মহিলা।৪৫ তেওঁ বৰ্তমান নিউয়ৰ্কত বাস কৰে। তেওঁৰ মাতৃ নক্ষত্ৰ এগৰাকী অণুজীৱবিজ্ঞানী আছিল আৰু এটা বেচৰকাৰী সংস্থাৰ সৈতে কাম কৰিছিল।৬ তেওঁৰ দুগৰাকী ভগ্নী আছে; ৭ জ্যেষ্ঠগৰাকী সুষমা ৰেড্ডী এজন প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী,৮ আৰু কনিষ্ঠগৰাকী সমীৰা ৰেড্ডী এগৰাকী বলিউডৰ অভিনেত্ৰী তথা মডেল।৯১০ ২০০৮ চনৰ ১২ ডিচেম্বৰত ৰেড্ডী গ্ৰীচত গ্ৰীক ব্যৱসায়ী এৰিয়েল মিঅ'নিছৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ৰেড্ডীয়ে তেওঁৰ স্বামীক এজন শিল্পী, কবি, ফটোগ্ৰাফাৰ আৰু চিত্ৰকৰ হিচাপে বৰ্ণনা কৰিছে।১১

কেৰিয়াৰ

ৰেড্ডী এগৰাকী প্ৰাক্তন ভিজে, যিয়ে নব্বৈৰ দশকৰ মাজভাগত চেনেল ভি-ত 'মাংতা হ্যায়' অনুষ্ঠানটোৰ সহ-উপস্থাপনা কৰিছিল। বহু বছৰ ধৰি ভিজে হিচাপে কাম কৰাৰ পাছত তেওঁ উন্নত সুযোগৰ সন্ধানত ইংলেণ্ডলৈ যায়। তেওঁ মেচিছ, টমি হিলফীগাৰ আৰু চিচলে আদিৰ দৰে মেইল কেটেলগৰ প্ৰচাৰত অংশ লৈছিল।১২ ২০০২ চনৰ ছেপ্টেম্বৰ মাহত ডিজাইনাৰ ডায়েন ভন ফাৰষ্টেনবাৰ্গৰ হৈ ৰেম্পত খোজ দি তেওঁ নিউয়ৰ্কৰ ফেশ্বন জগতত আত্মপ্ৰকাশ কৰে।১৩ ২০০৩ চনৰ বলিউডৰ ইৰ’টিক থ্ৰিলাৰ ছবি বুমত তেওঁক অভিনয়ৰ বাবে নিৰ্বাচন কৰা হৈছিল যদিও মাজভাগতে তেওঁ কামটো এৰি দিয়ে আৰু তেওঁৰ ঠাইত কেটৰিনা কাঈফক স্থলাভিষিক্ত কৰা হয়।১৪ ১৯৯৯ চনৰ আগষ্ট মাহৰ নেশ্যনেল জিঅ’গ্ৰাফিক আলোচনীৰ বেটুপাতত গোলকীয় সংস্কৃতি বিভাগৰ এটা প্ৰবন্ধৰ সৈতে তেওঁক স্থান দিয়া হৈছিল।১

তথ্যসূত্ৰ

  1. ↑ Mumbai (Bombay), India, Sari and Catsuit, 1999, Photo of the Day, Picture, Photography, Wallpapers - National Geographic. photography.nationalgeographic.com
  2. ↑ (1997-08-11). Meghana Reddy back on Channel V's Mangta Hai. India Today
  3. ↑ Meghna Reddy Age, Movies, Biography, Photos. chiloka.com
  4. ↑ (21 October 2011). Spicing it up
  5. ↑ Reddy-made memories, Lifestyle — Leisure — Pune Mirror, Pune Mirror. Punemirror.in
  6. ↑ All in the family
  7. ↑ Mukherjee, Richa. (29 March 2023). Sameera Reddy On Coping With Her Parents Ageing: "I Definitely Wasn't Ready". NDTV.com
  8. ↑ Sameera Reddy Reveals A Secret About Her Casting In Pankaj Udhas' 1998 Song Aur Ahista. www.ndtv.com
  9. ↑ (2008-02-09). Why star siblings don't make it big. The Times of India
  10. ↑ The Hindu: Metro Plus Kochi / Cinema: Reddy reckoner. www.hindu.com
  11. ↑ (2008-12-29). Three marriages in seven minutes!. The Times of India
  12. ↑ Pereira, Dayle. (17 January 2018). Kirat Young To Meghna Reddy: 9 Indian Models Who Made It Big Abroad. NDTV Life Style
  13. ↑ (2002-09-25). Meghana sizzles on New York ramp. The Times of India
  14. ↑ This 2003 flop film featured 5 stars, actress gave kissing scenes with villain, producer went bankrupt, had to sell her furniture, sleep on.. www.india.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেঘনা ৰেড্ডী” প্ৰবন্ধৰ সংশোধন ৬০৩৫৮৩ (৩০ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।