অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মুছাৰাত নাজিৰ

মুছাৰাত নাজিৰ খোৱাজা (ইংৰাজী: Musarrat Nazir Khawaja; জন্ম: ১৩ অক্টোবৰ ১৯৪০) এগৰাকী পাকিস্তানী গায়িকা আৰু চলচ্চিত্ৰ অভিনেত্ৰী৷ তেওঁ বহু কেইখন উৰ্দু আৰু পঞ্জাবী ছবিত অভিনয় কৰিছিল।

হালনাগাদ: ২৬ ফেব্ৰুৱাৰী ২০২৫ ১০৭ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

মুছাৰাত নাজিৰ খোৱাজা (ইংৰাজী: Musarrat Nazir Khawaja; জন্ম: ১৩ অক্টোবৰ ১৯৪০) এগৰাকী পাকিস্তানী গায়িকা আৰু চলচ্চিত্ৰ অভিনেত্ৰী৷ তেওঁ বহু কেইখন উৰ্দু আৰু পঞ্জাবী ছবিত অভিনয় কৰিছিল।১ তেখেতক দ্য ছিলভাৰ স্ক্ৰীণছ স্পাৰ্কলিং ষ্টাৰ বুলিও জনা যায় আৰু ১৯৫০ আৰু ১৯৬০ চনৰ সময়ছোৱাত চিনেমা অৱ পাকিস্তানত অভিনয় কৰা চৰিত্ৰটোৰ বাবে তেওঁক স্বীকৃতি দিয়া হয়।২ বহু বছৰৰ পাছত তেওঁ একক গীতো গাইছিল, ইয়াৰ বেছিভাগেই আছিল বিবাহৰ গীত আৰু লোকগীত৷৩

প্ৰাৰম্ভিক জীৱন

লাহোৰৰ কাশ্মীৰী মূলৰ এটা মধ্যবিত্ত পৰিয়ালত মুছাৰাত নাজিৰৰ জন্ম হৈছিল।৪ তেওঁৰ পিতৃ খাজা নাজিৰ আহমেদে লাহোৰ পৌৰ নিগমত পঞ্জীয়নভুক্ত ঠিকাদাৰ হিচাপে কাম কৰিছিল।৪৩ জীৱনৰ আৰম্ভণিতে তেওঁৰ পিতৃ-মাতৃয়ে তেওঁ চিকিৎসক হোৱাটো বিচাৰিছিল, আৰু তেওঁক সামৰ্থ্য অনুসৰি শিক্ষা প্ৰদান কৰিছিল। মুছাৰাটে প্ৰৱেশিকা পৰীক্ষাত (দশম শ্ৰেণী) সুখ্যাতিৰে উত্তীৰ্ণ হয় আৰু লাহোৰৰ কিনাইৰ্ড কলেজৰ পৰা উচ্চ মাধ্যমিক পৰীক্ষাত (দ্বাদশ শ্ৰেণী) উত্তীৰ্ণ হয়।৪৩

কৰ্মজীৱন

সংগীতৰ প্ৰতি যথেষ্ট আগ্ৰহী নাজিমে ১৯৫০ চনৰ পৰা ৰেডিঅ’ পাকিস্তানৰ বাবে গীত গাবলৈ আৰম্ভ কৰিছিল। কিন্তু ৰেডিঅ’ৰ পৰা পোৱা ধন পৰ্যাপ্ত নোহোৱাৰ বাবে তেওঁ ১৯৫৫ চনত চলচ্চিত্ৰ পৰিচালক আনোৱাৰ কমল পাছাৰ ওচৰলৈ যায়। তেওঁৰ চলচ্চিত্ৰত গীত গোৱাৰ ইচ্ছাৰ কথা পাছাক অৱগত কৰে। তাৰ পৰিৱৰ্তে পাছাই তেওঁক অভিনেত্ৰী হোৱাৰ পৰামৰ্শ দিলে। মুছাৰাটক মাক-দেউতাকৰ অনুমোদনৰ প্ৰয়োজন আছিল। পাছাই মুছাৰাটৰ পিতৃক লগ কৰিছিল আৰু তেওঁক চলচ্চিত্ৰ জগতত গায়িকা আৰু অভিনেত্ৰী হিচাপে কাম কৰিবলৈ অনুমতি দিয়াৰ বাবে পতিয়ন নিয়াইছিল।৫ পাছাই মুছাৰাতৰ নাম সলনি কৰি পেছাদাৰী নাম চান্দনী কৰি তেওঁৰ ছবিত এটা পাৰ্শ্ব চৰিত্ৰত অভিনয়ৰ বাবে চুক্তি কৰে।২

বঁটা

বৰ্ষবঁটাশ্ৰেণীফলাফলশিৰোনামতথ্যসূত্ৰ
১৯৫৮নিগাৰ বঁটা | | rowspan="3"|শ্ৰেষ্ঠ অভিনেত্ৰী | | | | জেহৰ-ই-ইস্ক | |৩ |- | ১৯৫৯ | | | | জুমেৰ | |৩ |- | ১৯৬২ | | | | সাহিদ | |৩ |- | ১৯৮৯ | | প্ৰাইড অৱ পাৰ্ফমেন্স | | পাকিস্তানৰ চৰকাৰী বঁটা | | | | চলচ্চিত্ৰ উদ্যোগৰ বাবে দিয়া অৱদানৰ বাবে''৩

তথ্যসূত্ৰ

  1. ↑ (March 5, 2016). مسرت نذیر. Dunya News
  2. ↑ (July 1, 2020). Mussarat Nazir: The Silver Screen's Sparkling Star. Youlin Magazine
  3. ↑ Amjad Parvez. (31 August 2019). Musarrat Nazir: the iconic heroine – Part II. Daily Times newspaper
  4. ↑ Khalid Hasan. (18 March 2005). Looking for Musarrat Nazir (her Profile). Academy of the Punjab in North America (APNA) via The Friday Times newspaper
  5. ↑ Amjad Parvez. (29 August 2019). Musarrat Nazir: the iconic heroine - Part I. Daily Times newspaper

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুছাৰাত নাজিৰ” প্ৰবন্ধৰ সংশোধন ৪৮৩১৪৭ (২৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।