মিল এণ্ডছ পাৰ্ক (Mill Ends Park)১ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডাউনটাউনৰ এচডব্লিউ টেইলৰ ষ্ট্ৰীটৰ ওচৰৰ উইলামেট নদীৰ কাষৰ টম মেককল ৱাটাৰফ্ৰণ্ট পাৰ্কৰ কাষত এচডব্লিউ নেইট' পাৰ্কৱেৰ মধ্যৱৰ্তী ষ্ট্ৰিপত অৱস্থিত পৰ্টলেণ্ড, অৰেগনৰ এখন সৰু নগৰীয়া উদ্যান। এই উদ্যানখন এজোপা গছৰে গঠিত। উদ্যানখনৰ দৈৰ্ঘ্য ২ ফুট (০.৬১ মিটাৰ) এটা সৰু বৃত্তৰ এই পাৰ্কখনৰ মুঠ আয়তন ৪৫২ বৰ্গ ইঞ্চি (০.২৯২ মিটাৰ)। ১৯৭১ চনত প্ৰথমবাৰৰ বাবে এই স্বীকৃতি প্ৰদান কৰা গিনিজ বুক অৱ ৰেকৰ্ডছৰ মতে ই বিশ্বৰ আটাইতকৈ সৰু উদ্যান যদিও ২০২২ চনত এই অভিলেখৰ কৃতিত্ব অৰেগনৰ টেলেণ্টৰ ৭৮ বৰ্গ ইঞ্চি (৫০০ চে.মি )ৰ আন এখন উদ্যানক দিয়া হয়।২৩
ইতিহাস

১৯৪৮ চনত মিল এণ্ডছ পাৰ্কৰ নাম আছিল দক্ষিণ-পশ্চিম ফ্ৰণ্ট এভিনিউ। ঠাইকনত এটা পোহৰৰ খুঁটাৰ বাবে গাত খন্দা হৈছিল। অৱশ্যে উক্ত স্থানত খুঁটাটো নোপোতাত গাতটোত অপতৃণ গজি উঠিল, এইকথা অৰেগন জাৰ্নেলৰ স্তম্ভলেখক ডিক ফেগানে মন কৰিছিল। তেওঁ গাঁতটোত এজোপা ফুল ৰোপণ কৰি তেওঁৰ কাকতত লিখা নিৰ্দিষ্ট লেখাৰ শিৰোনাম "মিল এণ্ডছ"ৰে উক্ত স্থানৰ নামকৰণ কৰিলে, (এটা বাকী থকা অনিয়মিত টুকুৰাৰ উল্লেখ কাঠৰ মিলত কাঠ)।৪ তেওঁ এইস্থানক পৃথিৱীৰ একেবাৰে সৰু উদ্যান বুলি প্ৰচাৰো চলাইছিল।
ডিক ফাগান আইৰিচ বংশোদ্ভূত আছিল। তেওঁ ভাষ্য অনুসৰি এই উদ্যান আছিল আয়াৰলেণ্ডৰ পশ্চিমে একমাত্ৰ লেপ্ৰিকন কলনি। ১৯৭৬ চনত উদ্যানখন আইৰিচ সাধু পেট্ৰিকৰ স্মৰণত উদযাপিত 'সাধু পেট্ৰিক দিৱস' উপলক্ষে উৎসৰ্গা কৰা হৈছিল।৫
তথ্যসূত্ৰ
- ↑ Oregon.com
- ↑ Young, Amalie. (May 6, 2001). One step and you've left Mill Ends Park. Los Angeles Times. Associated Press
- ↑ Rothborne, Morgan. (June 30, 2022). Talent unveils tiniest park on Earth. Mail Tribune
- ↑ Whose Bright Idea Was It to Claim Portland Has the World's Smallest Park?. Willamette Week
- ↑ City of Portland. Portland Parks and Recreation: Mill Ends Park
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিল এণ্ডছ পাৰ্ক” প্ৰবন্ধৰ সংশোধন ৩৮২৬৪০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।